অসম আৰু ভাৰতৰ প্ৰেক্ষাপটত ITI কেৰিয়াৰ

ITI কেৰিয়াৰ গঢ়াটো আপোনাৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ এক সুন্দৰ সুযোগ হ’ব পাৰে।

ITI কেৰিয়াৰ

আপোনাৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ ITI কেৰিয়াৰ এক সুন্দৰ সুযোগ হ’ব পাৰে। কেৰিয়াৰৰ এক নতুন দিশ​ ITI-ৰ সম্পূৰ্ণ নাম হ’ল Industrial Training Institute (উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান)। বৰ্তমানৰ সময়ত ITI কেৰিয়াৰ গঢ়াটো বহুতো শিক্ষাৰ্থীৰ বাবে এক সুন্দৰ সুযোগ হ’ব পাৰে, য’ত হাতে-কামে কাৰিকৰী শিক্ষা লাভ কৰিব পাৰি। ই হ’ল এনে এক শিক্ষা ব্যৱস্থা য’ত কিতাপৰ জ্ঞানতকৈ হাতে-কামে কৰা প্ৰশিক্ষণ বা ‘Technical Skill’-ৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়।​বহুতো ছাত্ৰ-ছাত্ৰীয়ে ১০ম বা ১২ম শ্ৰেণীৰ পিছত কি কৰিব সেই লৈ চিন্তাত পৰে। তেওঁলোকৰ বাবে ITI হ’ল কম সময়ত আৰু কম খৰচত এজন দক্ষ কাৰিকৰ হৈ নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ আটাইতকৈ সহজ পথ। আজিৰ দিনত কেৱল ডিগ্ৰী লোৱাতকৈ ‘যন্ত্ৰৰ ভাষা’ বুজি পোৱা এজন টেকনিচিয়ানৰ মূল্য বহুত বেছি। এই প্ৰবন্ধটোত আমি আলোচনা কৰিম কিদৰে এটা সৰু ITI কোৰ্চে আপোনাৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিব পাৰে।

অসম চৰকাৰৰ তথ্য আৰু বৰ্তমানৰ নিয়োগ নীতি অনুসৰি ITI-ৰ নামভৰ্তি, মাচুল আৰু NCVT/SCVT বিষয়ে তলত জনোৱা হ’ল:​

১. অসমৰ ITI কলেজ আৰু নামভৰ্তি (Admission)​অসমত বৰ্তমান প্ৰায় ২৯ খন চৰকাৰী ITI আছে আৰু বহুতো ব্যক্তিগত (Private) ITI আছে।​শতাংশ (Percentage):

ITI-ত নামভৰ্তিৰ বাবে কোনো নিৰ্দিষ্ট উচ্চ শতাংশৰ প্ৰয়োজন নাই। ১০ম শ্ৰেণীত উত্তীৰ্ণ (প্ৰায় ৩৫%-৪০%) হ’লেই আপুনি আবেদন কৰিব পাৰে।​অৱশ্যে, Electrician আৰু Fitter দৰে জনপ্ৰিয় ট্ৰেডত চিট পাবলৈ মেধা তালিকা (Merit List) অনুসৰি অলপ ভাল নম্বৰ থাকিলে সুবিধা হয়।​সকলো নামভৰ্তি প্ৰক্ৰিয়া itiassam.nic.in পৰ্টেলৰ জৰিয়তে অনলাইনকৈ হয়।

২. ব্যক্তিগত কলেজৰ খৰচ (Private College Fees)​ব্যক্তিগত ITI-ত খৰচ ট্ৰেড আৰু কলেজ ভেদে বেলেগ বেলেগ হয়:

Electrician/Fitter (২ বছৰীয়া): মুঠ খৰচ প্ৰায় ৮০০০০-৮৫০০০ টকা।​

Diesel Mechanic/Steno (১ বছৰীয়া): প্ৰায় ৩০,০০০ – ৪৫,০০০ টকা।

​চৰকাৰী ITI-ৰ খৰচ:

নামমাত্ৰ। নামভৰ্তিৰ সময়ত ১,৫০০ ৰ পৰা ৩,০০০ টকাৰ ভিতৰত সমগ্ৰ বছৰটোৰ কাম হৈ যায়।​

৩. NCVT আৰু SCVT কি? (আটাইতকৈ গুৰুত্বপূৰ্ণ)​এই দুয়োটা হ’ল স্বীকৃতি দিয়া বোৰ্ড। ইয়াৰ পাৰ্থক্যটো বুজি লোৱা দৰকাৰ:

NCVT (National Council for Vocational Training):

ই কেন্দ্ৰীয় চৰকাৰৰ অধীনত। ইয়াৰ চাৰ্টিফিকেট গোটেই ভাৰতবৰ্ষতে আৰু বিদেশতো গ্ৰহণযোগ্য। ৰে’লৱে বা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ বাবে NCVT থকাটো বাধ্যতামূলক। ইয়াৰ পৰীক্ষা সমগ্ৰ ভাৰতত একেলগে হয় আৰু প্ৰশ্নকাকত অলপ কঠিন হ’ব পাৰে।​

SCVT (State Council for Vocational Training):

ই কেৱল ৰাজ্য চৰকাৰৰ (অসম) অধীনত। ইয়াৰ দ্বাৰা আপুনি অসমৰ ভিতৰত চাকৰি পাব পাৰে, কিন্তু কেন্দ্ৰীয় চাকৰিত কেতিয়াবা অসুবিধা হ’ব পাৰে। ইয়াৰ পৰীক্ষা ৰাজ্যিক স্তৰত হয় আৰু প্ৰশ্নকাকত তুলনামূলকভাৱে অলপ সহজ হ’ব পাৰে।

ITI-ৰ এই জনপ্ৰিয় ট্ৰেডসমূহৰ কেৰিয়াৰৰ সুযোগসমূহ:

১. ITI Electrician (ইলেক্ট্ৰিচিয়ান)​ই সকলোতকৈ ডিমাণ্ড থকা ট্ৰেড।

​চাকৰি: ৰেলৱে (ALP), APDCL, AEGCL, APGCL, NHPC, PGCIL, NTPC, OIL, DRDO, ISRO, ONGC, CIL, বিদ্যুৎ কেন্দ্ৰ, আৰু ডাঙৰ ফেক্টৰী।

​ব্যক্তিগত খণ্ড: টাটা মটৰ্ছ, ৰিলায়েন্স, আৰু নিৰ্মাণ কোম্পানী।​নিজা কাম: ইলেক্ট্ৰিকেল কন্ট্রাক্টৰ বা দোকান।

​২. ITI Fitter (ফিটাৰ)​যিকোনো মেচিন বা কল-কাৰখানাৰ বাবে ফিটাৰ অপৰিহাৰ্য।​

চাকৰি: OIL, ONGC, IOCL (ৰিফাইনাৰী), আৰু জাহাজ নিৰ্মাণ কেন্দ্ৰ।​

কেন্দ্ৰীয় চাকৰি: BHEL, SAIL, ৰেলৱে ৱৰ্কশ্বপ, ISRO, DRDO।​

৩. ITI COPA (Computer Operator & Programming Assistant)​যিসকলে কম্পিউটাৰত কাম কৰি ভাল পায় তেওঁলোকৰ বাবে।

চাকৰি: যিকোনো চৰকাৰী কাৰ্যালয়ত ডাটা এন্ট্ৰি অপাৰেটৰ, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ।​

ব্যক্তিগত খণ্ড: আইটি (IT) কোম্পানী, বেংক, আৰু অফিচ এডমিন।

​নিজা কাম: অনলাইন কেফে, গ্রাফিক্স ডিজাইনিং বা কম্পিউটাৰ কেন্দ্ৰ।​

৪. ITI Stenographer (ষ্টেন’গ্ৰাফাৰ)​এইটো এটা অফিচিয়েল চাকৰিৰ ট্ৰেড।

চাকৰি: আদালত (Court), সচিবালয় (Secretariat), আৰু আয়কৰ বিভাগ।​

সুবিধা: SSC Stenographer পৰীক্ষা দি কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ-বি বা চি চাকৰি পোৱা যায়। ইয়াত লিখাৰ গতি (Shorthand) টোহে আটাইতকৈ দৰকাৰী।​

৫. ITI Diesel Mechanic (ডিজেল মেকানিক)​গধুৰ যানবাহনৰ ইঞ্জিন মেৰামতিৰ বাবে এই ট্ৰেড।​

চাকৰি: ASTC (অসম পৰিবহন), ৰেলৱে ইঞ্জিন চেড, আৰু ভাৰতীয় সেনা।​

ব্যক্তিগত খণ্ড: টাটা, মহিন্দ্ৰা বা মাৰুতিৰ দৰে কোম্পানীৰ চাৰ্ভিচ চেণ্টাৰ।​নিজা কাম: নিজাকৈ মেকানিকেল গেৰেজ খুলিব পাৰে।​

৬. ITI Welder (ৱেল্ডাৰ)​এইটো এবছৰীয়া ট্ৰেড কিন্তু ইয়াৰ ডিমাণ্ড বহুতো।

চাকৰি: পাইপলাইন প্রকল্প (OIL/ONGC), দলং নিৰ্মাণ, আৰু ৰেলৱে কোচ ফেক্টৰী।​

বিশেষ সুযোগ: দুবাই, কাটাৰৰ দৰে দেশত ৱেল্ডাৰৰ দৰমহা বহুত বেছি (প্ৰায় ৬০,০০০ ৰ পৰা ৪৫,০০০ টকা পৰ্যন্ত)।​

এপ্ৰেন্টিচশ্বিপ কি? (What is Apprenticeship?)​

ITI পাছ কৰাৰ পিছত আপুনি যিটো ট্ৰেডত পঢ়িলে (যেনে— Electrician বা Fitter), সেই কামটো কোনো এটা ডাঙৰ উদ্যোগ বা কোম্পানীত (যেনে— OIL, ৰেলৱে বা কোনো ব্যক্তিগত ফেক্টৰী) বাস্তৱিকতে কাম কৰি শিকাটোক এপ্ৰেন্টিচশ্বিপ বোলে।​

ই এক প্ৰকাৰৰ ‘Earn While You Learn’ অৰ্থাৎ কাম শিকি থকা অৱস্থাতো উপাৰ্জন কৰা এক ব্যৱস্থা।​ইয়াত আপোনাক এজন দক্ষ কাৰিকৰৰ তত্ত্বাৱধানত কাম শিকোৱা হয়।​প্ৰশিক্ষণৰ অন্তত আপুনি এটা National Apprenticeship Certificate (NAC) পায়, যিটোৰ মূল্য ITI চাৰ্টিফিকেটতকৈও বেছি।​

এপ্ৰেন্টিচশ্বিপ কিয় গুৰুত্বপূৰ্ণ? (Importance)​

১. প্ৰায় নিশ্চিত চাকৰি: ৰেলৱেৰ দৰে বিভাগত ২০% চাকৰিৰ পদ এপ্ৰেন্টিচ কৰা ছাত্ৰৰ বাবে সংৰক্ষিত থাকে।

২. ষ্টাইপেন্ড (Stipend): এপ্ৰেন্টিচশ্বিপ কৰি থকা সময়ত আপুনি বহি থাকিব নালাগে। কোম্পানীভেদে আপুনি প্ৰতি মাহে ৭,০০০ টকাৰ পৰা ৯,০০০ টকা পৰ্যন্ত হাত খৰচ (Stipend) পাব।

৩. ব্যৱহাৰিক অভিজ্ঞতা (Practical Experience): কিতাপত শিকা কথাখিনি মেচিনত হাত দি কৰিবলৈ ইয়াত সুযোগ পায়।

৪. SCVT-ক NCVT-ৰ মান্যতা: যিসকল ছাত্রই SCVT-ৰ পৰা ITI কৰে, তেওঁলোকে এপ্ৰেন্টিচশ্বিপ সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোকৰ যোগ্যতা কেন্দ্ৰীয় চাকৰিৰ বাবেও (NCVT-ৰ সমান) হৈ পৰে।

৫. অভিজ্ঞতাৰ চাৰ্টিফিকেট: ডাঙৰ কোম্পানীবোৰে চাকৰি দিয়াৰ সময়ত ১ বছৰৰ অভিজ্ঞতা বিচাৰে। এপ্ৰেন্টিচশ্বিপ কৰিলে আপুনি ১ বছৰৰ অভিজ্ঞতাসম্পন্ন বুলি গণ্য হ’ব।​

এপ্ৰেন্টিচশ্বিপ কেনেকৈ কৰিব ?

প্ৰথমে আপুনি চৰকাৰী পৰ্টেল apprenticeshipindia.gov.in-ত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। তাৰপিছত বিভিন্ন কোম্পানী (যেনে— OIL, NRL, PowerGrid) ৰ পৰা বিজ্ঞাপন ওলালে অনলাইন আবেদন কৰিব লাগিব। সাধাৰণতে ITI-ৰ নম্বৰৰ ওপৰত ভিত্তি কৰি মেধা তালিকা (Merit List) বনোৱা হয়।​

ITI-ৰ চাৰ্টিফিকেটখন এখন ‘পাছপৰ্ট’ৰ দৰে, কিন্তু এপ্ৰেন্টিচশ্বিপ হ’ল সেই ‘ভিছা’ যাৰ সহায়ত আপুনি চাকৰিৰ জগতত ভৰি দিব পাৰিব।​

অসম আৰু ভাৰতবৰ্ষৰ ভৱিষ্যত অৰ্থনীতিত ITI পাছ কৰা ছাত্ৰ-ছাত্ৰীৰ চাহিদা বা Demand বহুত বেছি বৃদ্ধি পাব। ইয়াৰ কাৰণসমূহ তলত আলোচনা কৰা হ’ল:​

১. অসমৰ প্ৰেক্ষাপটত ভৱিষ্যতৰ চাহিদা:​Semiconductor Plant:

টাটা গ্ৰুপে অসমৰ জাগীৰোডত এটা বিশাল ছেমিকণ্ডাক্টৰ প্রকল্প স্থাপন কৰিছে। ইয়াৰ ফলত অনাগত দিনত হাজাৰ হাজাৰ Electrician, Fitter, আৰু Electronic Mechanic-ৰ প্ৰয়োজন হ’ব।​তেল আৰু গেছ খণ্ডৰ সম্প্ৰসাৰণ: নুমলীগড় ৰিফাইনাৰী (NRL) আৰু ডিগবৈ ৰিফাইনাৰীৰ সম্প্ৰসাৰণৰ কাম চলি আছে। ইয়াৰ ফলত Welder, Fitter আৰু Diesel Mechanic-ৰ চাহিদা অসমত সদায় থাকিব।​সৌৰ শক্তি (Solar Energy): অসম চৰকাৰে বৰ্তমান সৌৰ শক্তিৰ ওপৰত গুৰুত্ব দিছে। প্ৰতিটো ঘৰতে ছ’লাৰ পেনেল লগোৱাৰ যি আঁচনি চলিছে, তাৰ বাবে দক্ষ Electrician-ৰ অভাবনীয় চাহিদা হ’ব।​

২. ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত (India Level):​Make in India & PLI Scheme:

ভাৰত চৰকাৰে ভাৰততে মবাইল, লেপটপ আৰু আন ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাণত গুৰুত্ব দিছে। ইয়াৰ বাবে লাখ লাখ আই.টি.আই (ITI) টেকনিচিয়ানৰ প্রয়োজন।​

Electric Vehicles (EV): ভৱিষ্যতে ৰাস্তাত ডিজেল-পেট্ৰ’ল গাড়ীৰ সলনি ইলেক্ট্ৰিক গাড়ী (EV) চলিব। এই গাড়ীবোৰ মেৰামতি কৰিবলৈ বিশেষভাৱে প্ৰশিক্ষিত Electrician আৰু Mechanic-ৰ ডিমাণ্ড বহুত বাঢ়িব।​

Digital India: ডিজিটেল ইণ্ডিয়া মিছনৰ বাবে সকলো চৰকাৰী কাৰ্যালয়ত কম্পিউটাৰ অপাৰেটৰৰ প্ৰয়োজন হয়। যাৰ ফলত COPA আৰু Stenographer-ৰ পদসমূহ সদায় খালী হৈ থাকে।

​৩. নিয়োগৰ ক্ষেত্ৰত পৰিৱৰ্তন:​

ভৱিষ্যতে কেৱল ডিগ্ৰী থকাতকৈ ‘Skill’ বা কাৰিকৰী জ্ঞান থকা লোকক কোম্পানীবোৰে বেছি অগ্ৰাধিকাৰ দিব। বৰ্তমান দক্ষ টেকনিচিয়ানৰ অভাৱৰ বাবে এজন অভিজ্ঞ আই.টি.আই যোগ্যতাই মাহে ৩০,০০০ টকাৰ পৰা ৪৫,০০০ টকা সহজেই উপাৰ্জন কৰিব পাৰে।

​কিয় ITI এটা ভাল কেৰিয়াৰ ?

​১/ কম সময়ত স্বাৱলম্বী: মাত্ৰ ১ বা ২ বছৰৰ কোৰ্চ কৰি আপুনি নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পাৰে।

২/ চৰকাৰী চাকৰিৰ নিশ্চয়তা: ৰে’লৱেৰ দৰে বিভাগত আই.টি.আই ছাত্ৰৰ বাবে সুকীয়া সংৰক্ষণ থাকে।

৩/ নিজাকৈ ব্যৱসায়: আপুনি কাৰোবাৰ তলত কাম নকৰিলেও নিজাকৈ এটা ৱৰ্কশ্বপ বা চাৰ্ভিচ চেণ্টাৰ খুলি ভাল উপাৰ্জন কৰিব পাৰে।​

অনাগত ৫-১০ বছৰত অসম আৰু ভাৰতত কিতাপ পঢ়া শিক্ষিত লোকতকৈ হাতে-কামে জনা Skilled Worker-ৰ আধিপত্য বেছি হ’ব। গতিকে ITI কৰাটো এটা অতি বুদ্ধিয়কৰ সিদ্ধান্ত হ’ব।

​ITI কেৰিয়াৰৰ মূল মন্ত্ৰ: সফল হোৱাৰ ৩ টা খোজ

১. ট্ৰেড নিৰ্বাচন (The Right Choice):

কেৱল নামভৰ্তি কৰিবৰ বাবে নকৰিব। যদি আপুনি মেচিন ভাল পায় তেন্তে Fitter/Diesel, যদি বিজুলীৰ কামত আগ্ৰহী তেন্তে Electrician, আৰু যদি অফিচৰ কাম বিচাৰে তেন্তে Steno/COPA বাছি লওক। মনত ৰাখিব, যি কামত আগ্ৰহ আছে, সেই কামতেহে আপুনি ‘এক্সপাৰ্ট’ হ’ব পাৰিব।​

২. নম্বৰ আৰু দক্ষতা (Percentage & Skill):

কেৱল চাৰ্টিফিকেট ল’লে নহ’ব। ৮০% ৰ ওপৰত নম্বৰ ৰাখিবলৈ চেষ্টা কৰক, কাৰণ OIL, ৰেলৱে আৰু ONGC-য়ে নম্বৰ চাইহে এপ্ৰেন্টিচশ্বিপলৈ মাতে। লগতে থিয়ৰীতকৈ হাতে-কামে কৰা (Practical) কামত বেছি গুৰুত্ব দিয়ক।​

৩. এপ্ৰেন্টিচশ্বিপ (The Game Changer):

ITI পাছ কৰাৰ লগে লগে বহি নাথাকিব। যিকোনো চৰকাৰী বা ডাঙৰ কোম্পানীত এপ্ৰেন্টিচশ্বিপ কৰক। ই আপোনাৰ চাৰ্টিফিকেটৰ ওজন বঢ়াই দিব আৰু চাকৰি পোৱাৰ পথ ২০% সহজ কৰি তুলিব।​

⚠️ বিশেষ সতৰ্কবাণী (Career Disclaimer):

AI বনাম ITI​মনত ৰাখিব, ভৱিষ্যতে AI-য়ে কম্পিউটাৰত কৰা বহুতো কাম (যেনে— ডাটা এন্ট্ৰি বা সাধাৰণ অফিচৰ কাম) কাঢ়ি ল’ব পাৰে, কিন্তু এজন ইলেক্ট্ৰিচিয়ান, ফিটাৰ বা মেকানিকৰ হাতৰ কাম কেতিয়াও AI-য়ে কৰিব নোৱাৰে।​AI-য়ে এটা চাৰ্কিট ডিজাইন কৰিব পাৰে, কিন্তু আপোনাৰ ঘৰৰ জ্বলি যোৱা ৱায়াৰিংডাল মেৰামতি কৰিবলৈ বা ৰিফাইনাৰীৰ এটা গধুৰ মেচিন ঠিক কৰিবলৈ এজন জীয়ন্ত মানুহ (Skilled Technician) সদায় লাগিবই। গতিকে, AI-ৰ যুগত আপোনাৰ ‘কাৰিকৰী দক্ষতা’ (Hand-on Skills) হ’ল আটাইতকৈ সুৰক্ষিত কেৰিয়াৰ। “কিতাপৰ জ্ঞানতকৈ হাতে-কামে কৰা অভিজ্ঞতাত বেছি জোৰ দিয়ক, কাৰণ যন্ত্ৰই যন্ত্ৰ চলাব পাৰে, কিন্তু যন্ত্ৰ মেৰামতি কৰিবলৈ এজন দক্ষ মানুহৰ মগজু আৰু হাতৰ প্ৰয়োজন।”

AI আহিলে কাম সহজ হ’ব পাৰে, কিন্তু ITI কৰা টেকনিচিয়ানৰ চাকৰি কাহানিও শেষ নহয়।

সমাজৰ চকু আৰু এজন ITI ছাত্ৰৰ ‘অব্যক্ত বেদনা’​আমাৰ সমাজত আজিও এটা অতি দুৰ্ভাগ্যজনক নিয়ম চলি আছে—

যিয়ে ডিগ্ৰী লয় তাক ‘জ্ঞানী’ আৰু যিয়ে হাতৰ কাম শিকে (ITI) তাক ‘অযোগ্য’ বুলি ভবা হয়। এই মানসিকতাৰ বাবে এজন ITI ছাত্ৰই বহু সময়ত এক মানসিক সংগ্ৰামৰ মাজেৰে পাৰ হ’বলগীয়া হয়:​

অৱজ্ঞাৰ দৃষ্টি: এজন ছাত্ৰই যেতিয়া ITI-ত নাম লগাই, তেতিয়া ওচৰ-চুবুৰীয়া বা আত্মীয়ই এনেকৈ চায় যেন তেওঁ পঢ়াত একেবাৰে বেয়া আছিল বা তেওঁৰ কোনো ভৱিষ্যত নাই।

​বিয়া-বাৰুৰ সমস্যা: শুনিবলৈ আচৰিত যেন লাগিলেও সঁচা যে, এজন চৰকাৰী ITI চাকৰিয়াল বা এজন দক্ষ ফিটাৰতকৈ আজিও সমাজত এজন কম দৰমহা পোৱা ‘অফিচৰ ক্লাৰ্ক’ক বেছি সন্মান দিয়া হয়। বহু সময়ত এজন কৰ্মঠ ITI যুৱকে কেৱল ‘টেকনিচিয়ান’ হোৱা বাবেই যোগ্য সন্মান নাপায়।​

কৰ্মৰ মৰ্যাদাৰ অভাৱ: এজন ITI টেকনিচিয়ানে দিনটো ৰ’দত ঘাম পেলাই বা মেচিনৰ তেল-মবিলত লুতুৰি-পুতুৰি হৈ কাম কৰি থাকোঁতে মানুহে তেওঁক ‘মিস্ত্ৰী’ বুলি ইতিকিং কৰে। কিন্তু তেওঁলোকে পাহৰি যায় যে সেই হাতৰ মবিলখিনিয়েই দেশৰ অৰ্থনীতিৰ চকাটো ঘূৰাই ৰাখিছে।​

এইটোৱেই আটাইতকৈ ডাঙৰ ট্ৰেজেডী যে যিজন যুৱকে ১৮-২০ বছৰ বয়সতে নিজৰ ভৰিৰ ওপৰত থিয় হৈ সমাজক পোহৰ দিয়ে বা যন্ত্ৰ ঠিক কৰি দিয়ে, তেওঁকেই সমাজে ‘সৰু’ বুলি গণ্য কৰে। কিন্তু সময় আহিছে এই মানসিকতা সলনি কৰাৰ। কাৰণ— হাতত কলম থকা জনতকৈ হাতত ‘স্কিল’ থকা জন কোনো গুণে কম নহয়।

সমাজৰ কথা নুশুনি নিজৰ কামত গুৰুত্ব দিয়ক​

সদায় মনত ৰাখিব— আপুনি কি কৰিছে বা কি পঢ়িছে, সেইটো লৈ সমাজে হাজাৰটা কথা ক’ব। কিন্তু সেই সমাজে আপোনাৰ ঘৰৰ অভাৱৰ সময়ত এমুঠি চাউল দি সহায় কৰিবলৈ নাহে।​

সমাজৰ কাম ক’ব পৰা: আপুনি যদি ঘৰত বহি থাকে, তেতিয়াও সমাজে ক’ব “একো কামৰ নহয়”; আৰু যদি আপুনি হাতে-কামে লাগি ITI কৰিছে, তেতিয়াও ক’ব “মিস্ত্ৰীৰ কাম কৰিছে”। গতিকে কাৰোবাৰ কথাত গুৰুত্ব দি নিজৰ মূল্যৱান সময় নষ্ট নকৰিব।​

সন্মানেৰে জীয়াই থকাৰ মন্ত্ৰ: কোনো কামেই সৰু নহয়। এজন অফিচৰ ক্লাৰ্কতকৈ এজন পাকৈত Electrician বা Fitter-এ বহু বেছি টকা উপাৰ্জন কৰে আৰু স্বাৱলম্বী হয়।​

নিজৰ লক্ষ্যত স্থিৰ থাকক: আপোনাৰ হাতৰ কাম (Skill) টোহে আপোনাৰ আচল চিনাকি। যিদিনা আপুনি নিজৰ ভৰিৰ ওপৰত থিয় হ’ব আৰু ঘৰখন চম্ভালিব পাৰিব, সেইদিনা এই একেখিনি সমাজেই আপোনাক হাত চাপৰি দিব।​গতিকে মনত ৰাখিব— “সমাজে নুখুৱায়, নিজৰ কামেহে খুৱাব।”

আনে কি কয় সেইটো ভবাটো এৰি দিয়ক আৰু নিজৰ ট্ৰেডত এজন ‘মাষ্টাৰ’ হোৱাৰ সংকল্প লওক। আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাই এদিন সমাজৰ মুখ বন্ধ কৰি দিব।

সতৰ্কবাণী আৰু অনুৰোধ (Disclaimer & Appeal)​

এই প্ৰবন্ধটোৰ জৰিয়তে আমি সমাজক বেয়া বুলি ক’ব বিচৰা নাই। আমাৰ উদ্দেশ্য হ’ল কেৱল ITI-ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে বাস্তৱিকতে যিবোৰ বাধা আৰু মানসিক সংগ্ৰামৰ মাজেৰে পাৰ হ’বলগীয়া হয়, সেই সত্যখিনি তুলি ধৰা।​যিহেতু বিষয়টোৰ প্ৰতিটো দিশ গভীৰভাৱে আলোচনা কৰা হৈছে, সেয়েহে এই প্ৰবন্ধটো অলপ দীঘলীয়া হ’ল। ইমান ডাঙৰ লেখা এটা লিখোঁতে অজ্ঞাতে কোনো শব্দৰ বানান (Spelling) বা বাক্য গঠনত (Sentence construction) কিবা ত্ৰুটি ৰৈ যাব পাৰে। যদি তেনে কিবা ভুল দেখা পায়, তেন্তে তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। অনুগ্ৰহ কৰি ভুলবোৰ আঙুলিয়াই দিলে আমি আগলৈ সেইবোৰ শুধৰাই ল’বলৈ চেষ্টা কৰিম।​আপোনালোকৰ সঁহাৰি আমাৰ বাবে অমূল্য।​

ধন্যবাদেৰে,

Mysmartstudy Team

অধিক জানিবৰ বাবে চৰকাৰী লিংকসমূহ:

​ITI কেৰিয়াৰ আৰু নামভৰ্তিৰ বিষয়ে অধিক তথ্য লাভ কৰিবলৈ তলৰ অফিচিয়েল ৱেবছাইটসমূহ ভ্ৰমণ কৰক:

Leave a Comment