পেৰামেডিকেল কি? উচ্চতৰ মাধ্যমিকৰ পাছত এটা উজ্জ্বল কেৰিয়াৰৰ পথ বৰ্তমান সময়ত স্বাস্থ্যসেৱা কেৱল ডাক্তৰ বা নাৰ্ছৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। এখন উন্নত চিকিৎসালয় বা এখন সফল স্বাস্থ্য ব্যৱস্থাৰ আঁৰত যিটো বিভাগৰ অৱদান আটাইতকৈ বেছি, সেয়া হৈছে পেৰামেডিকেল (Paramedical) বিভাগ। সাধাৰণতে বহুতৰে ধাৰণা থাকে যে চিকিৎসা বিজ্ঞানৰ কেৰিয়াৰ মানেই কেৱল ডাক্তৰ কিন্তু সত্যটো হ’ল যে এজন পেৰামেডিকেল পেছাদাৰীৰ সহায় অবিহনে এজন ডাক্তৰৰ বাবেও ৰোগ নিৰ্ণয় কৰা বা চিকিৎসা প্ৰদান কৰাটো প্ৰায় অসম্ভৱ। পেৰামেডিকেল শিক্ষা হৈছে এনে এক ব্যৱহাৰিক পাঠ্যক্ৰম যিয়ে এজন শিক্ষাৰ্থীক স্বাস্থ্যসেৱাৰ বিভিন্ন কাৰিকৰী দিশ যেনে— ৰক্ত পৰীক্ষা, এক্স-ৰে (X-Ray), ফিজিঅ’থেৰাপী বা জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে দক্ষ কৰি তোলে। বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ পিছত বিশ্বজুৰি এই খণ্ডত দক্ষ কৰ্মীৰ চাহিদা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে। যিসকল শিক্ষাৰ্থীয়ে অতি কম সময়ৰ ভিতৰত চিকিৎসা ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়ি সমাজৰ সেৱা কৰিব বিচাৰে, তেওঁলোকৰ বাবে পেৰামেডিকেল শিক্ষা এক সোণালী সুযোগ হ’ব পাৰে।

পেৰামেডিকেল (Paramedical) হৈছে চিকিৎসা বিজ্ঞানৰ এনে এটা শাখা যিয়ে ডাক্তৰসকলক ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰাত প্ৰত্যক্ষভাৱে সহায় কৰে। যদি ডাক্তৰজনক আমি এজন “কেপ্তেইন” বুলি ধৰোঁ, তেন্তে পেৰামেডিকেল কৰ্মীসকল হৈছে সেই শক্তিশালী “সৈন্য বাহিনী”, যাৰ অবিহনে যুদ্ধ জিকাটো অসম্ভৱ।
বৰ্তমান সময়ত পেৰামেডিকেলৰ ভূমিকা (Role of Paramedical)
১. সঠিক ৰোগ নিৰ্ণয়ত সহায় (Accuracy in Diagnosis):
আধুনিক চিকিৎসাত কেৱল লক্ষণ চাই চিকিৎসা কৰা নহয়। তেজৰ পৰীক্ষা (Blood Test), চিটি স্কেন (Computed Tomography scan) দৰে পৰীক্ষাবোৰৰ ওপৰত ভিত্তি কৰিহে ডাক্তৰে ঔষধ দিয়ে। এই সকলোবোৰ গুৰুত্বপূৰ্ণ কাম এজন পেৰামেডিকেল টেকনিচিয়ানৰ দ্বাৰাহে সম্পন্ন হয়। তেওঁলোকৰ সঠিক ৰিপৰ্টৰ ওপৰতে ৰোগীৰ জীৱন নিৰ্ভৰ কৰে।
২. জৰুৰীকালীন সাহায্য (Emergency Support):
দুৰ্ঘটনা বা জৰুৰীকালীন অৱস্থাত এম্বুলেন্সৰ ভিতৰতে ৰোগীক যি প্ৰাথমিক জীৱন-ৰক্ষাকাৰী চিকিৎসা (First Aid/Life Support) দিয়া হয়, সেয়া পেৰামেডিকেল কৰ্মীসকল কৰে। হাস্পতাল পোৱাৰ আগৰ সেই সোণালী সময়খিনিত (Golden Hour) তেওঁলোকৰ ভূমিকাই এজন মানুহৰ প্ৰাণ ৰক্ষা কৰে।
৩. অপাৰেচন থিয়েটাৰৰ গুৰুত্বপূৰ্ণ অংশ (OT Support):
অস্ত্ৰোপচাৰ বা অপাৰেচনৰ সময়ত কেৱল এজন চাৰ্জন বা ডাক্তৰেই যথেষ্ট নহয়। এনেছথেচিয়া (Anesthesia) দিয়াৰ পৰা আৰম্ভ কৰি যন্ত্ৰপাতিৰ তদাৰক কৰালৈকে সকলো কামতে এজন দক্ষ OT (Operation Technician)টেকনিচিয়ানৰ প্ৰয়োজন হয়।
৪. স্বাস্থ্যসেৱাৰ বোজা হ্ৰাস কৰা (Reducing Healthcare Burden):
বৰ্তমান সময়ত জনসংখ্যা অনুপাতে ডাক্তৰৰ সংখ্যা তুলনামূলকভাৱে কম। এনে পৰিপ্ৰেক্ষিতত পেৰামেডিকেল কৰ্মীসকলে ৰোগীৰ যত্ন লোৱা আৰু কাৰিকৰী কামবোৰ চম্ভালি লোৱাৰ ফলত চিকিৎসা ব্যৱস্থাটো অধিক গতিশীল হৈ পৰিছে।
৫. উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ (Handling Advanced Technology):
বৰ্তমানৰ ৰবটিক চাৰ্জাৰী, ডায়ালাইচিচ বা উন্নত ফিজিঅ’থেৰাপীৰ দৰে জটিল মেচিনবোৰ চলাবলৈ বিশেষজ্ঞ পেৰামেডিকেল কৰ্মীৰ প্ৰয়োজন। তেওঁলোক অবিহনে হাস্পতালৰ এই দামী মেচিনবোৰ অচল।
পেৰামেডিকেল পঢ়িবলৈ হ’লে মূলতঃ দুটা বাট আছে— এটা হ’ল উচ্চতৰ মাধ্যমিকৰ পাছত আৰু আনটো হ’ল মেট্ৰিকৰ পাছত। তলত ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো দিয়া হ’ল:
১. শিক্ষাগত অৰ্হতা (Eligibility)HS (Science) পাছ কৰাসকলৰ বাবে:
আপুনি যদি উচ্চতৰ মাধ্যমিকত Physics, Chemistry আৰু Biology (PCB) লৈ পাছ কৰিছে, তেন্তে আপুনি Degree (BMLT, BPT আদি) বা Diploma (DMLT আদি) ক’ৰ্ছ কৰিব পাৰে।
HSLC (মেট্ৰিক) পাছ কৰাসকলৰ বাবে: কিছুমান চুটি ডিগ্ৰী বা চাৰ্টিফিকেট ক’ৰ্ছ মেট্ৰিকৰ পাছতো কৰিব পাৰি, যদিও উচ্চতৰ মাধ্যমিকৰ পাছত কৰাটোৱে কেৰিয়াৰৰ বাবে বেছি ভাল।
২. নামভৰ্তিৰ প্ৰক্ৰিয়া (Admission Process)
অসমত পেৰামেডিকেল পঢ়িবলৈ সাধাৰণতে এইকেইটা পদ্ধতি অনুসৰণ কৰা হয়
চৰকাৰী কলেজত (Government Colleges): অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত থকা মেডিকেল কলেজবোৰত (যেনে— AMC, GMCH, JMCH আদি) পঢ়িবলৈ হ’লে আপুনি CEE (Combined Entrance Examination) বা PCB Percentage লাগিব। ইয়াৰ জাননী সাধাৰণতে মে’-জুন মাহৰ ফালে ওলায়।
বেচৰকাৰী কলেজত (Private Colleges):
বহুতো ব্যক্তিগত খণ্ডৰ ইনষ্টিটিউটে পোনপটীয়াকৈ (Direct Admission) বা নিজা এণ্ট্ৰেন্সৰ জৰিয়তে নামভৰ্তি লয়।
৩. ক’ৰ্ছৰ প্ৰকাৰ (Types of Courses)আপুনি নিজৰ সময় আৰু ইচ্ছা অনুযায়ী এইবোৰ বাছি ল’ব পাৰে:
Bachelor Degree (বি.এম.এল.টি, বি.পি.টি): ই ৩ ৰ পৰা ৪ বছৰীয়া ক’ৰ্ছ।
Diploma (ডি.এম.এল.টি, ডি.আৰ.টি): ই ২ বছৰীয়া ক’ৰ্ছ।
Certificate Course: ই ৬ মাহৰ পৰা ১ বছৰীয়া চুটি ক’ৰ্ছ।
৪. কি কি বিষয় পঢ়িব পাৰি? (Specialization)
Medical Lab Technology (MLT): তেজ-প্ৰস্ৰাৱ পৰীক্ষা কৰিবলৈ।
Radiology & Imaging: এক্স-ৰে, চিটি স্কেন কৰিবলৈ।
Physiotherapy: ব্যায়ামৰ জৰিয়তে চিকিৎসা কৰিবলৈ।
Operation Theatre Technology (OTT): অপাৰেচন থিয়েটাৰত সহায় কৰিবলৈ।
যদি আপুনি কোনো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত পেৰামেডিকেল পঢ়িবলৈ সিদ্ধান্ত লৈছে, তেন্তে সেই প্ৰতিষ্ঠানখন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত (Government Affiliated) হয় নে নহয়, সেইটো পৰীক্ষা কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাম।
১. স্বীকৃতিৰ গুৰুত্ব (Importance of Affiliation):
চৰকাৰী স্বীকৃতি নথকা প্ৰতিষ্ঠানৰ পৰা ডিগ্ৰী বা ডিপ্লমা ল’লে পৰৱৰ্তী সময়ত চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰি। আনকি ব্যক্তিগত খণ্ডৰ ডাঙৰ হাস্পতালবোৰেও এনে চাৰ্টিফিকেট গ্ৰহণ নকৰে।
২. অসমত কাৰ স্বীকৃতি থাকিব লাগিব ?
অসমত পেৰামেডিকেল পাঠ্যক্ৰম পৰিচালনা কৰাৰ বাবে মূলত: “Srimanta Sankaradeva University of Health Sciences” (SSUHS) ৰ স্বীকৃতি থকাটো বাধ্যতামূলক।
৩. নামভৰ্তিৰ আগতে কি কি পৰীক্ষা কৰিব ?
প্ৰতিষ্ঠানখনে প্ৰদান কৰা ডিগ্ৰী বা ডিপ্লমা চৰকাৰী পৰ্যায়ত গ্ৰহণযোগ্য নে ? প্ৰতিষ্ঠানখনৰ নিজা পৰীক্ষাগাৰ (Lab) আৰু প্ৰেক্টিকেল ট্ৰেইনিঙৰ বাবে হাস্পতালৰ সৈতে সংযোগ (Tie-up) আছে নে ? উক্ত প্ৰতিষ্ঠানৰ পৰা পাছ কৰি ওলোৱা পূৰ্বৰ ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী পঞ্জীয়ন (Registration Number) পাইছে নে ?
পেৰামেডিকেলত ভৱিষ্যত সংস্থাপন: চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ এক আলোকপাত
পেৰামেডিকেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত কেৰিয়াৰ গঢ়াৰ বাবে বৰ্তমান সময়ত ব্যাপক সুযোগ আছে। এজন শিক্ষাৰ্থীয়ে নিজৰ লক্ষ্য আৰু দক্ষতা অনুযায়ী তলত দিয়া ধৰণে সংস্থাপিত হ’ব পাৰে:
১. চৰকাৰী খণ্ডত সুযোগ (Government Sector)চৰকাৰী চাকৰিৰ ক্ষেত্ৰত স্থায়িত্ব আৰু সামাজিক মৰ্যাদা বেছি।অসম চৰকাৰৰ অধীনত:
অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয় (Medical Colleges), জিলা চিকিৎসালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত (PHC) নিয়মীয়াকৈ লেব টেকনিচিয়ান, ৰেডিঅ’গ্ৰাফাৰ আৰু ফিজিঅ’থেৰাপীষ্টৰ নিযুক্তি প্ৰক্ৰিয়া চলে। বিশেষকৈ ‘National Health Mission’ (NHM) ৰ অধীনত বহুতো পদত ভৰ্তি কৰা হয়।
কেন্দ্ৰীয় চৰকাৰৰ অধীনত: AIIMS, ৰে’লৱে হাস্পতাল (Railway Jobs), আৰু সামৰিক বাহিনীৰ চিকিৎসা বিভাগত পেৰামেডিকেল কৰ্মীৰ বাবে উচ্চ দৰমহাৰ চাকৰি থাকে। SSC (Staff Selection Commission) ৰ জৰিয়তেও এই পদসমূহ পূৰণ কৰা হয়।
২. ব্যক্তিগত খণ্ডত সুযোগ (Private Sector)ব্যক্তিগত খণ্ডত সুযোগ আটাইতকৈ বেছি আৰু ইয়াত উন্নতিৰ গতিও খৰতকীয়া।কৰ্পোৰেট হাস্পতাল:
এপ’ল’ (Apollo) বা অসমৰ দামী ব্যক্তিগত হাস্পতালসমূহৰ অত্যাধুনিক লেব আৰু ডায়গনিষ্টিক কেন্দ্ৰবোৰত দক্ষ টেকনিচিয়ানৰ সদায় প্ৰয়োজন।
ডায়গনিষ্টিক চেইন: বৰ্তমান সময়ত ডায়গনিষ্টিক চেণ্টাৰসমূহ গাওঁ-ভূঁই সকলোতে বিয়পি পৰিছে। ইয়াৰ ফলত নিয়োগৰ এক বিশাল বজাৰ সৃষ্টি হৈছে।
৩. ভৱিষ্যতে স্ব-সংস্থাপন (Self-Employment/Entrepreneurship)পেৰামেডিকেল শিক্ষাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ইয়াৰ জৰিয়তে নিজে ব্যৱসায় বা স্ব-সংস্থাপনৰ পথ বাছি ল’ব পাৰি। নিজস্ব লেব বা ডায়গনিষ্টিক চেণ্টাৰ:
এজন অভিজ্ঞ টেকনিচিয়ানে চৰকাৰী অনুজ্ঞাপত্ৰ (License) লৈ নিজাকৈ তেজ পৰীক্ষা কেন্দ্ৰ বা এক্স-ৰে ক্লিনিক খুলিব পাৰে।
ফিজিঅ’থেৰাপী চেণ্টাৰ: ফিজিঅ’থেৰাপী পঢ়াসকলে নিজাকৈ ক্লিনিক খুলি বা ঘৰে ঘৰে গৈ সেৱা আগবঢ়াই মাহিলি উপাৰ্জন কৰিব পাৰে।
অসমৰ বিভিন্ন প্ৰতিষ্ঠানত পেৰামেডিকেলৰ মুঠ আসনৰ সংখ্যা (Seat Capacity), উপলব্ধ বিভাগসমূহ (Departments) আৰু নামভৰ্তিৰ বিতং নিৰ্দেশিকা জানিবলৈ আপুনি তলৰ লিংকটোত ক্লিক কৰিব পাৰে:
https://share.google/7S3TqgJWCmXYC9qJ0
চৰকাৰী বনাম বেচৰকাৰী প্ৰতিষ্ঠান: পঢ়াৰ খৰচ
| চৰকাৰী প্ৰতিষ্ঠান | বেচৰকাৰী প্ৰতিষ্ঠান | |
| মুঠ পাঠ্যক্ৰমৰ মাচুল | অত্যন্ত কম (বছৰেকীয়া প্ৰায় ₹৫০০০-₹২০০০০) | বেছি (বছৰেকীয়া প্ৰায় ₹৪০০০০-₹১ লাখ+) |
| প্ৰৱেশ পৰীক্ষা | CEE এণ্ট্ৰেন্স বা PCB (%)বাধ্যতামূলক। | মেৰিট বা পোনপটীয়া নামভৰ্তি |
| প্ৰেক্টিকেল সুবিধা | চৰকাৰী হাস্পতালৰ বিশাল অভিজ্ঞতা | নিজা লেব বা টাই-আপ থকা হাস্পতাল |
ওপৰত উল্লেখ কৰা খৰচৰ পৰিমাণ এক আনুমানিক গড় হিচাপহে। প্ৰতিষ্ঠানৰ স্থান (Location), উপলব্ধ সা-সুবিধা আৰু আন্তঃগাঁথনিৰ ওপৰত ভিত্তি কৰি এই মাচুল ঠাইভেদে কম-বেছি হ’ব পাৰে। গতিকে নামভৰ্তিৰ আগতে সংশ্লিষ্ট প্ৰতিষ্ঠানৰ পৰা সঠিক মাচুলৰ বিষয়ে জানি লোৱাটো বাঞ্ছনীয়।
বৰ্তমানৰ দ্ৰুতবেগী স্বাস্থ্যসেৱা খণ্ডত পেৰামেডিকেল শিক্ষা কেৱল এখন কেৰিয়াৰৰ দুৱাৰেই নহয়, বৰঞ্চ সমাজসেৱাৰ এক অনন্য মাধ্যম। এজন ডাক্তৰে যদি এজন ৰোগীক জীৱনদান দিয়ে, তেন্তে সেই প্ৰক্ৰিয়াক সফল কৰি তোলাত পেৰামেডিকেল কৰ্মীসকলৰ ভূমিকা সদায় অনবদ্য। কম সময়ৰ ভিতৰতে স্বাৱলম্বী হ’ব বিচৰা আৰু চিকিৎসা বিজ্ঞানৰ প্ৰতি আগ্ৰহ থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ই এক নিশ্চিত আৰু উজ্জ্বল ভৱিষ্যতৰ পথ। অৱশ্যে, সফলতাৰ বাবে কেৱল এটা ডিগ্ৰী লোৱাই যথেষ্ট নহয়, সঠিক শিক্ষানুষ্ঠান নিৰ্বাচন কৰা আৰু কাৰিকৰী দিশত পাৰদৰ্শিতা লাভ কৰাটোহে আচল কথা। যদি আপোনাৰ মাজত নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ মানসিকতা আছে, তেন্তে পেৰামেডিকেল খণ্ডই আপোনাক দিব পাৰে এক মৰ্যাদাপূৰ্ণ জীৱন আৰু আৰ্থিক স্বচ্ছলতা। গতিকে, সঠিক পৰিকল্পনাৰে আগবাঢ়ক আৰু স্বাস্থ্যসেৱাৰ এই মহান যাত্ৰাৰ অংশীদাৰ হওক।
বিশেষ সতৰ্কীকৰণ (Disclaimer)
আশা কৰোঁ, আমাৰ এই প্ৰবন্ধটোৰ জৰিয়তে আপুনি পেৰামেডিকেল শিক্ষাৰ বিষয়ে এক সম্যক ধাৰণা লাভ কৰিবলৈ সক্ষম হৈছে। যদি আপুনি এই বিষয়ত উচ্চশিক্ষা গ্ৰহণ কৰিব বিচাৰে, তেন্তে অধিক তথ্যৰ বাবে চৰকাৰী বিভাগ Director of Medical Education (DME)-ৰ আধিকাৰিক ৱেবচাইটত চকু ৰাখিবলৈ অনুৰোধ জনালোঁ।যিহেতু আমি সকলোৱে নিৰন্তৰ শিকি আছোঁ, সেয়েহে এই প্ৰবন্ধটো প্ৰস্তুত কৰোঁতে কিবা অনিচ্ছাকৃত শব্দৰ ভুল বা বাক্য গাঁথনিত ত্ৰুটি ৰৈ যাব পাৰে। তেনে কোনো ভুলৰ বাবে Team My Smart Study আন্তৰিকতাৰে ক্ষমাপ্ৰাৰ্থী। আমাৰ মূল লক্ষ্য হৈছে আপোনালোকক শুদ্ধ আৰু সহায়কাৰী তথ্য আগবঢ়োৱা।
ধন্যবাদেৰে
Team My Smart Study