বৰ্তমান সমাজত ডিপ্ৰেছন: এক নীৰৱ মহামাৰী

একৈশ শতিকাৰ এই দ্ৰুতবেগী আৰু যান্ত্ৰিক জীৱনত মানুহ যিমান আধুনিক হৈছে, সিমানেই মানসিক জটিলতাবোৰেও আমাক আগুৰি ধৰিছে। বৰ্তমান সমাজত আটাইতকৈ চৰ্চিত অথচ আটাইতকৈ অৱহেলিত এটা শব্দ হ’ল ‘ডিপ্ৰেছন’ (Depression) বা ‘বিষাদগ্ৰস্ততা’। বহু ক্ষেত্ৰত ইয়াক কেৱল মনৰ দুখ বুলি গণ্য কৰি আওকাণ কৰা হয়, কিন্তু প্ৰকৃততে ই এক নীৰৱ ঘাতকৰ দৰে আমাৰ সমাজখনক ভিতৰি ভিতৰি নিঃশেষ কৰি আনিছে। এজন সুস্থ-সবল মানুহক মানসিক আৰু শাৰীৰিকভাৱে পঙ্গু কৰি পেলাব পৰা এই ব্যাধিটোৱে বৰ্তমান শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে নিজৰ কবলত লৈছে। সেয়েহে, সমাজৰ মংগলৰ বাবে ডিপ্ৰেছনৰ গভীৰতা বুজি ইয়াৰ বিৰুদ্ধে সজাগ হোৱাটো সময়ৰ আহ্বান হৈ পৰিছে।

বৰ্তমান সমাজত ডিপ্ৰেছন

ডিপ্ৰেছনৰ মূল কাৰণসমূহ:

প্ৰতিযোগিতাৰ হেঁচা আৰু লক্ষ্যৰ ভ্ৰান্ত ধাৰণা:

​বৰ্তমান সময়ত কেৰিয়াৰ, শিক্ষা আৰু আৰ্থিক দিশত ইমানেই তীব্ৰ প্ৰতিযোগিতা বাঢ়িছে যে এজন ব্যক্তিয়ে অনবৰতে এক মানসিক চাপত ভুগিবলগীয়া হয়। আমাৰ সমাজত সফলতাৰ সংজ্ঞা কেৱল মেট্ৰিক (HSLC), উচ্চতৰ মাধ্যমিক বা ইঞ্জিনীয়াৰিং-মেডিকেলৰ দৰে কিছুমান নিৰ্দিষ্ট পৰীক্ষাৰ ফলাফলেক সীমাবদ্ধ কৰি পেলোৱা হৈছে। যাৰ ফলত, কোনোবা এটা পৰীক্ষাত ব্যৰ্থ হ’লেই বহু শিক্ষাৰ্থীয়ে নিজৰ জীৱনটোৱেই ব্যৰ্থ বুলি ভাবি হতাশাত নিমজ্জিত হয়।​কিন্তু আমি বুজা উচিত যে কোনো এটা পৰীক্ষাত অকৃতকাৰ্য হোৱা মানেই জীৱনটো শেষ হৈ যোৱা নহয়। আপুনি নিজক এবাৰ সুধি চাওক— আপোনাৰ প্ৰকৃত হেঁপাহ কিহৰ প্ৰতি ? এজন ব্যক্তি কেৱল এজন ডাক্তৰ বা ইঞ্জিনীয়াৰ হ’লেই সফল নহয় তেওঁ এজন দক্ষ ফটোগ্ৰাফাৰ, ডিজাইনাৰ, খেলুৱৈ, সাঁতোৰবিদ বা এজন সুন্দৰ শিল্পী হিচাপেও অন্য কেৰিয়াৰ হিচাপেও নিজক বিশ্বৰ দৰবাৰত জিলিকি উঠিব পাৰে। প্ৰতিজন মানুহৰ ভিতৰতে এক সুকীয়া প্ৰতিভা থাকে, যাক চিনি পোৱাটোৱে হ’ল আচল সফলতা।​ইয়াত অভিভাৱকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আপোনাৰ ল’ৰা-ছোৱালীজনীয়ে কেৱল কিমান শতাংশ নম্বৰ পালে, সেই দৌৰতে আৱদ্ধ নাথাকিব। মাক-দেউতাক হিচাপে আপুনি বুজিবলৈ চেষ্টা কৰক যে সন্তানটোৰ ৰাপ কিহৰ ওপৰত আছে। সি কি ভাল পায় আৰু কিহৰ বাবে মানসিক চাপত থাকে, সেই বিষয়ে চকু দিয়ক। শিক্ষাৰ্থীসকলক কেৱল পৰীক্ষাৰ যন্ত্ৰ সজাৰ পৰিৱৰ্তে তেওঁলোকৰ সৃজনীশীলতাক গুৰুত্ব দিয়ক। মনত ৰাখিব, মানসিকভাৱে সুস্থ এজন সন্তানেহে জীৱনৰ প্ৰতিটো যুদ্ধত জয়ী হ’ব পাৰিব।

চচিয়েল মিডিয়াৰ প্ৰভাৱ আৰু আৱেগিক প্ৰত্যাহ্বান:​

আধুনিক যুগত সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰে মানুহৰ মাজত তুলনা কৰাৰ এক অসুস্থ প্ৰবৃত্তি বঢ়াই দিছে। আনৰ ‘সফল’ জীৱনৰ উজ্জ্বল ছবি আৰু ভিডিঅ’বোৰ দেখি নিজৰ সাধাৰণ জীৱনটোক লৈ বহুতৰে মনত হীনমন্যতাৰ সৃষ্টি হয়। কিন্তু আমি পাহৰি যাওঁ যে স্ক্ৰীণত দেখা ১০০০ বা ২০০০ ফলোৱাৰ্ছে বিপদৰ সময়ত আমাক সাহস নিদিয়ে। প্ৰকৃততে, যন্ত্ৰৰ লগত ব্যস্ত থাকি আমি নিজৰ লগত সময় কটাবলৈ পাহৰি গৈছোঁ। জীৱনৰ কঠিন যুদ্ধত অকলশৰে যুঁজিবলৈ শিকাটো অতি প্ৰয়োজনীয়।​বৰ্তমান সময়ত ডিপ্ৰেছনৰ আন এক অন্যতম কাৰণ হৈছে সম্পৰ্কৰ বিচ্ছেদ (Break-up)। কোনোবা এজনক বহুবছৰ ধৰি আন্তৰিকতাৰে ভাল পোৱাৰ পিছত যেতিয়া সেই সম্পৰ্কটো ভাঙি যায়, তেতিয়া মনত অপৰিসীম কষ্ট হোৱাটো স্বাভাৱিক। কিন্তু সেই দুখতে ভাঙি পৰি জীৱনটো শেষ কৰি দিয়াটো কোনো সমাধান নহয়। এবাৰ ভাবি চাওক— যি গৰাকী মাকে আপোনাক ন মাহ গৰ্ভত ধাৰণ কৰিছিল আৰু যিজন দেউতাকে নিজৰ সকলো কষ্ট নেওচি আপোনাক ডাঙৰ-দীঘল কৰিছিল, তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাটো আপোনাৰ দায়িত্ব নহয় জানো ?​জীৱনটো বহুত দীঘলীয়া। আজিৰ এই বিচ্ছেদক জীৱনৰ এটা যতি নহয়, বৰঞ্চ এটা ‘শিক্ষা’ (Lesson) হিচাপে গ্ৰহণ কৰিবলৈ শিকক। এটা কথা সদায় মনত ৰাখিব— ৰাতি যিমানেই দীঘল নহওক কিয়, দিনৰ পোহৰ আহিবই। ঠিক তেনেদৰে, আজি যদি আপোনাৰ বেয়া দিন চলিছে, এদিন ১০০% ভাল দিনো আহিব। বাস্তৱক গ্ৰহণ কৰিবলৈ শিকক আৰু নিজৰ লক্ষ্য তথা সপোনবোৰক লৈ আগুৱাই যাওক। পৰিস্থিতি যিয়েই নহওক, নিজৰ যত্ন লবলৈ আৰু অকলশৰীয়া সময়খিনিক উপভোগ কৰিবলৈ শিকিলেহে আমি মানসিকভাৱে শক্তিশালী হ’ব পাৰিম।

একাকীত্ব:

ভিৰৰ মাজতো নিঃসংগতা ​যান্ত্ৰিকতাৰ চৰম শিখৰত উপনীত হোৱা এই যুগত মানুহৰ মাজত আৱেগিক সম্পৰ্কবোৰ ক্ৰমান্বয়ে দুৰ্বল হৈ আহিছে। আজি আমাৰ হাতত পৃথিৱীৰ সকলো খবৰ ল’বলৈ ‘স্মাৰ্টফোন’ আছে, কিন্তু নিজৰ মনৰ খবৰটো দিবলৈ এজন প্ৰকৃত আপোন মানুহৰ অভাৱ। একেখন ঘৰতে, একেখন চালিৰ তলতে বাস কৰিও পৰিয়ালৰ সদস্যসকলৰ মাজত এটা অদৃশ্য দেৱাল গঢ়ি উঠিছে। প্ৰত্যেকেই নিজৰ ডিজিটেল পৃথিৱীখনত ইমানেই ব্যস্ত যে কাষত বহি থকা মানুহজনৰ চকুৰ বিষাদখিনি পঢ়িবলৈ কাৰো আহৰি নাই।​

১/ যান্ত্ৰিকতাৰ প্ৰভাৱ: আজিৰ মানুহে ছচিয়েল মিডিয়াত শ শ বন্ধুৰ সৈতে কথা পাতে, কিন্তু বাস্তৱ জীৱনত মনৰ কথা খুলি ক’বলৈ এজনো বিশ্বাসী বন্ধু বিচাৰি নাপায়। এই কৃত্ৰিম সংযোগবোৰে মানুহক আৱেগিকভাৱে অধিক নিঃসংগ কৰি তুলিছে। যিটো সময়ত পৰিয়ালৰ সৈতে হাঁহি-ধেমালি কৰিব লাগিছিল, সেই সময়খিনি আজি মোবাইলৰ স্ক্ৰীণত অতিবাহিত হয়।

​২/ আৱেগিক দূৰত্ব: বহু সময়ত এজন ব্যক্তি ডিপ্ৰেছনত থকাৰ মূল কাৰণ হ’ল— তেওঁ অনুভৱ কৰে যে তেওঁক বুজি পাব পৰা কোনো নাই। মানুহে যেতিয়া নিজৰ বিফলতা, ভয় বা দুখবোৰ মনৰ ভিতৰতে হেঁচি ৰাখে, তেতিয়াই একাকীত্বই কালৰূপ ধাৰণ কৰে। মানুহৰ ভিৰৰ মাজত থাকিও নিজকে একেবাৰে নিঃসংগ অনুভৱ কৰাটোৱেই হৈছে বৰ্তমান সমাজৰ আটাইতকৈ ডাঙৰ ট্ৰেজেডী।​

৩/ সমাধানৰ পথ: এই একাকীত্বৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে আমি পুনৰ মানুহৰ মাজলৈ উভতি আহিব লাগিব। ফোনটো কাষত থৈ মানুহৰ চকুলৈ চাই কথা পতাৰ অভ্যাস কৰিব লাগিব। পৰিয়ালৰ মাজত গুণগত সময় (Quality Time) অতিবাহিত কৰাটো অতি জৰুৰী। মনত ৰাখিব, কোনো দামী বস্তু বা গেজেটে সেই শান্তি দিব নোৱাৰে, যিটো শান্তি এজন আপোন মানুহৰ আন্তৰিকতাই দিব পাৰে।

স্বাস্থ্য আৰু বংশগতি:

দেহৰ ভিতৰৰ নীৰৱ যুঁজ ​ডিপ্ৰেছন কেৱল এটা মানসিক অৱস্থাই নহয়, ইয়াৰ আঁৰত গভীৰ শাৰীৰিক আৰু জৈৱিক কাৰণো নিহিত হৈ থাকে। বহু সময়ত আমি ভাবো যে কেৱল দুখ পালে বা কোনো সমস্যা হ’লেহে মানুহ ডিপ্ৰেছনত পৰে, কিন্তু আচলতে কোনো বাহ্যিক কাৰণ নোহোৱাকৈও এজন ব্যক্তি এই ৰোগত আক্ৰান্ত হ’ব পাৰে।

​১/ জৈৱ-ৰাসায়নিক পৰিৱৰ্তন (Biochemical Factors):

আমাৰ মগজুত কিছুমান ‘নিৰ’ট্ৰান্সমিটাৰ’ (Neurotransmitters) থাকে, যেনে— চেৰ’ট’নিন (Serotonin) আৰু ড’পামিন (Dopamine)। এই ৰাসায়নিক পদাৰ্থবোৰে আমাৰ মনটো আনন্দিত কৰি ৰখাত সহায় কৰে। যেতিয়া মগজুত এই পদাৰ্থবোৰৰ ভাৰসাম্যহীনতা ঘটে, তেতিয়া কোনো কাৰণ নোহোৱাকৈয়ে মানুহে চৰম নিৰাশা আৰু ক্লান্তি অনুভৱ কৰিব পাৰে। এয়া ঠিক তেনে এক অৱস্থা যিদৰে শৰীৰত ইনচুলিনৰ অভাৱ হ’লে ডায়বেটিছ হয়।​

২/ বংশগতি বা জিনীয় প্ৰভাৱ (Genetics):

গৱেষণাৰ পৰা দেখা গৈছে যে ডিপ্ৰেছনৰ ক্ষেত্ৰত বংশগতিৰ এক বিশেষ ভূমিকা থাকে। যদি কোনো এজন ব্যক্তিৰ পৰিয়ালত (বিশেষকৈ মাক-দেউতাক বা নিকট আত্মীয়ৰ মাজত) কাৰোবাৰ তীব্ৰ মানসিক সমস্যা বা ডিপ্ৰেছনৰ ইতিহাস থাকে, তেন্তে পৰৱৰ্তী প্ৰজন্মৰ মাজত ইয়াৰ সম্ভাৱনা বৃদ্ধি পায়। এয়া আমাৰ ডি.এন.এ. (DNA)-ৰ সৈতে জড়িত এক সংবেদনশীল বিষয়।​

৩/ হৰমনৰ পৰিৱৰ্তন:

শৰীৰত হোৱা হৰমনৰ হ্ৰাস-বৃদ্ধিয়েও মানসিক স্বাস্থ্যত ব্যাপক প্ৰভাৱ পেলায়। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ সময়ত, সন্তান জন্মৰ পিছত বা থাইৰয়ডৰ দৰে সমস্যা থাকিলে হৰমনৰ তাৰতম্য ঘটি তীব্ৰ বিষাদগ্ৰস্ততা আহিব পাৰে।​

৪/ পুষ্টি আৰু শাৰীৰিক অৱস্থা:

পৰ্যাপ্ত পুষ্টিৰ অভাৱ, ভিটামিন B12 বা Vitamin D-ৰ অভাৱ আৰু দীৰ্ঘদিনীয়া শাৰীৰিক অসুখেও মগজুৰ কাৰ্যক্ষমতা হ্ৰাস কৰি মানুহক মানসিকভাৱে দুৰ্বল কৰি তোলে।

উপায় আৰু সমাধান ডিপ্ৰেছনৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে আমি সজাগ হোৱাটো জৰুৰী:

মানসিক যন্ত্ৰণাৰ পৰা মুক্ত হ’বলৈ কেৱল ইচ্ছা কৰাটোৱেই যথেষ্ট নহয়, ইয়াৰ বাবে প্ৰয়োজন কিছুমান সু-সংগঠিত পদক্ষেপৰ। তলত ইয়াৰ সমাধানৰ পথসমূহ বহলাই আলোচনা কৰা হ’ল:​

১/ মনৰ দুৱাৰ খোলক:

কথা পাতিবলৈ শিকক ডিপ্ৰেছনৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ল ‘নীৰৱতা’। যেতিয়া আমি আমাৰ দুখ, ভয় বা বিফলতাবোৰ মনৰ ভিতৰতে আবদ্ধ কৰি ৰাখোঁ, সেইবোৰে ভিতৰি ভিতৰি এটা বিষাক্ত ৰূপ ধাৰণ কৰে। ​প্ৰকাশেই শক্তি আপোনাৰ বিশ্বাসী বন্ধু, ভাই-ভনী বা মা-দেউতাৰ লগত কথা পাতক। মনত ৰাখিব, আপোনাৰ সমস্যাটোৰ সমাধান তেওঁলোকে দিব নোৱাৰিব পাৰে, কিন্তু আপোনাৰ কথাখিনি কোনোবাই শুনিছে বুলি অনুভৱ কৰিলে মনৰ ওজন আধা কমি যায়। ​সংকোচ ত্যাগ কৰক “মানুহে কি ভাবিব” বুলি ভয় নকৰিব। সহায় বিচৰাটো দুৰ্বলতা নহয়, বৰঞ্চ ই সাহসৰহে পৰিচয়।​

২/ স্বাস্থ্যকৰ জীৱনশৈলী:

শৰীৰ আৰু মনৰ সংযোগ আমাৰ মগজুৰ স্বাস্থ্য আমাৰ শৰীৰৰ ওপৰত নিৰ্ভৰশীল।​ পৰ্যাপ্ত টোপনি দৈনিক ৭-৮ ঘণ্টাৰ গভীৰ টোপনি মগজুৰ কোষবোৰ পুনৰ সজীৱ কৰিবলৈ অপৰিহাৰ্য। টোপনিৰ অভাৱে আমাক অধিক খঙাল আৰু হতাশাগ্ৰস্ত কৰি তোলে।​সুষম আহাৰ কেফেইন বা অত্যধিক শৰ্কৰাযুক্ত খাদ্যৰ সলনি প্ৰাকৃতিক আৰু পুষ্টিকৰ খাদ্যই মগজুত ইতিবাচক ৰাসায়নিক পৰিৱৰ্তন আনে।​ব্যায়াম আৰু যোগাসন যেতিয়া আমি ব্যায়াম কৰোঁ, আমাৰ শৰীৰে ‘এণ্ডোৰফিন’ (Endorphin) নামৰ এবিধ হৰমন নিঃসৰণ কৰে, যাক ‘ফিল গুড’ হৰমন বুলি কোৱা হয়। ই স্বাভাৱিকভাৱে আমাৰ মানসিক চাপ কমাই দিয়ে।

​৩/ প্ৰকৃতিৰ সান্নিধ্য আৰু সৃজনীশীল চখ: যান্ত্ৰিকতাৰ পৰা আঁতৰি প্ৰকৃতিৰ কোলাত কিছু সময় কটোৱাটোৱে মনটোক ‘ৰিফ্ৰেছ’ কৰে।​ প্ৰকৃতিৰ চিকিৎসা পুৱাৰ কোমল ৰ’দ বা গছ-গছনিৰ সেউজীয়াৰ মাজত কিছু সময় খোজ কাঢ়িলে মগজুৱে আৰাম পায়।​চখৰ পুনৰুজ্জীৱন আপুনি যিবোৰ কাম কৰি ভাল পায়— সেয়া কিতাপ পঢ়াই হওক, গান শুনাই হওক বা ডায়েৰী লিখাই হওক— সেইবোৰত মনোনিবেশ কৰক। সৃজনীশীল কামে মানুহক বৰ্তমান মুহূৰ্তত জীয়াই থাকিবলৈ শিকায় আৰু অতীতৰ দুখ বা ভৱিষ্যতৰ চিন্তাৰ পৰা আঁতৰাই ৰাখে।​

৪/ বিশেষজ্ঞৰ সহায়: চিকিৎসাক সঁহাৰি দিয়ক কেতিয়াবা সমস্যাটো ইমান গভীৰ হয় যে কেৱল আপোন লোকৰ মৰম বা ভাল চখেই তাক নিৰাময় কৰিব নোৱাৰে। ​প্ৰফেশ্যনেল কাউন্সিলিং এজন মনোচিকিৎসক (Psychiatrist) বা কাউন্সিলৰে বৈজ্ঞানিক পদ্ধতিৰে আপোনাৰ চিন্তাৰ ধৰণটো সলনি কৰিব পাৰে।​ ঔষধ আৰু থেৰাপী যদি মগজুত ৰাসায়নিক ভাৰসাম্যহীনতা ঘটে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ মতে ঔষধ লোৱাটো জৰুৰী। ইয়াক অন্য যিকোনো শাৰীৰিক বেমাৰৰ দৰেই এক স্বাভাৱিক চিকিৎসা প্ৰক্ৰিয়া হিচাপে গ্ৰহণ কৰিব লাগে। মনত ৰাখিব, সঠিক সময়ত লোৱা বিশেষজ্ঞৰ সহায়েই এজন ব্যক্তিক নতুন জীৱন দিব পাৰে।

এটি তিতা সত্য: তথ্যৰ সাগৰত বিবেকৰ আকাল

​আজিৰ যুগৰ এক শোচনীয় বাস্তৱ এইটোৱেই যে আমি কিতাপৰ পৃষ্ঠা লুটিয়াবলৈ শিকিলোঁ, কিন্তু জীৱনটো পঢ়িবলৈ পাহৰি গ’লোঁ। এজন ছাত্ৰ বা চাকৰি প্ৰত্যাশীয়ে তেওঁৰ পাঠ্যক্ৰমৰ (Syllabus) শ শ কিতাপ মুখস্থ কৰিবলৈ দিনে-নিশাই একাকাৰ কৰে। তেওঁলোকে ভাবে যে কেৱল সেই কেইখন কিতাপ পঢ়ি এটা ডিগ্ৰী বা চাকৰি পালেই জীৱনৰ যুদ্ধত জয়ী হ’ব পাৰি। কিন্তু সমস্যাটো তেতিয়াই আৰম্ভ হয়, যেতিয়া জীৱনৰ আচল পৰীক্ষাবোৰ (যেনে— বিফলতা, প্ৰতাৰণা বা মানসিক চাপ) সন্মুখলৈ আহে। তেতিয়া সেই কিতাপৰ শিক্ষাই মানুহক হতাশৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে।

১/ কৃত্ৰিমতাৰ মায়া আৰু হ্ৰাস পোৱা ধৈৰ্য:

আজি আমাৰ হাতত ১৫ চেকেণ্ডৰ ‘ৰিল’ (Reels) চাবলৈ ঘণ্টাৰ পিছত ঘণ্টা সময় আছে, কিন্তু জীৱনক পোহৰ দিব পৰা এখন ভাল কিতাপ বা যোগাত্মক চিন্তাৰ প্ৰবন্ধ এটা পঢ়িবলৈ ১ শতাংশও ধৈৰ্য নাই। মানুহে আধা মিনিটৰ মনোৰঞ্জন বিচাৰি ইমানেই অভ্যাস কৰি পেলাইছে যে গভীৰভাৱে কিবা এটা চিন্তা কৰাৰ ক্ষমতা তেওঁলোকে হেৰুৱাই পেলাইছে। যিখন সমাজত এজন মানুহে গভীৰ অধ্যয়নৰ সলনি স্ক্ৰল (Scroll) কৰি সময় কটাবলৈ বেছি ভাল পায়, সেই সমাজত ‘ডিপ্ৰেছন’ নহৈ কি হ’ব ?​

২/ যন্ত্ৰ বনাম মানুহ:

আমি এটা ‘আৰ্টিফিচিয়েল’ বা কৃত্ৰিম পৃথিৱীত বাস কৰি আছোঁ। আমাৰ হাঁহিবোৰ ইমোজিৰ মাজত সীমাবদ্ধ আৰু দুখবোৰ ফেচবুকৰ ষ্টেটাছত। যিমান সময় আমি যন্ত্ৰৰ লগত লাগি থাকোঁ, তাৰ এক শতাংশ সময় যদি আমি নিজৰ মানসিক স্বাস্থ্য, জীৱন প্ৰক্ৰিয়া আৰু যোগাত্মক চিন্তাৰ (Positive Thinking) কিতাপ পঢ়াত খৰচ কৰিলোঁহেঁতেন, তেন্তে আজিৰ প্ৰজন্মক হতাশাই এনেকৈ গ্ৰাস কৰিব নোৱাৰিলেহেঁতেন।​

৩/ নিজক বুজাৰ প্ৰয়োজনীয়তা:

মনত ৰাখিব, কেবল পৰীক্ষাৰ বাবে পঢ়া কিতাপকেইখনে আপোনাক উপাৰ্জনৰ পথ দেখুৱাব পাৰে, কিন্তু জীৱনটো কেনেকৈ জীয়াই থাকিব লাগে তাক শিকিবলৈ আপুনি নিজৰ মগজুটোক ‘ফিড’ (Feed) কৰিব লাগিব। যেতিয়ালৈকে মানুহে এই স্ক্ৰীণৰ কৃত্ৰিম জগতখনৰ পৰা ওলাই আহি বাস্তৱ পৃথিৱীখনক চিনি নাপাব আৰু নিজৰ মনটোক সুস্থ কৰি ৰখাৰ শিক্ষা গ্ৰহণ নকৰিব, তেতিয়ালৈকে ডিপ্ৰেছনৰ এই ক’লা ডাৱৰ আঁতৰি নাযায়।

মানসিক উত্তৰণৰ বাবে পাঁচখন বিশেষ কিতাপ:​

জীৱনৰ কঠিন সময়ত নিজক পৰিচালনা কৰিবলৈ আৰু মানসিক শক্তি বৃদ্ধি কৰিবলৈ অন্ততঃ এই কেইখন কিতাপ এবাৰ হ’লেও পঢ়ি চোৱাটো দৰকাৰ। এইসমূহ কেৱল কিতাপ নহয়, বৰঞ্চ একো একোটা জীৱন দৰ্শন:

​১/ শ্ৰীমদ্ভগৱদ্গীতা: জীৱনৰ কৰ্তব্য আৰু মানসিক সংঘাতৰ পৰা মুক্তি পাবলৈ ইয়াৰ সমান ডাঙৰ কিতাপ পৃথিৱীত দ্বিতীয় এখন নাই। ই আপোনাক স্থিতপ্ৰজ্ঞ হ’বলৈ শিকাব।

২/ Atomic Habits (James Clear): সৰু সৰু অভ্যাসৰ পৰিৱৰ্তনে কেনেকৈ জীৱনত এক বিশাল পৰিৱৰ্তন আনিব পাৰে, তাৰ এক সুন্দৰ গাইড।

৩/ The Psychology of Money (Morgan Housel): অৰ্থনৈতিক স্বচ্ছলতাই মানসিক শান্তিত কিদৰে প্ৰভাৱ পেলায় আৰু পইচাৰ লগত আমাৰ আৱেগিক সম্পৰ্ক কেনে হোৱা উচিত, সেইয়া ইয়াৰ পৰা জানিব পাৰি।

৪/ The Art of Being Alone (Renuka Gavrani): অকলশৰীয়া সময়খিনিক ভয় নকৰি কেনেকৈ ইয়াক নিজৰ শক্তি হিচাপে গঢ়ি তুলিব পাৰি, সেই শিক্ষা এই কিতাপখনে দিয়ে।

৫/ Deep Mindset / Do It Today : এই কিতাপসমূহৰ যিকোনো এখনে আপোনাক অজুহাত ত্যাগ কৰি নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ হ’বলৈ আৰু মানসিক দৃঢ়তা বৃদ্ধি কৰাত সহায় কৰিব।

আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস

আমি কোনো মনোবিজ্ঞানী বা চিকিৎসক নহয়, আমি সমাজৰ এজন সচেতন নাগৰিক হিচাপে সামাজিক জীৱনত ঘটি থকা ঘটনাবোৰকহে আপোনালোকৰ সন্মুখত ডাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান সমাজত ডিপ্ৰেছনৰ বাবে বহুতো শোচনীয় ঘটনা ঘটিবলৈ ধৰিছে। আমি এই প্ৰবন্ধটো নেতিবাচক কৰিব বিচৰা নাই বাবে তেনে বহুতো তথ্য দিয়াৰ পৰা বিৰত আছোঁ। কিন্তু যদিহে আমি এনেকৈয়ে সজাগ নহৈ থাকোঁ, তেন্তে এই সমস্যাটো দিনক দিনে আৰু বৃদ্ধিহে পাব।​ আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ জৰিয়তে যদি এজন ব্যক্তিও উপকৃত হয় বা জীৱনৰ প্ৰতি নতুন আশা বিচাৰি পায়, তেন্তে আমি নিজকে ধন্য মানিম। যিহেতু আমি এতিয়াও শিকি আছোঁ, গতিকে বাক্য গাঁথনি বা বানানত কিবা ভুল থাকিলে তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ।​ মনত ৰাখিব, নিজক কেতিয়াও অজুহাত নিদিব। “মই ইংৰাজী নাজানু” বুলি কিতাপ পঢ়াৰ পৰা আঁতৰি নাথাকিব। আজিৰ যুগত ম’বাইলৰ সহায়ত ইউটিউবত ইংৰাজী বা হিন্দী মিশ্ৰিত কৰি যিকোনো কথা সহজতে বুজি ল’ব পাৰি। ওপৰত উল্লেখ কৰা কিতাপসমূহ আপুনি Flipkart-ত বিচাৰি পাব আৰু তাৰ পৰা সংগ্ৰহ কৰি পঢ়িব পাৰে। আপোনাৰ এটা সঠিক সিদ্ধান্তই আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। আজিকালি এই কিতাপসমূহৰ সাৰাংশ বা বিষয়বস্তুবোৰ আপুনি YouTube-ত ‘Audio’ হিচাপে বা ভিডিঅ’ ফৰ্মত সহজতে বিচাৰি পাব। যিসকলৰ পঢ়িবলৈ অসুবিধা হয়, তেওঁলোকে তেনেদৰেও শুনি ল’ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব— নিজৰ চকুৰে কিতাপৰ পৃষ্ঠা পঢ়া আৰু অনুভৱ কৰাৰ যি প্ৰভাৱ, সেয়া মোবাইলত শুনা বা দেখাতকৈ বহু বেছি ফলপ্ৰসূ। কিতাপ পঢ়িলে মগজুৰ যি পৰিৱৰ্তন হয় আৰু যি গভীৰতা লাভ কৰিব পাৰি, সেয়া অদ্বিতীয়। গতিকে পাৰিলে কিতাপখন নিজে পঢ়িবলৈ চেষ্টা কৰক।

​অধিক জানিবৰ বাবে (Resources):​

ডিপ্ৰেছন আৰু মানসিক স্বাস্থ্যৰ ভয়াবহতা তথা ইয়াৰ লক্ষণসমূহৰ বিষয়ে বিতংভাৱে জানিবলৈ আপুনি তলৰ চৰকাৰী আৰু বিশ্বাসযোগ্য ৱেবছাইটসমূহ চাব পাৰে:​

১. National Institute of Mental Health (NIMH): www.nimh.nih.gov(মানসিক স্বাস্থ্যৰ ওপৰত বিশ্বৰ অন্যতম আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান।)

Disclaimer (সতৰ্কবাণী):

এই প্ৰবন্ধটো কেৱল জনসাধাৰণৰ সজাগতাৰ বাবেহে প্ৰস্তুত কৰা হৈছে। ইয়াক কোনো ধৰণৰ চিকিৎসা পৰামৰ্শ (Medical Advice) বুলি গণ্য কৰিব নালাগে। যদিহে আপুনি বা আপোনাৰ চিনাকি কোনো ব্যক্তিয়ে তীব্ৰ মানসিক সমস্যাত ভুগিছে, তেন্তে পলম নকৰি এগৰাকী বিশেষজ্ঞ চিকিৎসক পৰামৰ্শ গ্ৰহণ কৰক।

ধন্যবাদ

Team Mysmartstudy

Leave a Comment