​শিশুক মোবাইল দিয়াৰ পূৰ্বে এবাৰ ভাবক

শিশুক মোবাইল দিয়াৰ অপকাৰিতা বৰ্তমানৰ অতি ব্যস্ততাপূৰ্ণ জীৱনশৈলীত আমাৰ সকলোৰে বাবে ‘সময়’ এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। ঘৰুৱা কামেই হওক বা অফিচৰ জৰুৰী কাম, নিজকে অলপ সময় দিবলৈ আমি প্ৰায়েই আমাৰ ঘৰৰ সৰু ছোৱালীজনী বা ল’ৰাটোৰ হাতত মোবাইল ফোনটো তুলি দিওঁ। মুহূৰ্তৰ বাবে শিশুটি শান্ত হৈ পৰে আৰু আমি আমাৰ কামবোৰ নিয়াৰিকৈ কৰিবলৈ সুবিধা পাওঁ। কিন্তু আপুনি জানেনে, আপোনাৰ এই সামান্য সময়ৰ সকাহে শিশুটিৰ মানসিক আৰু শাৰীৰিক জগতখনত কেনেধৰণৰ প্ৰভাৱ পেলাইছে ?​ যি বয়সত শিশুৱে খেলনাৰে খেলিব লাগে বা প্ৰকৃতিৰ লগত চিনাকি হ’ব লাগে, সেই বয়সত তেওঁলোকক ডিজিটেল পৃথিৱীৰ আৱৰ্তত বন্দী কৰি আমি জানো তেওঁলোকৰ শৈশৱটো চুৰি কৰা নাই ? কেৱল আমাৰ ব্যক্তিগত ব্যস্ততাৰ বাবে শিশুক মোবাইলৰ নিচাত আসক্ত কৰোৱাৰ পূৰ্বে ইয়াৰ পৰিণামসমূহ এবাৰ গভীৰভাৱে চিন্তা কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।

শিশুক মোবাইল দিয়াৰ অপকাৰিতা

১. মনোযোগ আৰু ধৈৰ্য্যৰ অভাৱ

​মোবাইলত অতি দ্ৰুতগতিৰে সলনি হোৱা দৃশ্যবোৰ চাই শিশুসকল অভ্যস্ত হৈ পৰে। ইয়াৰ ফলত সিহঁতৰ মনোযোগ দিয়াৰ ক্ষমতা (Attention span) কমি যায়। বাস্তৱ জীৱনৰ পঢ়া-শুনা বা আন কামবোৰ মোবাইলৰ দৰে ইমান দ্ৰুত নহয়, যাৰ বাবে শিশুটি অতি সোনকালে বিৰক্ত হয় আৰু ধৈৰ্য্য হেৰুৱাই পেলায়।

​২. সামাজিক দক্ষতাৰ হ্ৰাস

​সৰু কালছোৱা হ’ল মানুহৰ লগত মিলা-মিছা কৰিবলৈ শিকাৰ সময়। কিন্তু মোবাইলত ব্যস্ত থকা শিশুৱে কাষত থকা মানুহজনৰ সৈতে কথা পতা বা খেলা-ধুলা কৰাতকৈ স্ক্ৰীণখনত বেছি গুৰুত্ব দিয়ে। ইয়াৰ ফলত সিহঁতৰ ভাষা জ্ঞান আৰু সামাজিক যোগাযোগৰ দক্ষতা সঠিকভাৱে গঢ় লৈ নুঠে।​

৩. শাৰীৰিক সমস্যা​

একেৰাহে মোবাইল চাই থকাৰ ফলত শিশুৰ চকুৰ দৃষ্টিশক্তিৰ ওপৰত প্ৰচণ্ড চাপ পৰে। ইয়াৰ উপৰি, মোবাইলত ব্যস্ত থাকিলে শাৰীৰিক লৰচৰ বা খেলা-ধুলা কমি যায়, যাৰ ফলত কম বয়সতে মেদবহুলতা (Obesity), ডিঙিৰ বিষ বা অনিদ্ৰাৰ দৰে সমস্যাই দেখা দিয়ে।

​৪. আৱেগিক খেলিমেলি আৰু জেদী স্বভাৱ​

বহু সময়ত শিশুৱে মোবাইলত কি চাই আছে, সেইটো নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে। কাৰ্টুন বা গেমত থকা হিংসাত্মক দৃশ্যই শিশুৰ কোমল মনত বিৰূপ প্ৰভাৱ পেলায়। যেতিয়াই তেওঁলোকৰ পৰা মোবাইলটো কাঢ়ি লোৱা হয়, তেওঁলোকে অতিমাত্ৰা খং কৰা বা জেদ ধৰা আৰম্ভ কৰে, যাক “ডিজিটেল ড্ৰাগছ”ৰ নিচাৰ দৰেই গণ্য কৰিব পাৰি।

​৫. সৃষ্টিশীলতা বাধাৰ সন্মুখীন হোৱা

শিশুৱে যেতিয়া অকলশৰীয়া অনুভৱ কৰে, তেতিয়া তেওঁলোকে নতুন কিবা এটা ভাবিবলৈ বা কৰিবলৈ চেষ্টা কৰে। কিন্তু সেই খালী সময়খিনি যদি মোবাইলত পাৰ কৰে, তেন্তে তেওঁলোকৰ মগজুৱে নতুন কথা চিন্তা কৰাৰ সুযোগ নাপায়। ইয়াৰ ফলত শিশুটিৰ স্বাভাৱিক সৃষ্টিশীলতা (Creativity) লাহে লাহে ম্লান হৈ পৰে।

অভিভাৱকসকলৰ প্ৰতি কেইটামান গুৰুত্বপূৰ্ণ কথা

মগজুৰ বিকাশৰ সময়: জন্মৰ পৰা ৫ বছৰ বয়স লৈকে শিশুৰ মগজুৰ বিকাশ আটাইতকৈ দ্ৰুতগতিত হয়। এই সময়ত তেওঁলোকে চুই চাই, খোজ কাঢ়ি আৰু মানুহৰ লগত কথা পাতিহে জগতখন চিনি পাব লাগে। কিন্তু মোবাইলৰ স্ক্ৰীণত আবদ্ধ হৈ পৰিলে তেওঁলোকৰ এই স্বাভাৱিক বিকাশ স্তব্ধ হৈ পৰে।

​ভাষা জ্ঞানৰ সমস্যা: বহু ক্ষেত্ৰত দেখা গৈছে যে যিবোৰ শিশুৱে ২-৩ বছৰ বয়সত বেছি মোবাইল চায়, তেওঁলোকে কথা কওঁতে পলম কৰে। কাৰণ মোবাইলত তেওঁলোকে কেৱল শুনে, উত্তৰ দিয়াৰ সুযোগ নাপায়। ইয়াৰ ফলত শিশুৰ সামাজিক যোগাযোগৰ ক্ষমতা কমি যায়।​

চকুৰ অপূৰণীয় ক্ষতি: সৰু ল’ৰা-ছোৱালীৰ চকুৰ মণি খুবেই কোমল। মোবাইলৰ নীল পোহৰে (Blue Light) তেওঁলোকৰ দৃষ্টিশক্তিৰ চিৰস্থায়ী ক্ষতি কৰিব পাৰে, যাৰ ফলত অতি কম বয়সতে চশমা লগাৰ সম্ভাৱনা বৃদ্ধি পায়।

​নিচাৰ দৰে আসক্তি: আপুনি ভাবিব পাৰে যে শিশুটিয়ে মোবাইলত কিবা শিকিছে, কিন্তু আচলতে তেওঁ মোবাইলৰ নিচাতহে পৰিছে। এই নিচা ইমান ভয়ানক যে পাছলৈ মোবাইল অবিহনে তেওঁলোকে খাবলৈ নিবিচাৰে বা শুবলৈ নিবিচাৰে, যিটো তেওঁলোকৰ মানসিক স্বাস্থ্যৰ বাবে বিপদজনক।​

সৃষ্টিশীলতাৰ মৃত্যু: ২-৩ বছৰ বয়সত শিশুৱে মাটি-বালিৰে খেলিব লাগে বা কিবা ভাঙি-পাতি নতুনকৈ সাজিবলৈ শিকিব লাগে। কিন্তু মোবাইলৰ ৰঙীন পৃথিৱীখনে তেওঁলোকক ইমান আলস্য কৰি পেলায় যে তেওঁলোকৰ নিজাকৈ চিন্তা কৰাৰ শক্তিয়ে নাইকিয়া হৈ যায়।

মোবাইলটো কাঢ়ি লোৱাৰ পাছত শিশুটি আমনি পাব পাৰে, সেয়েহে তেওঁলোকক এনে কিছুমান বস্তু দিব লাগে যিবোৰে তেওঁলোকৰ মগজু আৰু শৰীৰ দুয়োটাকে সক্ৰিয় কৰি ৰাখে

১. সৃজনীমূলক খেলনা (Creative Toys)বিল্ডিং ব্লক বা লেগ’ (Building Blocks/Lego) এইবোৰেৰে কিবা এটা সাজিবলৈ দিলে শিশুৰ চিন্তা কৰাৰ শক্তি বাঢ়ে। তেওঁলোকে নিজৰ মতে নতুন নতুন বস্তু সাজিবলৈ চেষ্টা কৰোঁতে তেওঁলোকৰ মনোযোগ গভীৰ হয়।​ মাটিৰ পুতলা বা ক্লে (Clay Art) ৰঙীন ক্লে বা আটাৰ মণ্ড দি বিভিন্ন বস্তু সাজিবলৈ দিলে হাতৰ আঙুলিৰ সঞ্চালন (Fine Motor Skills) ভাল হয় আৰু তেওঁলোকে সৃষ্টি কৰি আনন্দ পায়।

​২. ৰং-পেন্সিল আৰু কাগজ: ​শিশুক এখন ডায়েৰী বা ড্ৰয়িং বুক আৰু কেইটামান ৰং পেন্সিল দিয়ক। তেওঁলোকে যি মন যায় তাকে আঁকিবলৈ দিয়ক। ইয়াৰ দ্বাৰা তেওঁলোকৰ মনৰ ভাববোৰ প্ৰকাশ পায় আৰু মোবাইলৰ ৰঙীন স্ক্ৰীণৰ প্ৰতি থকা মোহ কমি আহে।

৩. চিত্ৰ থকা সাধু কথাৰ কিতাপ:​ ডাঙৰ ডাঙৰ আৰু ৰঙীন ছবি থকা সাধু কিতাপ পঢ়িবলৈ বা চাবলৈ দিয়ক। ছবিবোৰ দেখিলে তেওঁলোকৰ কল্পনা শক্তি বাঢ়ে। আপুনি কাম কৰি থকাৰ মাজতে মাজে মাজে ছবিখনত কি আছে সুধি থাকিলে তেওঁলোকৰ কথা কোৱাৰ শৈলীও উন্নত হ’ব।

​৪. ঘৰুৱা কামত অংশগ্ৰহণ:​ আপুনি কিবা কাম কৰি থাকিলে তেওঁলোককো সৰু সৰু দায়িত্ব দিয়ক। যেনে— “এই কাপোৰখন জাপি দিয়াচোন” বা “পানীৰ বটলটো লৈ আনাচোন”। ইয়াৰ দ্বাৰা তেওঁলোকে নিজকে গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰে আৰু কামৰ প্ৰতি আগ্ৰহ বাঢ়ে।​

৫. প্ৰকৃতিৰ সৈতে পৰিচয়: ​যদি সম্ভৱ হয়, তেওঁলোকক ঘৰৰ চোতালত বা বেলকনিত থকা গছ-লতাৰ মাজত খেলিবলৈ দিয়ক। মাটি-বালি বা গছৰ পাতৰ সৈতে খেলাটো শিশুৰ মগজুৰ বিকাশৰ বাবে মোবাইলৰ ভিডিঅ’তকৈ হাজাৰ গুণ বেছি ফলদায়ক।

৬. শব্দ কৰা বা লৰচৰ কৰা খেলনা:​ সৰু ল’ৰা-ছোৱালীৰ বাবে বল, চকা থকা গাড়ী বা শব্দ কৰা খেলনাবোৰ বহুত আকৰ্ষণীয়। এইবোৰৰ পিছে পিছে দৌৰিলে তেওঁলোকৰ শাৰীৰিক ব্যায়াম হয় আৰু টোপনিও ভাল হয়।

শিশুক কেৱল খেলনাটো দিলেই নহ’ব, মাজে মাজে তেওঁলোকৰ খেলটোৰ প্ৰতি সঁহাৰি জনাব লাগে। আপোনাৰ অলপ উৎসাহ আৰু মৰমে তেওঁলোকক মোবাইলৰ নিচাৰ পৰা সম্পূৰ্ণ আঁতৰাই ৰাখিব পাৰে।

পিতৃ-মাতৃৰ বাবে এক কঠোৰ বাস্তৱ

নিজৰ হাতৰে দিয়া বিষ: যেতিয়া শিশুটি সৰু আছিল, তেতিয়া আপুনি নিজৰ কামৰ পৰা আজৰি পাবলৈ বা শিশুটিক শান্ত কৰিবলৈ নিজৰ হাতেৰেই মোবাইলটো তুলি দিছিল। আজি যেতিয়া সেই মোবাইলটো শিশুটিৰ নিচাত পৰিণত হ’ল আৰু তাৰ প্ৰভাৱ পৰীক্ষাৰ ফলাফলত পৰিল, তেতিয়া শিশুটিক গালি পৰাটো কিমান দূৰ যুক্তিসংগত ? আপুনি নিজেই যিটো অভ্যাসৰ জন্ম দিছিল, তাৰ বাবে সন্তানক দোষী সজোৱাটো অন্যায়।​

শিপা নেওচি আগলৈ যোৱাৰ চেষ্টা: ২-৩ বছৰ বয়সৰ পৰা যিটো শিশুৱে কিতাপ বা খেলনাৰ সলনি স্ক্ৰীণ চাই ডাঙৰ হ’ল, তেওঁৰ মনোযোগ দিয়াৰ ক্ষমতা স্বাভাৱিকতে কমি যায়। এতিয়া হাইস্কুল বা ওপৰৰ শ্ৰেণীত গৈ তেওঁ যেতিয়া পঢ়াত মন বহাব নোৱাৰে, সেয়া তেওঁৰ ইচ্ছাকৃত ভুল নহয়, বৰঞ্চ সৰুৰে পৰা মগজুটোৱে পোৱা ভুল প্ৰশিক্ষণৰ ফলহে।

​গালি-গালাজ নহয়, দায়িত্ব লওক: পৰীক্ষাত নম্বৰ কম পালে সন্তানক গালি পৰাৰ আগতে এবাৰ নিজক সোধক— “মই সন্তানক কিমান সময় দিছোঁ ?” আমি মোবাইলটো দি তেওঁলোকক অকলশৰীয়া কৰি দিওঁ আৰু পাছত তেওঁলোকৰ পৰা ‘টপাৰ’ হোৱাৰ আশা কৰোঁ। এয়া এজন মালীয়ে গছজোপাত পানী নিদিয়াকৈ ফল আশা কৰাৰ দৰেই কথা।​

সম্পৰ্কৰ দূৰত্ব: নম্বৰৰ বাবে অত্যাধিক গালি-গালাজ কৰিলে শিশুটিৰ মনত ভয় আৰু হীনমন্যতাৰ সৃষ্টি হয়। তেওঁলোকে ভাবিবলৈ লয় যে মাক-দেউতাকে তেওঁতকৈ ” নম্বৰ”ক বেছি ভাল পায়। ইয়াৰ ফলত সন্তান আৰু পিতৃ-মাতৃৰ মাজত মানসিক দূৰত্ব বাঢ়ি যায়, যিটো ভৱিষ্যতৰ বাবে আৰু বেছি বিপদজনক।

আজিৰ সময়ত বহু শিক্ষাৰ্থীয়ে অনলাইন পঢ়াৰ নামত মাক-দেউতাকক একপ্ৰকাৰ ঠগি আছে। হাতত মোবাইলটো লৈ পঢ়ি থকা বুলি দেখুৱাই আচলতে তেওঁলোকে চচিয়েল মিডিয়া বা গেমতহে মগ্ন হৈ থাকে। মাক-দেউতাকে ভাবে ল’ৰা-ছোৱালীয়ে কিবা এটা শিকিছে, কিন্তু আচলতে তেওঁলোকৰ বহুমূলীয়া সময়বোৰ স্ক্ৰীণৰ নিচাত ধ্বংস হৈ গৈছে। এই ফাঁকি পৰীক্ষাৰ ফলাফলত ধৰা পৰে যদিও তেতিয়ালৈ বহুত পলম হৈ যায়।​গতিকে সকলো অভিভাৱকৰ প্ৰতি এক আন্তৰিক অনুৰোধ— সন্তানৰ হাতত কেৱল মোবাইলটো দি নিশ্চিন্ত হৈ নাথাকিব। বছৰটোৰ শেষত বা পৰীক্ষাৰ পাছত হতাশ হোৱাতকৈ, আপুনি মাজে মাজে সন্তানৰ স্কুললৈ যাওক। তেওঁলোকৰ শিক্ষকসকলক ব্যক্তিগতভাৱে লগ কৰক আৰু পঢ়া-শুনাৰ প্ৰকৃত অগ্ৰগতিৰ বিষয়ে খবৰ লওক। শিক্ষকসকলেহে আপোনাক ক’ব পাৰিব যে আপোনাৰ সন্তানে সঁচাকৈয়ে শ্ৰেণীকোঠাত মনোযোগ দিছে নে নাই, নে তেওঁ কেৱল ঘৰত অনলাইন পঢ়াৰ অভিনয়হে কৰিছে।​সন্তানৰ ভৱিষ্যত গঢ়িবলৈ হ’লে কেৱল সজাই দিয়া গেজেট বা দামী মবাইলৰ ওপৰত ভৰসা নকৰি বাস্তৱিক যোগাযোগ আৰু তদাৰক কৰাটো অতি প্ৰয়োজনীয়। চকু মুদি বিশ্বাস কৰাৰ সলনি সময় থাকোঁতেই সজাগ হওক, যাতে পাছত আপুনি বা আপোনাৰ সন্তানে অনুশোচনা কৰিবলগীয়া নহয়।

কেৱল অনলাইন ক্লাছৰ ওপৰত নিৰ্ভৰ কৰি কোনো ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াও শ্ৰেষ্ঠ ফলাফল দেখুৱাব নোৱাৰে। অনলাইন ক্লাছবোৰ কেৱল এটা সহায়ক মাধ্যমহে হ’ব পাৰে, কিন্তু এজন ছাত্ৰৰ প্ৰকৃত ভেটি গঢ়ি তোলে তেওঁৰ পাঠ্যপুথি (Textbook), শিক্ষকৰ প্ৰত্যক্ষ মাৰ্গদৰ্শন আৰু মাক-দেউতাকৰ তত্ত্বাৱধানে।​অনলাইন জগতখনত জ্ঞানৰ সাগৰ আছে ঠিকেই, কিন্তু তাত বিভ্ৰান্তিও সিমানেই বেছি। যেতিয়া এজন ছাত্ৰই পাঠ্যপুথিখন মেলি নিজে পঢ়িবলৈ লয়, তেতিয়াহে তেওঁৰ মগজুৱে গভীৰভাৱে চিন্তা কৰিবলৈ শিকে। কিতাপৰ প্ৰতিটো শাৰীয়ে ছাত্ৰজনক যিমানখিনি একাগ্ৰতা দিয়ে, মোবাইলৰ এখন স্ক্ৰীণে কেতিয়াও সেইটো দিব নোৱাৰে। অনলাইনত পঢ়িলে চকু ফুৰোৱা হয়, কিন্তু কিতাপ পঢ়িলেহে আচলতে মগজুত সাঁচ বহে।​আনহাতে, স্কুলৰ শিক্ষক আৰু মাক-দেউতাকৰ ভূমিকা কোনো এপ বা ডিজিটেল প্লেটফৰ্মে ল’ব নোৱাৰে। শিক্ষকে ছাত্ৰজনৰ চকুলৈ চাই বুজি পায় তেওঁ কিমানখিনি বুজিছে, যিটো মোবাইলৰ সিপাৰে থকা এজন অচিনাকি শিক্ষকে কেতিয়াও ধৰিব নোৱাৰে। ঠিক তেনেকৈ, মাক-দেউতাকে যদি সন্তানৰ পঢ়া টেবুলত চকু নিদিয়ে, তেওঁলোকে কেতিয়াও গম নাপাব যে সন্তানে অনলাইনত অংক শিকিছে নে চচিয়েল মিডিয়াত সময় নষ্ট কৰিছে।​গতিকে, যদি সঁচাকৈয়ে পৰীক্ষাত ভাল ফলাফল কৰিব বিচাৰে, তেন্তে কিতাপৰ সৈতে মিতিৰালি কৰিবই লাগিব। অনলাইন ক্লাছক কেৱল বুজি নোপোৱা কথাখিনি চাবৰ বাবেহে ৰাখক, কিন্তু মূল পঢ়াখিনি নিজৰ টেবুলত বহি কিতাপৰ পাততে শেষ কৰক। শিক্ষকৰ পৰামৰ্শ আৰু মাক-দেউতাকৰ শাসন— এই দুয়োটা অবিহনে এজন ছাত্ৰৰ শৈক্ষিক জীৱন কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে। এয়াই বাস্তৱ।

শেষত ক’ব পাৰি যে, আমাৰ সাময়িক ব্যস্ততা আৰু অলপ সকাহ পোৱাৰ স্বাৰ্থত সন্তানৰ হাতত মোবাইলটো তুলি দি আমি আচলতে তেওঁলোকক এক অনিশ্চিত অন্ধকাৰৰ ফালেহে ঠেলি দিছোঁ। ল’ৰা-ছোৱালীয়ে মোবাইলত কিবা এটা চাই শান্ত হৈ থকাটো তেওঁলোকৰ একাগ্ৰতা নহয়, বৰঞ্চ সেয়া এক নিচাহে— যি নিচাই তেওঁলোকৰ স্বাভাৱিক চিন্তা শক্তি, মনোযোগ আৰু ধৈৰ্য্য শক্তি নিঃশেষ কৰি পেলাইছে।​অভিভাৱক হিচাপে আমাৰ দায়িত্ব কেৱল সন্তানক এটা স্মার্টফোন দিয়াতেই শেষ নহয়। সন্তানে অনলাইনত পঢ়িছে নে পঢ়াৰ নামত আন কিবা কৰি মাক-দেউতাকক ফাঁকি দিছে, সেইয়া তদাৰক কৰাটো আমাৰ পৰম কৰ্তব্য। কিতাপৰ বিকল্প কোনো স্ক্ৰীণ হ’ব নোৱাৰে আৰু শিক্ষকৰ মৰম-শাসনৰ বিকল্প কোনো ডিজিটেল এপ হ’ব নোৱাৰে।​গতিকে আহক, আমি সচেতন হওঁ। মনত ৰাখিব, আপোনাৰ সন্তানে আপোনাৰ পৰা দামী মোবাইল নিবিচাৰে, বিচাৰে কেৱল অলপ সময় আৰু সঠিক মাৰ্গদৰ্শন। তেওঁলোকৰ শৈশৱটো মোবাইলৰ কাঁচৰ পৰ্দাত বন্দী হ’বলৈ নিদিব।

সতৰ্কবাণী (Disclaimer)​

আমাৰ এই আলোচনাৰ উদ্দেশ্য এয়া নহয় যে আমি অনলাইন শিক্ষা বা আধুনিক প্ৰযুক্তিক বিৰোধিতা কৰিছোঁ। বৰ্তমানৰ দ্ৰুতবেগী পৃথিৱীখনত প্ৰযুক্তিৰ সৈতে খোজ মিলাই আগবাঢ়ি যোৱাটো অতি প্ৰয়োজনীয়। কিন্তু আমি হ’ব লাগে সাৱধান। বিশেষকৈ আমাৰ সন্তানক এজন প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিবলৈ হ’লে তেওঁলোকক প্ৰযুক্তিৰ দাস হ’বলৈ দিব নালাগে।​এটা বয়সত তেওঁলোকে নিজেই বুজি পাব মোবাইল কি কামত আৰু কিমান সময়ৰ বাবে ব্যৱহাৰ কৰিব লাগে। কিন্তু যিটো বয়সত তেওঁলোকে একো বুজি নাপায়, সেই সময়ত তেওঁলোকৰ হাতত মোবাইল তুলি দিয়াৰ পৰিৱৰ্তে এক উন্নত অনুশাসন, প্ৰকৃতিৰ সৈতে সান্নিধ্য আৰু কিছুমান সৃষ্টিশীল কামত মনোনিৱেশ কৰিবলৈ উৎসাহ দিয়াটোহে বেছি গুৰুত্বপূৰ্ণ।​আমি বৰ্তমান সমাজত ঘটি থকা কিছুমান তিতা অথচ বাস্তৱ সত্য আপোনালোকৰ সন্মুখত ডাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু আমি এতিয়াও শিকি আছোঁ, সেয়ে আমাৰ শব্দ চয়ন বা বাক্য গঠনত কিবা ভুল-ভ্ৰান্তি হ’লে ক্ষমা কৰি দিব। আমাৰ একমাত্ৰ লক্ষ্য হ’ল সমাজক এই বাস্তৱ সত্যটো উপলব্ধি কৰোৱাত সহায় কৰা।​

ধন্যবাদেৰে

Mysmartstudy Team

বিষয়টোৰ গভীৰতা আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে অধিক জানিবলৈ তলত দুটা নিৰ্ভৰযোগ্য লিঙ্ক (Link) দিয়া হ’ল, য’ত বিশেষজ্ঞৰ মতামত আৰু গৱেষণাৰ তথ্য উপলব্ধ আছে:​

১. World Health Organization (WHO) – Guidelines on Screen Time: এই লিঙ্কটোত শিশুৰ বাবে স্ক্ৰীণ টাইমৰ আন্তৰ্জাতিক নিৰ্দেশনাৱলী আৰু শাৰীৰিক সক্ৰিয়তাৰ গুৰুত্বৰ বিষয়ে সবিশেষ তথ্য পাব।

https://www.who.int/news/item/24-04-2019-to-grow-up-healthy-children-need-to-sit-less-and-play-more

​২. Unicef – Babies and Screen Time: সৰু ল’ৰা-ছোৱালীৰ মগজুৰ বিকাশৰ ওপৰত মোবাইল বা টেবলেটৰ প্ৰভাৱ কেনেকুৱা হয়, তাৰ ওপৰত ইউনিচেফে আগবঢ়োৱা এটি সুন্দৰ নিবন্ধ।

https://www.unicef.org/parenting/child-development/babies-screen-time

Leave a Comment