ভাৰতীয় নৌসেনা, ক’ষ্ট গাৰ্ড আৰু মাৰ্চেণ্ট নেভিৰ মাজৰ পাৰ্থক্য ভাৰতৰ ভৌগোলিক অৱস্থান লক্ষ্য কৰিলে দেখা যায় যে আমাৰ দেশখন তিনিফালে বিশাল সাগৰ আৰু মহাসাগৰেৰে আবৃত। প্ৰায় ১১,০৯৮.৮১ কিলোমিটাৰ দীঘল এই বিশাল উপকূলীয় সীমা আৰু সামুদ্ৰিক বাণিজ্যৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব পালন কৰে আমাৰ গৌৰৱান্বিত ভাৰতীয় নৌসেনাই (Indian Navy)। বৰ্তমানৰ গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ প্ৰেক্ষাপটত নৌসেনাৰ ভূমিকা কেৱল যুদ্ধক্ষেত্ৰতে সীমাবদ্ধ নহয়, বৰঞ্চ ই দেশৰ সুৰক্ষা আৰু উন্নয়নৰ এক অন্যতম স্তম্ভ। আজিৰ এই বিশেষ প্ৰবন্ধ আমি ভাৰতীয় নৌসেনাৰ ইতিহাস, ইয়াৰ বৰ্তমানৰ শক্তি, গুৰুত্বপূৰ্ণ যুদ্ধ জাহাজসমূহ আৰু দেশৰ যুৱপ্ৰজন্মৰ বাবে ইয়াত থকা কেৰিয়াৰৰ সুযোগসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম। যদি আপুনি এগৰাকী দেশপ্ৰেমী ভাৰতীয় বা এগৰাকী প্ৰতিৰক্ষা বিভাগৰ উচ্চাকাংক্ষী (Defense Aspirant), তেন্তে এই তথ্যসমৃদ্ধ লেখাটোৱে আপোনাক নিশ্চয়কৈ উপকৃত কৰিব।

ভাৰতীয় নৌসেনাৰ জন্ম (Origin of Indian Navy)
ভাৰতীয় নৌসেনাৰ ইতিহাস বহু পুৰণি যদিও ইয়াৰ আধুনিক ৰূপটো এনেধৰণৰ:ইষ্ট ইণ্ডিয়া কোম্পানীৰ দিনত:
১৬১২ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ বাণিজ্যিক জাহাজবোৰৰ সুৰক্ষাৰ বাবে ‘East India Company’s Marine’ গঠন কৰিছিল। পৰৱৰ্তী সময়ত ইয়াৰ নাম কেইবাবাৰো সলনি হৈ ১৮৯২ চনত ‘Royal Indian Marine’ হয়।
ৰয়েল ইণ্ডিয়ান নেভি: ১৯৩৪ চনত ইয়াৰ নাম ‘Royal Indian Navy’ কৰা হয়।
আধুনিক ভাৰতীয় নৌসেনা: ২৬ জানুৱাৰী, ১৯৫০ চনত ভাৰত গণৰাজ্য হোৱাৰ দিনাই ইয়াৰ নামৰ পৰা ‘Royal’ শব্দটো আঁতৰাই ‘Indian Navy’ ৰখা হয়।
নৌসেনা দিৱস: ৪ ডিচেম্বৰ তাৰিখে প্ৰতি বছৰে ‘নৌসেনা দিৱস’ পালন কৰা হয় (১৯৭১ চনৰ পাকিস্তানৰ সৈতে হোৱা যুদ্ধৰ ‘অপাৰেচন ট্ৰাইডেণ্ট’ৰ স্মৃতিত।
ইণ্ডিয়ান ক’ষ্ট গাৰ্ড কি? (What is Indian Coast Guard?)
বহুতৰে মনত ধাৰণা থাকে যে নৌসেনা আৰু ক’ষ্ট গাৰ্ড একেই, কিন্তু আচলতে ইহঁতৰ কাম বেলেগ:
পৰিচয়: ইণ্ডিয়ান ক’ষ্ট গাৰ্ড (ICG) হৈছে এক অৰ্ধসামৰিক বাহিনী যিয়ে ভাৰতৰ জলসীমাৰ ভিতৰত আইন প্ৰয়োগ কৰে।
মুখ্য কাম: সাগৰীয় পথত চোৰাং ব্যপাৰ (Smuggling) আৰু ডকাইতি ৰোধ কৰা।মাছমৰীয়াসকলক সুৰক্ষা আৰু বিপদৰ সময়ত সহায় কৰা।সাগৰীয় প্ৰদূষণ (Oil Spill) নিয়ন্ত্ৰণ কৰা।
পাৰ্থক্য: নৌসেনাই (Navy) গভীৰ সাগৰত দেশৰ বাবে যুদ্ধ কৰে আৰু শত্ৰুৰ পৰা ৰক্ষা কৰে, আনহাতে ক’ষ্ট গাৰ্ডে (Coast Guard) উপকূলীয় অঞ্চলত আৰক্ষীৰ দৰে নিৰীক্ষণ চলায়।
ভাৰতীয় নৌসেনাৰ বৰ্তমান আৰু ভৱিষ্যত
বৰ্তমান (Current Status)ভাৰতীয় নৌসেনাৰ ওচৰত ১৩০ তকৈও অধিক যুদ্ধজাহাজ আৰু চাবমেৰিন আছে।আমাৰ ওচৰত দুখন বিমানবাহী জাহাজ (INS Vikramaditya আৰু INS Vikrant) আছে, যিয়ে ভাৰতক পৃথিৱীৰ শক্তিশালী দেশৰ শাৰীত থিয় কৰাইছে। ভাৰতীয় নৌসেনাক এতিয়া ‘Blue Water Navy’ বুলি কোৱা হয়, কাৰণ আমি নিজৰ উপকূলৰ পৰা বহু দূৰলৈ গৈও অভিযান চলাব পাৰোঁ।
ভৱিষ্যত (Future Outlook)প্ৰযুক্তিগত উন্নতি:
নৌসেনাই এতিয়া AI (Artificial Intelligence) আৰু মানৱবিহীন ড্ৰোন (Unmanned Systems) ব্যৱহাৰত গুৰুত্ব দিছে।
তৃতীয় বিমানবাহী জাহাজ:
অতি সোনকালে আৰু এখন ডাঙৰ বিমানবাহী জাহাজ (INS Vishal) নিৰ্মাণৰ পৰিকল্পনা চলি আছে।
স্বদেশী নিৰ্মাণ:
২০৪৭ চনৰ ভিতৰত ভাৰতীয় নৌসেনাই সম্পূৰ্ণৰূপে ‘Atmanirbhar’ হোৱাৰ লক্ষ্য লৈছে, য’ত প্ৰতিখন জাহাজ আৰু চাবমেৰিন ভাৰততে নিৰ্মিত হ’ব।
নৌসেনাৰ বিষয়াৰ ৰেংক (Commissioned Officers)
এইটো এজন অফিচাৰৰ সৰ্বনিম্ন ৰেংকৰ পৰা সৰ্বোচ্চলৈ
| Serial No. | Indian Navy | Indian Coast Guard |
| 1. | Sub Lieutenant | Assistant Commandant |
| 2. | Lieutenant | Deputy Commandant |
| 3. | Lieutenant Commander | Commandant ( Jr.Grade ) |
| 4. | Commander | Commandant |
| 5. | Captain | Deputy Inspector General |
| 6. | Commodore | Inspector General |
| 7. | Rear Admiral | Additional Director General |
| 8. | Vice Admiral | Director General |
| 9. | Admiral (Chief of Navy) |
জুনিয়ৰ কমিছনড অফিচাৰ (JCO Equivalent)
| Indian Navy | Coast Guard |
| Chief Petty Officer | Pradhan Navik /Adhikari |
| Master Chief Petty Officer (ll Class) | Uttam Adhikari |
| Master Chief Petty | Pradhan AdhikariOfficer |
নাবিকৰ ৰেংক (Sailors / Enrolled Personnel)
| Indian Navy | Indian Coast Guard |
| Seaman II | Navik |
| Seaman I | Uttam Navik |
| Leading Seaman | Pradhan Navik |
| Petty Officer | Adhikari |
মেৰিন কেৰিয়াৰৰ তুলনা: Indian Navy vs Coast Guard vs Merchant Navy
ভাৰতীয় নৌসেনা (Indian Navy) ত কেনেকৈ সোমাব ?
নৌসেনাত অফিচাৰ হ’বলৈ এইকেইটা প্ৰধান পথ:
NDA (National Defence Academy): ১২ মান শ্ৰেণীৰ পাছত (Maths/Physics/Chemistry) থাকিব লাগিব)।
CDS (Combined Defence Services): গ্ৰেজুৱেশ্যনৰ পাছত (যিকোনো ষ্ট্ৰীম বা ইঞ্জিনীয়াৰিং)।
INET (Indian Navy Entrance Test): নৌসেনাৰ নিজা পৰীক্ষা, য’ত ইঞ্জিনীয়াৰিং ডিগ্ৰীধাৰীসকলে Technical Branch-ৰ বাবে আবেদন কৰিব পাৰে।
SSC (Short Service Commission): ইঞ্জিনীয়াৰিং মাৰ্কছৰ ভিত্তিত পোনে পোনে SSB Interview-লৈ মাতিব পাৰে(Electrical/Mechanical/Electronics-ৰ বাবে)।
ইণ্ডিয়ান ক’ষ্ট গাৰ্ড (Coast Guard) ত কেনেকৈ সোমাব ?
CGCAT (Coast Guard Common Admission Test): এইটো Assistant Commandant (অফিচাৰ) পদৰ বাবে দিব লাগে। ইয়াত General Duty আৰু Technical (Engineering) শাখা থাকে।
Navik (GD/DB): মেট্ৰিক বা উচ্চতৰ মাধ্যমিকৰ পাছত নাবিক হিচাপে সোমাবলৈ এই পৰীক্ষা দিব লাগে।
মাৰ্চেণ্ট নেভি (Merchant Navy) ত কেনেকৈ সোমাব ?
মাৰ্চেণ্ট নেভি সম্পূৰ্ণ বেলেগ, ইয়াত কোনো ডিফেন্স পৰীক্ষা নাথাকে:
IMU-CET: এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা। Indian Maritime University-ৰ অধীনত থকা কলেজত Nautical Science বা Marine Engineering পঢ়িবলৈ এইটো দিবই লাগিব।
ETO Course (Electro-Technical Officer): Electrical/Electronics ইঞ্জিনীয়াৰিং কৰিছে, তেওঁলোকে ৪ মহীয়া এটা ETO কৰ্চ কৰি মাৰ্চেণ্ট নেভিত বহুত বেছি দৰমহাত সোমাব পাৰে।
ভাৰতীয় নৌসেনা (Indian Navy) ট্ৰেইনিং কলেজনৌসেনাত অফিচাৰ বা নাবিক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতহে এইবোৰত ট্ৰেইনিং দিয়া হয়:
Indian Naval Academy (INA), Ezhimala (Kerala): ই হ’ল নৌসেনাৰ আটাইতকৈ ডাঙৰ অফিচাৰ ট্ৰেইনিং একাডেমি। NDA বা CDS পাছ কৰাৰ পাছত ইয়াত ট্ৰেইনিং হয়।
INS Chilka (Odisha): যিসকল ল’ৰা-ছোৱালীয়ে ‘Agniveer’ (SSR/MR) হিচাপে নিৰ্বাচিত হয়, তেওঁলোকৰ প্ৰাথমিক ট্ৰেইনিং ইয়াতেই হয়।
INS Valsura (Jamnagar, Gujarat): নৌসেনাৰ সকলো ‘Electrical Branch’-ৰ অফিচাৰ আৰু নাবিকৰ টেকনিকেল ট্ৰেইনিং ইয়াতেই হয়।
INS Shivaji (Lonavala, Maharashtra): ইয়াত ‘Engineering Branch’ (Mechanical) ৰ ট্ৰেইনিং দিয়া হয়।
ইণ্ডিয়ান ক’ষ্ট গাৰ্ড (Coast Guard) ট্ৰেইনিং কলেজ
Indian Coast Guard Academy (ICGA), Mangalore (Karnataka): বৰ্তমান ক’ষ্ট গাৰ্ডৰ নিজা একাডেমিটো ইয়াতেই নিৰ্মাণ হৈ আছে।
INS Mandovi (Goa): বৰ্তমান ক’ষ্ট গাৰ্ডৰ অফিচাৰসকলক (Assistant Commandant) নৌসেনাৰ লগতে ইয়াতে ট্ৰেইনিং দিয়া হয়।
Coast Guard Training Centre, Kochi: ইয়াত ‘Navik’ আৰু অন্যান্য কৰ্মচাৰীৰ ট্ৰেইনিং হয়।
মাৰ্চেণ্ট নেভি (Merchant Navy) কলেজ
মাৰ্চেণ্ট নেভিত চাকৰি পোৱাৰ আগতে এইবোৰ কলেজত পঢ়িব লাগিব
(IMU-CET পৰীক্ষাৰ জৰিয়তে): Indian Maritime University (IMU) Campuses: ইয়াৰ কেইবাটাও কেম্পাছ আছে— চেন্নাই, মুম্বাই, কলকাতা আৰু বিশাখাপট্টনমত।
T.S. Rahaman (Mumbai): ই ভাৰতৰ আটাইতকৈ পুৰণি আৰু নামী মাৰ্চেণ্ট নেভি ট্ৰেইনিং ইনষ্টিটিউট।
Tolani Maritime Institute (Pune): প্ৰাইভেট কলেজ হ’লেও ইয়াৰ কেম্পাছ প্লেচমেণ্ট বহুত ভাল।
Marine Engineering and Research Institute (MERI), Kolkata: মেৰিন ইঞ্জিনীয়াৰিং পঢ়িবৰ বাবে এখন শ্ৰেষ্ঠ কলেজ।
Seven Islands Maritime Training Institute: মুম্বাইত থকা এখন আগশাৰীৰ প্ৰতিষ্ঠান।
ম’টো বা আদৰ্শ বাক্য (Motto)প্ৰতিটো বাহিনীৰ নিজা একোটা অনুপ্ৰেৰণা যোগোৱা বাক্য থাকে:
ভাৰতীয় নৌসেনা (Indian Navy): শং নো বৰুণঃ (Sham No Varunah)অৰ্থ: “পানীৰ দেৱতা বৰুণ আমাৰ বাবে শুভ হওক।” (May the Lord of Water be auspicious unto us.)
ইণ্ডিয়ান ক’ষ্ট গাৰ্ড (Indian Coast Guard):বয়ম ৰক্ষামঃ (Vayam Rakshamah)অৰ্থ: “আমি সুৰক্ষা দিওঁ।” (We Protect.)
মাৰ্চেণ্ট নেভি (Merchant Navy): যিহেতু ই এক বাণিজ্যিক খণ্ড, ইয়াৰ কোনো নিৰ্দিষ্ট চৰকাৰী ম’টো নাথাকে। কিন্তু ইয়াৰ মূল মন্ত্ৰ হ’ল— “Safe Ships, Clean Oceans” (সুৰক্ষিত জাহাজ, নিকা সাগৰ)।
কমাণ্ড (Commands)
ভাৰতীয় সেনাত (Army) যেনেকৈ ‘ৰেজিমেন্ট’ (যেনে— অসম ৰেজিমেন্ট) থাকে, নৌসেনাত তেনেকৈ নাথাকে। নৌসেনা আৰু ক’ষ্ট গাৰ্ডক কমাণ্ড (Commands) হিচাপেহে ভাগ কৰা হয়
ভাৰতীয় নৌসেনাৰ কমাণ্ড (Navy Commands):নৌসেনাৰ ৩ টা মুখ্য কমাণ্ড আছে:
Western Naval Command: ইয়াৰ হেডকুৱাৰ্টাৰ মুম্বাইত।
Eastern Naval Command: ইয়াৰ হেডকুৱাৰ্টাৰ বিশাখাপট্টনমত।
Southern Naval Command: ইয়াৰ হেডকুৱাৰ্টাৰ কোচিনত।
ইণ্ডিয়ান ক’ষ্ট গাৰ্ডৰ অঞ্চল (Coast Guard Regions)ক’ষ্ট গাৰ্ডৰ ৫ টা আঞ্চলিক কমাণ্ড আছে:
পশ্চিম (মুম্বাই), পূব (চেন্নাই), উত্তৰ-পশ্চিম (গান্ধীনগৰ), আন্দামান আৰু নিকোবৰ (পৰ্ট ব্লেয়াৰ) আৰু উত্তৰ-পূব (কলকাতা)।
কমাণ্ডো বাহিনী (Special Forces)
সাগৰৰ বুকুত বিপদজনক অভিযান চলাবলৈ আমাৰ ওচৰত বিশ্বমানৰ কমাণ্ডো আছে
MARCOS (Marine Commandos): ভাৰতীয় নৌসেনাৰ বিশেষ কমাণ্ডো বাহিনী। তেওঁলোকক “The Crocodile” বুলিও কোৱা হয়। তেওঁলোকে পানী, স্থল আৰু আকাশ— তিনিওটা মাধ্যমতে যুদ্ধ কৰিব পাৰে। তেওঁলোকৰ ট্ৰেইনিং বিশ্বৰ ভিতৰতে কঠিন বুলি ধৰা হয়।
Coast Guard কমাণ্ডো: ক’ষ্ট গাৰ্ডৰ নিজা কোনো বিশেষ নাম থকা কমাণ্ডো বাহিনী নাই, কিন্তু তেওঁলোকৰ ওচৰত Specialized Squadrons আৰু দ্ৰুত সঁহাৰি জনোৱা দল থাকে যিয়ে সাগৰীয় ডকাইতি বা উদ্ধাৰ অভিযানত কমাণ্ডোৰ দৰে কাম কৰে।
মাৰ্চেণ্ট নেভিৰ ব্যৱস্থা
মাৰ্চেণ্ট নেভিত কোনো ৰেজিমেন্ট বা কমাণ্ডো নাথাকে। ইয়াত জাহাজবোৰক কোম্পানী অনুসৰি ভাগ কৰা হয় (যেনে— Maersk, MSC, Fleet Management)। ইয়াত কোনো যুদ্ধৰ বাবে প্ৰশিক্ষণ দিয়া নহয়, কেৱল বাণিজ্যিক কাম আৰু সুৰক্ষাৰ বাবেহে প্ৰশিক্ষণ দিয়া হয়।
ভাৰতীয় নৌসেনা (Indian Navy) – শক্তিৰ পৰিসংখ্যা
| বিভাগ | সংখ্যা ( প্ৰায় ) | বিশেষ তথ্য |
| যুদ্ধ জাহাজ | ১৫০+ | ইয়াত Destroyer, Frigate, Corvette আদি |
| বিমানবাহী জাহাজ | ০২ | INS Vikramaditya আৰু INS Vikrant |
| চাবমেৰিন | ১৭+ | ইয়াৰ ভিতৰত পৰমাণু চাবমেৰিনো আছে |
| হেলিকপ্টাৰ / বিমান | ৩০০+ | MiG-29K যুঁজাৰু বিমান, P-8I নিৰীক্ষণ বিমান আৰু MH-60R হেলিকপ্টাৰ আছে |
অসমৰ গৌৰৱ – INS Brahmaputra: ভাৰতীয় নৌসেনাৰ এখন অতি শক্তিশালী ‘Frigate’ যুদ্ধ জাহাজৰ নাম আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ নামত ৰখা হৈছে। এইখন এখন গাইডেড-মিছাইল ফ্ৰিগেট, যিয়ে জলসেনাক অধিক শক্তিশালী কৰিছে।
ইণ্ডিয়ান ক’ষ্ট গাৰ্ড (Indian Coast Guard)
ক’ষ্ট গাৰ্ডৰ কাম যিহেতু উপকূল সুৰক্ষিত কৰা, তেওঁলোকৰ ওচৰত সৰু আৰু মধ্যম জোখৰ দ্ৰুতবেগী জাহাজ বেছি থাকে।
জাহাজ (Vessels/Ships): প্ৰায় ১৬০ তকৈও অধিক। ইয়াত Offshore Patrol Vessels (OPV) আৰু Fast Patrol Vessels থাকে।
বিমান /হেলিকপ্টাৰ: প্ৰায় ৮০ খন। মূলত Dornier বিমান আৰু ALH Dhruv হেলিকপ্টাৰ ব্যৱহাৰ কৰা হয়।
মাৰ্চেণ্ট নেভি (Merchant Navy)
মাৰ্চেণ্ট নেভি যিহেতু কোনো এটা নিৰ্দিষ্ট চৰকাৰী বাহিনী নহয়, ইয়াত হাজাৰ হাজাৰ জাহাজ থাকে।
ভাৰতীয় পঞ্জীয়নভুক্ত জাহাজ: ভাৰতৰ পতাকা লৈ প্ৰায় ১,৫০০ তকৈও অধিক বাণিজ্যিক জাহাজ বিশ্বৰ সাগৰত চলি আছে।ইয়াত কাৰ্গ’ জাহাজ, তেলৰ টেংকাৰ, গেছ কেৰিয়াৰ আৰু যাত্ৰী কঢ়িওৱা ক্ৰুইজ শিপ আদি থাকে।
যুঁজাৰু বিমান আৰু চাবমেৰিনৰ চমু আভাসINS Vikramaditya & Vikrant:
এই দুখন কেৱল জাহাজ নহয়, ইহঁত সাগৰৰ বুকুত থকা বিমানঘাটি। ইয়াত ২৫-৩০ খন যুঁজাৰু বিমান আৰু কেইবাখনো হেলিকপ্টাৰ একেলগে থাকিব পাৰে।
চাবমেৰিন (Submarine):
ভাৰতে এতিয়া ‘Scorpene Class’ (Kalvari Class) চাবমেৰিন নিৰ্মাণ কৰি আছে। ই সাগৰৰ তলতে থাকি শত্ৰুক ধৰা পেলাব পাৰে।
ভাৰতীয় নৌসেনা, ইণ্ডিয়ান ক’ষ্ট গাৰ্ড আৰু মাৰ্চেণ্ট নেভি— এই তিনিওটা বিভাগেই দেশৰ অৰ্থনীতি আৰু সুৰক্ষাৰ বাবে অপৰিহাৰ্য। কিন্তু এজন কেৰিয়াৰ নিৰ্বাচন কৰোঁতা হিচাপে আপোনাৰ লক্ষ্য কি, তাৰ ওপৰতহে নিৰ্ভৰ কৰিব আপুনি কোনটো পথ বাছি ল’ব।যদি আপোনাৰ মনত অদম্য দেশপ্ৰেম আছে আৰু আপুনি দেশৰ সামৰিক শক্তিৰ অংশ হৈ সাগৰৰ বুকুত শত্ৰুক প্ৰতিহত কৰিব বিচাৰে, তেন্তে ভাৰতীয় নৌসেনা (Indian Navy) আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ। আনহাতে, যদি আপুনি আমাৰ উপকূলীয় সীমাৰ ভিতৰত থাকি ডকাইতি বা চোৰাং ব্যপাৰ ৰোধ কৰি এজন ‘ৰক্ষক’ৰ ভূমিকা পালন কৰিব বিচাৰে, তেন্তে ইণ্ডিয়ান ক’ষ্ট গাৰ্ড (Indian Coast Guard) এটা উৎকৃষ্ট বিকল্প।আনহাতে, যিসকল যুৱক-যুৱতীয়ে দুঃসাহসিক ভ্ৰমণৰ লগতে বিশ্বৰ উন্নতমানৰ দৰমহা আৰু বাণিজ্যিক জগতৰ সৈতে জড়িত হ’ব বিচাৰে, তেওঁলোকৰ বাবে মাৰ্চেণ্ট নেভি (Merchant Navy) হ’ল এক সোণালী সুযোগ। বিশেষকৈ ইঞ্জিনীয়াৰিং (Electrical/Mechanical) উত্তীৰ্ণসকলৰ বাবে এই তিনিওটা বিভাগতে কাৰিকৰী বিষয়া (Technical Officer) হিচাপে উজ্জ্বল ভৱিষ্যত গঢ়াৰ থল আছে।আশা কৰোঁ, আজিৰ এই বিতং আলোচনাই আপোনাক এই তিনিওটা বিভাগৰ মাজৰ পাৰ্থক্য আৰু গুৰুত্ব বুজাত সহায় কৰিছে। আপোনাৰ যোগ্যতা আৰু ইচ্ছা অনুসৰি সঠিক সিদ্ধান্ত লৈ দেশৰ সামুদ্ৰিক গৌৰৱ বৃদ্ধি কৰক। আপোনাৰ কেৰিয়াৰৰ বাবে আমাৰ ফালৰ পৰা বহুত শুভকামনা থাকিল।
“প্ৰতিৰক্ষা বিভাগৰ এই সংখ্যাসমূহ সময়ৰ লগে লগে সলনি হ’ব পাৰে, কাৰণ চৰকাৰে নতুন নতুন জাহাজ আৰু বিমান অন্তৰ্ভুক্ত কৰি আছে। গতিকে ওপৰৰ তথ্যসমূহ এক সামগ্ৰিক ধাৰণা (General Idea) ল’বলৈহে দিয়া হৈছে।”
ভাৰতীয় নৌসেনাৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি
দেশৰ হকে প্ৰাণ আহুতি দিয়া ভাৰতীয় নৌসেনাৰ বীৰ জোৱানসকলৰ পবিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। দেশমাতৃৰ সুৰক্ষাৰ বাবে তেওঁলোকে আগবঢ়োৱা ত্যাগ সদায় স্মৰণীয় হৈ থাকিব।
Disclaimer
এই প্ৰবন্ধ প্ৰস্তুত কৰোঁতে আমি চৰকাৰী বিভাগৰ অফিচিয়েল ৱেবছাইটসমূহৰ পৰা শেহতীয়া তথ্য সংগ্ৰহ কৰিবলৈ যথাসম্ভৱ চেষ্টা কৰিছোঁ। আমাৰ মুখ্য উদ্দেশ্য হৈছে আপোনালোকক ভাৰতীয় নৌসেনা (Indian Navy), ইণ্ডিয়ান ক’ষ্ট গাৰ্ড আৰু মাৰ্চেণ্ট নেভিৰ বিষয়ে এক সামগ্ৰিক ধাৰণা দিয়া। কপিৰাইট (Copyright) সংক্ৰান্তীয় বাধ্যবাধকতাৰ বাবে আমি ভাৰতীয় নৌসেনা, ক’ষ্ট গাৰ্ড বা মাৰ্চেণ্ট নেভিৰ সকলো আচল বা অফিচিয়েল ফটো ইয়াত প্ৰকাশ কৰিবলৈ অপাৰগ। সেইবাবে পঢ়ুৱৈক বুজাই দিবলৈ আমি কিছুমানআৰ্টিফিচিয়েল ছবি (Artificial Image) ব্যৱহাৰ কৰিছোঁ, যাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। যিহেতু প্ৰতিৰক্ষা বিভাগৰ তথ্য আৰু নিযুক্তিৰ নিয়মসমূহ সময়ৰ লগে লগে সলনি হৈ থাকে, সেয়েহে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অফিচিয়েল বিজ্ঞাপনসমূহ ভালদৰে পৰীক্ষা কৰি ল’বলৈ অনুৰোধ জনালোঁ। তলত আমি তিনিটা বিভাগৰে অফিচিয়েল লিংক দিছোঁ, য’ত গৈ আপোনালোকে অধিক বিতং তথ্য লাভ কৰিব পাৰিব। আমি এতিয়াও নতুনকৈ শিকি আছোঁ, গতিকে প্ৰবন্ধৰ বাক্য গঠন বা বানানত যদি কিবা ভুল ৰৈ গৈছে, তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। আপোনালোকৰ দিহা-পৰামৰ্শই আমাক ভৱিষ্যতে আৰু উন্নত কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব।
ধন্যবাদেৰে
Team MySmartStudy
অধিক তথ্যৰ বাবে চৰকাৰী ৱেবছাইটসমূহ (Official Websites):
ভাৰতীয় নৌসেনা (Indian Navy): https://share.google/xsvCekHNOCaq0NJiH
ইণ্ডিয়ান ক’ষ্ট গাৰ্ড (Indian Coast Guard): https://joinindiancoastguard.cdac.in
মাৰ্চেণ্ট নেভি (Indian Maritime University): https://www.imu.edu.in