সৰ্পদংশন আৰু এন্টি-ভেনম: এক সম্পূৰ্ণ নিৰ্দেশিকা প্ৰকৃতিৰ আটাইতকৈ ভয়ংকৰ আৰু ৰহস্যময় প্ৰাণীসমূহৰ ভিতৰত সাপ অন্যতম। সাপৰ এটা সৰু কামোৰেই এজন সুস্থ মানুহৰ জীৱন নিমিষতে শেষ কৰি দিব পাৰে। কিন্তু আপুনি জানেনে যে যি বিষে মানুহৰ প্ৰাণ কাঢ়ি লয়, সেই একেই বিষৰ পৰাই আকৌ জীৱনদায়ী ঔষধো প্ৰস্তুত কৰা হয়? চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘এন্টি-ভেনম’ (Anti-venom) বুলি কোৱা হয়। আজিৰ এই প্ৰবন্ধটোত আমি আলোচনা কৰিম যে বৈজ্ঞানিক পদ্ধতিৰে কেনেকৈ সাপৰ মাৰাত্মক বিষৰ পৰা এই প্ৰতিষেধক প্ৰস্তুত কৰা হয় আৰু কিদৰে ই মৃত্যুৰ মুখৰ পৰা এজন ব্যক্তিক বচাই আনিব পাৰে।

এন্টি-ভেনমৰ ইতিহাস: বিশ্ব আৰু ভাৰত
১. বিশ্বৰ প্ৰেক্ষাপটত (World History)
সাপৰ বিষৰ প্ৰতিষেধক আৱিষ্কাৰ হোৱাৰ আগতে সাপৰ কামোৰত মৃত্যু হোৱাটো প্ৰায় নিশ্চিত আছিল।
প্ৰথম আৱিষ্কাৰ (১৮৯৪): ফৰাচী বিজ্ঞানী এলবাৰ্ট কালমেট (Albert Calmette) আছিল এন্টি-ভেনম আৱিষ্কাৰৰ পথ প্ৰদৰ্শক। তেওঁ ভিয়েটনামত কাম কৰি থকা সময়ত লক্ষ্য কৰিছিল যে সাপে কামোৰা মানুহৰ সংখ্যা বহুত বেছি। ১৮৯৪ চনত তেওঁ প্ৰথমবাৰৰ বাবে প্ৰমাণ কৰিছিল যে এটা প্ৰাণীৰ দেহত কম মাত্ৰাত বিষ দি তাৰ পৰা উৎপন্ন হোৱা চিৰাম (Serum) আন এজনৰ চিকিৎসাত ব্যৱহাৰ কৰিব পাৰি।
প্ৰথম সফলতা: কালমেটে প্ৰথমে এন্দুৰ আৰু শহাপহুৰ ওপৰত পৰীক্ষা চলাইছিল যদিও পাছলৈ ঘোঁৰাক ইয়াৰ বাবে আটাইতকৈ উপযুক্ত প্ৰাণী হিচাপে গণ্য কৰা হয়।
২. ভাৰতৰ প্ৰেক্ষাপটত (Indian History)
ভাৰতত সাপৰ কামোৰৰ সমস্যা সদায়েই গুৰুতৰ আছিল। ভাৰতত ইয়াৰ বৈজ্ঞানিক চৰ্চা বৃটিছ শাসনকালতে আৰম্ভ হৈছিল।
হাফকিন ইনষ্টিটিউট (Haffkine Institute): ১৯০৪ চনত মুম্বাইৰ বিখ্যাত হাফকিন ইনষ্টিটিউটত চৰকাৰীভাৱে এন্টি-ভেনম প্ৰস্তুত কৰাৰ কাম আৰম্ভ হয়। আজিও এই প্ৰতিষ্ঠানটোৱে ভাৰতত এন্টি-ভেনম উৎপাদনত আগভাগ লৈ আছে।
ৰোমালাস হুইটকাৰ (Romulus Whitaker): ভাৰতৰ আধুনিক ‘স্নেক মেন’ বুলি পৰিচিত ৰোমালাস হুইটকাৰে ১৯৭৮ চনত চেন্নাইত ‘Irula Snake Catchers’ Industrial Cooperative Society’ স্থাপন কৰে। ই আছিল ভাৰতৰ বাবে এক মাইলৰ খুঁটি।
ইৰুলা জনজাতি: তামিলনাডুৰ এই বিশেষ জনজাতিৰ লোকসকল সাপ ধৰাত পাকৈত। তেওঁলোকে ধৰা সাপৰ পৰাই আজিও ভাৰতৰ বেছিভাগ এন্টি-ভেনমৰ বাবে বিষ (Venom) সংগ্ৰহ কৰা হয়।
The Big Four: ভাৰতীয় ইতিহাসত আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল ভাৰতৰ চাৰিটা আটাইতকৈ বিষাক্ত সাপৰ (ফেঁটী, দবোয়া, মেটেকা আৰু শংখচূড়) বাবে একেলগে কাম কৰা ‘Polyvalent Anti-venom’ প্ৰস্তুত কৰাটো।
এতিয়া আহক, অতি সৰলকৈ বুজি লওঁ যে পৰীক্ষাগাৰত সাৱধানতাৰে সাপৰ বিষৰ পৰা প্ৰতিষেধক কেনেকৈ প্ৰস্তুত কৰা হয়। এই গোটেই প্ৰক্ৰিয়াটোক ৫ টা প্ৰধান ভাগত ভগাব পাৰি:
১. বিষ সংগ্ৰহ (Venom Milking)প্ৰথমে বিশেষজ্ঞসকলে সাপ ধৰি তাৰ মুখখন এটা গ্লাছৰ পাত্ৰৰ ওপৰত লগাই দিয়ে। সাপটোৱে যেতিয়া গ্লাছটোত কামোৰ মাৰে, তেতিয়া তাৰ দাঁতৰ মাজেৰে বিষখিনি গ্লাছটোত জমা হয়। এই কামটো অতি বিপদজনক আৰু কেৱল অভিজ্ঞ লোকৰ দ্বাৰাহে কৰা হয়।
২. বিষ পৰিশোধন (Purification)সংগ্ৰহ কৰা বিষখিনি একেবাৰে বিশুদ্ধ নহয়। ইয়াক লেবৰেটৰীত পৰীক্ষা কৰি তাৰ পৰা অলাগতীয়াল অংশবোৰ আঁতৰাই পেলাই দিয়া হয় আৰু বিষখিনিক বহুত পাতল (dilute) কৰি লোৱা হয়, যাতে ই কোনো প্ৰাণীৰ বাবে লগে লগে প্ৰাণঘাতী নহয়।
৩. প্ৰাণীৰ দেহত বিষৰ প্ৰয়োগ (Immunization)এই পাতল কৰা বিষখিনিক ঘোঁৰা (Horse) বা ভেড়াৰ (Sheep) শৰীৰত বেজীৰ সহায়ত অতি কম মাত্ৰাত সুমুৱাই দিয়া হয়। যিহেতু বিষৰ মাত্ৰা খুব কম থাকে, সেয়েহে প্ৰাণীটোৰ একো নহয়। কিন্তু তাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই (Immune system) এই বিষক ধ্বংস কৰিবলৈ তেজত এবিধ প্ৰ’টিন তৈয়াৰ কৰে, যাক Antibody বুলি কোৱা হয়।
৪. তেজৰ পৰা প্লাজমা পৃথকীকৰণ (Harvesting)কেইমাহমানৰ পাছত যেতিয়া প্ৰাণীটোৰ দেহত পৰ্যাপ্ত পৰিমাণৰ এন্টিবডী তৈয়াৰ হয়, তেতিয়া সেই প্ৰাণীটোৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ তেজ উলিওৱা হয় (ঠিক যেনেকৈ মানুহে ব্লাড বেংকত তেজ দান কৰে)। এই তেজৰ পৰা ৰঙা তেজৰ কণিকা আঁতৰাই হালধীয়া ৰঙৰ প্লাজমা (Plasma) খিনি পৃথক কৰা হয়। এই প্লাজমাতেই আচলতে এন্টি-ভেনমটো থাকে।
৫. চূড়ান্ত প্ৰস্তুতি (Final Processing)অৱশেষত এই প্লাজমাখিনিক পৰিশোধন কৰি ইয়াক জুলীয়া (Liquid) বা পাউদাৰ (Powder form) হিচাপে বটলত (Vials) ভৰোৱা হয়। ইয়াৰ পাছত গুণগত মান পৰীক্ষা (Quality Testing) কৰি ইয়াক হাস্পতাললৈ পঠোৱা হয়।
ঘোঁৰা আৰু ভেড়াক এন্টি-ভেনম প্ৰস্তুত কৰিবলৈ আটাইতকৈ উপযুক্ত বুলি গণ্য কৰাৰ কেইবাটাও বৈজ্ঞানিক আৰু ব্যৱহাৰিক কাৰণ আছে।
১. তেজৰ পৰিমাণ (Large Blood Volume)ঘোঁৰা এটা বহুত ডাঙৰ প্ৰাণী। ইয়াৰ শৰীৰত তেজৰ পৰিমাণ বহুত বেছি থাকে (প্ৰায় ৩০ ৰ পৰা ৫০ লিটাৰ)। সেইবাবে ঘোঁৰাৰ পৰা একেবাৰতে কেইবা লিতাৰো তেজ উলিওৱা সম্ভৱ, যাৰ পৰা বহুত বেছি পৰিমাণে এন্টি-ভেনম প্ৰস্তুত কৰিব পাৰি। এন্দুৰ বা শহাপহুৰ দৰে সৰু প্ৰাণীৰ পৰা ইমান বেছি পৰিমাণৰ ঔষধ পোৱা নাযায়।
২. শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা (Strong Immune System)ঘোঁৰা আৰু ভেড়াৰ ইমিউন চিষ্টেম বা ৰোগ প্ৰতিৰোধ ক্ষমতা অতি শক্তিশালী। ইহঁতৰ শৰীৰে সাপৰ বিষৰ বিৰুদ্ধে অতি সোনকালে আৰু অতি সক্ৰিয়ভাৱে এন্টিবডী উৎপন্ন কৰিব পাৰে। বিশেষকৈ ঘোঁৰাৰ এন্টিবডীবোৰ মানুহৰ তেজত সহজে কাম কৰে।
৩. সহজলভ্যতা আৰু পালন (Availability & Management)ঘোঁৰা আৰু ভেড়া পোহনীয়া প্ৰাণী। ইহঁতক ডাঙৰ ফাৰ্মত বৈজ্ঞানিক পদ্ধতিৰে পালন কৰা আৰু পৰিচৰ্যা কৰাটো সহজ। ইহঁত শান্ত প্ৰকৃতিৰ হোৱা বাবে ইহঁতৰ দেহৰ পৰা তেজ উলিওৱাটোও তুলনামূলকভাৱে সহজ আৰু সুৰক্ষিত।
৪. সহনশীলতা (Resilience)বিষৰ অতি কম মাত্ৰা সহ্য কৰিব পৰা ক্ষমতা ঘোঁৰাৰ বেছি। পৰীক্ষাগাৰত বিষ দিয়াৰ পাছত ঘোঁৰাটো অসুস্থ নোহোৱাকৈ তাৰ দেহত এন্টিবডী প্ৰস্তুত হৈ থাকে। ইয়াৰ উপৰিও, এবাৰ তেজ উলিওৱাৰ পাছত ঘোঁৰাৰ দেহত তেজ পুনৰ গঠন হোৱাৰ প্ৰক্ৰিয়াটো অতি খৰতকীয়া।
৫. মানুহৰ সৈতে মিল (Biocompatibility)ঘোঁৰাৰ প্লাজমাৰ পৰা প্ৰস্তুত কৰা এন্টিবডীবোৰ যেতিয়া পৰিশোধন (Purify) কৰা হয়, তেতিয়া ই মানুহৰ শৰীৰত বিশেষ পাৰ্শ্বক্ৰিয়া নকৰাকৈ বিষ ধ্বংস কৰাত সফল হয়।
বিশ্ব আৰু ভাৰতৰ বিষাক্ত সাপৰ পৰিসংখ্যা
১. বিশ্বৰ প্ৰেক্ষাপটত: গোটেই পৃথিৱীত প্ৰায় ৩,০০০ তকৈও অধিক প্ৰজাতিৰ সাপ পোৱা যায়। ইয়াৰে প্ৰায় ৬০০ প্ৰজাতি বিষাক্ত। কিন্তু সকলোবোৰ মানুহৰ বাবে প্ৰাণঘাতী নহয়। বিশ্ব স্বাস্থ্য সংস্থা (WHO) ৰ মতে, প্ৰায় ২০০ প্ৰজাতিৰ সাপ আছে যাৰ কামোৰত মানুহৰ গুৰুতৰ স্বাস্থ্য সমস্যা বা মৃত্যু হ’ব পাৰে।
২. ভাৰতৰ প্ৰেক্ষাপটত: ভাৰতত প্ৰায় ৩০০ প্ৰজাতিৰ সাপ পোৱা যায়। ইয়াৰ ভিতৰত মাত্ৰ ৬০ বিধমান প্ৰজাতিহে বিষাক্ত। আমাৰ দেশত হোৱা সৰ্পদংশনৰ মৃত্যুৰ বেছিভাগেই ‘Big Four’ (ফেঁটী, চন্দ্ৰবড়ো, ফুৰ্ছা আৰু শংখচূড়) ৰ বাবে হয়।বৰ্তমানৰ গৱেষণা আৰু নতুন প্ৰতিষেধক (Current Research)বিজ্ঞান আগতকৈ বহুত উন্নত হৈছে, সেয়েহে কেৱল ঘোঁৰাৰ ওপৰত নিৰ্ভৰ নকৰি এতিয়া নতুন ধৰণৰ এন্টি-ভেনমৰ ওপৰত গৱেষণা চলি আছে
সাৰ্বজনীন এন্টি-ভেনম (Universal Anti-venom): বৰ্তমান বিজ্ঞানীসকলে এনে এবিধ ‘Universal’ এন্টি-ভেনম বনাবলৈ চেষ্টা কৰিছে যিটোৱে পৃথিৱীৰ যিকোনো বিষাক্ত সাপৰ কামোৰতে কাম কৰিব। ইয়াৰ বাবে Synthetic Antibodies ব্যৱহাৰ কৰাৰ গৱেষণা চলি আছে।
সৰু কণাৰ ঔষধ (Small Molecule Inhibitors): ঘোঁৰাৰ এন্টিবডীবোৰ আকাৰত ডাঙৰ বাবে কেতিয়াবা সেইবোৰ মানুহৰ কোষৰ গভীৰলৈ যাব নোৱাৰে। সেয়েহে এতিয়া সৰু আকাৰৰ মলিচুল ব্যৱহাৰ কৰি বিষ নিষ্ক্ৰিয় কৰাৰ চেষ্টা চলিছে, যাতে দৰৱটো বেজীৰ সলনি টেবলেট বা স্প্ৰে’ হিচাপেও ব্যৱহাৰ কৰিব পৰা যায়।
ডিজিটেল ভেনম ডাটাবেচ: পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সাপৰ বিষৰ ডি.এন.এ (DNA) মেপিং কৰি কম্পিউটাৰ চিমুলেচনৰ জৰিয়তে ঔষধৰ আৰ্হি প্ৰস্তুত কৰা হৈছে।
Next-Gen Venom Research: ভাৰতৰ IISc Bangalore ৰ দৰে প্ৰতিষ্ঠানে এতিয়া ‘ভৌগোলিক ভিন্নতা’ৰ ওপৰত গৱেষণা কৰিছে। অৰ্থাৎ, এটা চন্দ্ৰবড়ো সাপে দক্ষিণ ভাৰতত কামুৰিলে যিমান বিষ হয়, উত্তৰ-পূব ভাৰতত তাৰ বিষৰ প্ৰভাৱ অলপ বেলেগ হ’ব পাৰে। সেই অনুসৰি অঞ্চলভিত্তিক অধিক কাৰ্যকৰী এন্টি-ভেনম বনোৱাৰ কাম চলি আছে।
অসমৰ প্ৰেক্ষাপটত আটাইতকৈ বিপদজনক সাপৰ কথা ক’বলৈ গ’লে মূলত:
চাৰি-পাঁচবিধ সাপৰ নাম ল’বই লাগিব। ইয়াৰ ভিতৰত বিষৰ তীব্ৰতা আৰু মানুহৰ সৈতে হোৱা সংঘাতৰ ওপৰত ভিত্তি কৰি তলত দিয়া হ’ল:
১. চন্দ্ৰবড়ো (Russell’s Viper) অসমত বৰ্তমান আটাইতকৈ বেছি আতংক সৃষ্টি কৰা সাপবিধ হ’ল চন্দ্ৰবড়ো। ই অতিশয় খঙাল আৰু ইয়াৰ বিষে তেজ গোট মৰাত বাধা দিয়ে (Hemotoxic), যাৰ ফলত শৰীৰৰ ভিতৰত ৰক্তক্ষৰণ হয়।
অসমীয়া নাম: চন্দ্ৰবড়ো
Scientific Name: Daboia russelii
২. শংখচূড় বা ক্ৰেইট (Common Krait)এই সাপবিধ অতি ভয়ানক কাৰণ ইয়াৰ বিষে স্নায়ুতন্ত্ৰ বিকল কৰি দিয়ে (Neurotoxic)। ইয়াৰ কামোৰত বিষ অনুভৱ নহ’বও পাৰে (প্ৰায়েই নিশা শুই থকা অৱস্থাত কামোৰে), কিন্তু সঠিক সময়ত চিকিৎসা নাপালে মৃত্যু নিশ্চিত।
অসমীয়া নাম: শংখচূড় বা ক্ৰেইট
Scientific Name: Bungarus caeruleus
৩. বৰগুমন (King Cobra) ই পৃথিৱীৰ আটাইতকৈ দীঘল বিষাক্ত সাপ। যদিও ই মানুহক দেখিলে আঁতৰি যাবলৈ চেষ্টা কৰে, কিন্তু ইয়াৰ এটা কামোৰতে ইমান বেছি পৰিমাণৰ বিষ থাকে যে এজন প্ৰাপ্তবয়স্ক হাতীকো ই মাৰি পেলাব পাৰে।
অসমীয়া নাম: বৰগুমন বা ৰাজফেঁটী
Scientific Name: Ophiophagus hannah
৪. ফেঁটী সাপ (Monocled Cobra) অসমত এইবিধ সাপ অতি সুলভ। বিপদৰ সংকেত পালে ই ফণা তুলি ধৰে। ইয়াৰ বিষো স্নায়ুতন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলোৱা বিধৰ (Neurotoxic)।
অসমীয়া নাম: ফেঁটী সাপ (চকৰি ফেঁটী)
Scientific Name: Naja kaouthia
৫. বাঁহ-তলে সৰ্প (Green Pit Viper) অসমত সৰ্পদংশনৰ ঘটনা আটাইতকৈ বেছি এই সাপবিধৰ বাবেই হয়। যদিও ই ওপৰৰ কেইবিধৰ দৰে ইমান প্ৰাণঘাতী নহয়, তথাপিও ইয়াৰ কামোৰত মাংসপেশী পচি যোৱাৰ সম্ভাৱনা থাকে।
অসমীয়া নাম: বাঁহ-তলে সৰ্প
Scientific Name: Trimeresurus albolabris
অসমৰ সাধাৰণ বিষহীন সাপসমূহ
আমাৰ চৌপাশে দেখা পোৱা বেছিভাগ সাপেই আচলতে বিষহীন। ইহঁতে আমাৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে নিগনি আদি নিয়ন্ত্ৰণ কৰি খেতিয়কৰ সহায় কৰে।
| অসমীয়া নাম | ইংৰাজী নাম | বৈজ্ঞানিক নাম | চিনাক্তকৰণ |
| দৰিকণা বা ঢোৰা সাপ | Checkered Keelback | Fowlea piscator | এই সাপবিধ সাধাৰণতে পানী বা দ পথাৰত পোৱা যায়। ইয়াৰ গাত দৰিকণা মাছৰ দৰে চাব থাকে। |
| মচোৱা গোম বা ঘৰ-গোম | Oriental Rat Snake | Ptyas mucosa | যথেষ্ট দীঘল আৰু খুবেই খৰতকীয়া সাপ। নিগনি ইয়াৰ প্ৰধান খাদ্য। |
| কাণফুলী সাপ | Common Trinket Snake | Coelognathus helena | দেখিবলৈ ধুনীয়া এই সাপবিধৰ গাত পথালি আঁচ থাকে। ই সম্পূৰ্ণ নিৰীহ। |
| কুঁহিয়াৰিকা সাপ | Common Wolf Snake | Lycodon aulicus | ঘৰৰ চুকে-কোণে বা দেৱালত প্ৰায়ে দেখা যায়। দেখিবলৈ কেতিয়াবা শংখচূড়ৰ দৰে লাগে বাবে মানুহে ভুল কৰে। |
| আমৰলি বা লতা সাপ | Green Vine Snake | Ahaetulla nasuta | ই পাতল সেউজীয়া ৰঙৰ আৰু মুখখন জোঙা। গছৰ ডালৰ সৈতে মিলি থাকে বাবে ইয়াক চিনি পোৱা টান। |
| মাটি সাপ বা তেজপিয়া | Brahminy Blind Snake | Indotyphlops braminus | দেখিবলৈ কেঁচুৰ দৰে সৰু। চকু দুটা বিন্দুৰ দৰে আৰু ই সম্পূৰ্ণ বিষহীন। |
| ব্ৰঞ্জ-বেক গছ সাপ | Bronze-back Tree Snake | Dendrelaphis tristis | ইয়াৰ পিঠিখন ব্ৰঞ্জ ৰঙৰ আৰু দেহটো অতি পাতল। গছত অতি দ্ৰুতগতিত বগাব পাৰে। |
যিহেতু Team MySmartStudy কোনো সৰ্প বিশেষজ্ঞ নহয়, সেয়েহে আমাৰ বাবে ব্যক্তিগতভাৱে সাপৰ ফটো চাই সেইবোৰ চিনাক্ত কৰি দিয়াটো সম্ভৱ নহয়। ভুল চিনাক্তকৰণে ডাঙৰ বিপদ মাতি আনিব পাৰে। সেইবাবে, সাপৰ প্ৰজাতি আৰু সিহঁতৰ বিষ আছে নে নাই সেই বিষয়ে ১০০% সঠিক আৰু বৈজ্ঞানিক তথ্য লাভ কৰিবলৈ আমি তলত কিছুমান চৰকাৰী ৱেবছাইটৰ লিংক দিছোঁ। আপুনি সেইসমূহ ৱেবছাইটত গৈ চৰকাৰীভাৱে স্বীকৃত বিশেষজ্ঞৰ দ্বাৰা প্ৰস্তুত কৰা তথ্য আৰু ফটোসমূহ চাব পাৰে
সাপৰ প্ৰজাতি আৰু সেইবোৰ চিনাক্ত কৰাৰ বৈজ্ঞানিক পদ্ধতিবোৰ বিতংভাৱে জানিবলৈ আপুনি ভাৰত চৰকাৰৰ এই চৰকাৰী উৎসসমূহ চাব পাৰে
Zoological Survey of India (Reptilia Section): ইয়াত ভাৰতত পোৱা বিভিন্ন সাপৰ প্ৰজাতিৰ চৰকাৰী তথ্যভাণ্ডাৰ আছে।
লিংক: https://zsi.gov.in/page/en/reptilia-section
Wildlife Institute of India (WII) সাপ চিনাক্তকৰণ সহায়িকা: কেনেকৈ সাপৰ গাৰ বাকলি, মূৰৰ আকৃতি আদি চাই সাপ চিনিব পাৰি, তাৰ বাবে WII-এ এখন সুন্দৰ নিৰ্দেশিকা প্ৰকাশ কৰিছে।
লিংক: https://v1.wii.gov.in/images//images/documents/snake_manual.pdf
যিবোৰ মানুহে কয় যে “জৰা-ফুকা কৰি ভাল হ’ল”, তাৰ আঁৰত তিনিটা মুখ্য বৈজ্ঞানিক কাৰণ থাকে:
১. ‘Non-Venomous’ বা বিষহীন সাপৰ কামোৰ:অসমৰ প্ৰায় ৮০-৯০% সাপ বিষহীন (যেনে মচোৱা গোম, দৰিকণা বা কুঁহিয়াৰিকা)। এইবোৰ সাপে কামুৰিলে মানুহৰ মৃত্যু নহয়। যদি কোনোবাই তেনে সাপৰ কামোৰ খাই বেজৰ ওচৰলৈ যায়, বেজে জাৰি থাকোঁতে বিষ নোহোৱাকৈয়ে মানুহজন ভাল হৈ যায়। তেতিয়া মানুহজনে ভাবে যে বেজে জাৰিহে তাক বচালে।
২. ‘Dry Bite’ বা শুকান কামোৰ:বহুত সময়ত বিষাক্ত সাপে (যেনে ফেঁটী বা চন্দ্ৰবড়ো) কামুৰিলে কেৱল আত্মৰক্ষাৰ বাবেহে কামুৰে, বিষ ঢালি নিদিয়ে। ইয়াক Dry Bite বুলি কোৱা হয়। প্ৰায় ৩০-৪০% বিষাক্ত সাপৰ কামোৰত বিষ নাথাকে। এনেকুৱা ক্ষেত্ৰতো বেজৰ ওচৰলৈ গৈ ৰোগী বাচি গ’লে মানুহে ভাবে যে বেজৰ শক্তিৰেহে বিষ নমালে।
৩. প্লেচিবো ইফেক্ট (Placebo Effect):সাপে কামুৰিলে বহুতো মানুহ বিষতকৈ বেছি ভয়তহে মৰে (Panic Attack)। বেজে যেতিয়া জাৰি-ফুকি ‘একো নহয়’ বুলি সাহস দিয়ে, তেতিয়া মানুহজনৰ ভয় কমে আৰু তেওঁৰ হৃদস্পন্দন স্বাভাৱিক হয়। ইয়াৰ দ্বাৰা কোনো বৈজ্ঞানিক কাম নহয়, কেৱল মানসিক শান্তিহে পোৱা যায়।
বিপদ ক’ত ?
সমস্যাটো তেতিয়া হয় যেতিয়া কোনো এজনক সঁচাকৈয়ে এটা বিষাক্ত সাপে (যেনে ক্ৰেইট বা ফেঁটী) কামুৰে। ক্ৰেইট সাপৰ বিষ ইমান লাহে লাহে উঠে যে ২-৩ ঘণ্টা একো গমেই পোৱা নাযায়। সেইখিনি সময়ত যদি মানুহজন বেজৰ ওচৰত থাকে, তেন্তে তেওঁৰ বাবে সেইটোৱেই ‘Death Trap’ বা মৃত্যুৰ ফান্দ হৈ পৰে। হাস্পতাল পাওঁতে বহুত দেৰি হৈ যায় আৰু এন্টি-ভেনমেও কাম কৰিব নোৱাৰা অৱস্থা পায়গৈ।
অসমৰ সৰ্পদংশন চিকিৎসাৰ পথপ্ৰদৰ্শক:
শ্ৰদ্ধেয় ডা০ সুৰজিৎ গিৰি ছাৰ অসমৰ সৰ্পদংশন চিকিৎসাৰ ক্ষেত্ৰত যিজন ব্যক্তিৰ নাম শ্ৰদ্ধাৰে ল’বই লাগিব, তেখেত হ’ল শিৱসাগৰৰ ডিমৌ আদৰ্শ চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক ডা০ সুৰজিৎ গিৰি ছাৰ। যি সময়ত সৰ্পদংশন বুলি ক’লেই মানুহৰ মনলৈ কেৱল ভয় আৰু অন্ধবিশ্বাস আহিছিল, সেই সময়ত গিৰি ছাৰে বিজ্ঞানসন্মত চিকিৎসাৰ দ্বাৰা এক নীৰৱ বিপ্লৱৰ সূচনা কৰিছে।
গিৰি ছাৰৰ অতুলনীয় অৱদানসমূহ বিপ্লৱী ‘ডিমৌ মডেল’: ছাৰৰ নেতৃত্বত ডিমৌ চিকিৎসালয়খনে সৰ্পদংশনৰ চিকিৎসাৰ বাবে সমগ্ৰ ভাৰততে এক অনন্য নিদৰ্শন দাঙি ধৰিছে। তেখেতে প্ৰস্তুত কৰা বিশেষ চিকিৎসা পদ্ধতিৰ বাবে আজি এই চিকিৎসালয়খনত সৰ্পদংশনৰ ফলত হোৱা মৃত্যুৰ হাৰ প্ৰায় শূন্যলৈ হ্ৰাস পাইছে।
অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ: অসমৰ সমাজত শিপাই থকা জৰা-ফুকা বা বেজ-মেডেইৰ দৰে ভ্ৰান্ত ধাৰণাসমূহ আঁতৰাবলৈ ছাৰে অহৰহ কাম কৰি আহিছে।
নিস্বাৰ্থ সেৱা আৰু সজাগতা: ছাৰে কেৱল হাস্পতালৰ চাৰিবেৰৰ মাজতে আৱদ্ধ নাথাকি ছচিয়েল মিডিয়া আৰু বিভিন্ন জনসভাৰ জৰিয়তে সাধাৰণ ৰাইজক সাপৰ বিষয়ে আৰু প্ৰাথমিক চিকিৎসাৰ বিষয়ে শিক্ষিত কৰি আহিছে।
মানবীয় দৃষ্টিভংগী: এজন দক্ষ চিকিৎসক হোৱাৰ লগতে তেখেতৰ সৰলতা আৰু ৰোগীৰ প্ৰতি থকা দায়বদ্ধতাই তেখেতক অসমৰ প্ৰতিজন সচেতন নাগৰিকৰ প্রিয় কৰি তুলিছে।
সাপৰ পৰা ঘৰখন কেনেকৈ সুৰক্ষিত ৰাখিব ?
সাপ সাধাৰণতে খাদ্য (নিগনি, ভেকুলী) আৰু আশ্ৰয়ৰ সন্ধানতহে মানুহৰ বসতিস্থললৈ আহে। তলৰ সাৱধানতাসমূহ ল’লে আপুনি সাপৰ পৰা হাত সাৰিব পাৰে:
পৰিষ্কাৰ-পৰিচ্ছন্নতা: ঘৰৰ চৌপাশৰ হাবি-বন কাটি পৰিষ্কাৰ কৰি ৰাখক। ঘৰৰ ওচৰত ইটা, খৰি বা জাবৰৰ দ’ম কৰি নাৰাখিব, কাৰণ এইবোৰ সাপৰ লুকাই থকাৰ প্ৰিয় ঠাই।
নিগনি নিয়ন্ত্ৰণ: ঘৰত নিগনি বা বেজীৰ উপদ্ৰৱ বেছি হ’লে সাপ অহাৰ সম্ভাৱনা বাঢ়ি যায়। সেয়েহে নিগনি নোহোৱা কৰাৰ ব্যৱস্থা কৰক।
ফাট বা ফুটা বন্ধ কৰা: ঘৰৰ বেৰত থকা ফাট বা দুৱাৰ-খিৰিকীৰ তলৰ খালি অংশবোৰ বন্ধ কৰি ৰাখক যাতে সাপে প্ৰৱেশ কৰিব নোৱাৰে।
পোহৰৰ ব্যৱস্থা: নিশা ঘৰৰ বাহিৰলৈ ওলালে সদায় টৰ্চ লাইট বা উজ্জ্বল পোহৰ ব্যৱহাৰ কৰক। যিহেতু বহুতো বিষাক্ত সাপ (যেনে ক্ৰেইট) নিশাৰ ভাগত সক্ৰিয় হয়, সেয়েহে পোহৰ অবিহনে খোজ কঢ়াটো বিপদজনক।
যদি ঘৰত সাপ সোমায়, তেন্তে কি কৰিব ?
ঘৰৰ ভিতৰত বা চৌপাশত সাপ দেখিলে কেতিয়াও আতংকিত নহ’ব। শান্ত হৈ তলৰ পদক্ষেপবোৰ লওক:
১. নিৰাপদ দূৰত্ব বজাই ৰাখক: সাপটোৰ পৰা কমেও ৫-৬ ফুট দূৰত্বত থাকক। সাপক আক্ৰমণ নকৰিলে সি সাধাৰণতে নিজে খেদি নাহে।
২. সাপটোক নিৰীক্ষণ কৰক: সাপটো কোন ফালে গৈছে সেইটো দূৰৰ পৰাই লক্ষ্য কৰক। যদি কোনো কোঠাত সোমায়, তেন্তে কোঠাটোৰ দুৱাৰখন বাহিৰৰ পৰা বন্ধ কৰি তলৰ ফুটাটো কাপোৰেৰে বন্ধ কৰি দিয়ক।
৩. আঘাত নকৰিব: সাপটোক লাঠীৰে মৰিবলৈ বা ধৰিবলৈ চেষ্টা নকৰিব। বেছিভাগ সৰ্পদংশনৰ ঘটনা সাপ ধৰিবলৈ যাওঁতেই ঘটে।
৪. বিশেষজ্ঞক খবৰ দিয়ক: আপোনাৰ অঞ্চলৰ বন বিভাগ (Forest Department) বা কোনো অভিজ্ঞ সাপ উদ্ধাৰকাৰীক (Snake Rescuer) যোগাযোগ কৰক।
৫. পোহৰ কৰি ৰাখক: যদি সাপটো কোনো আচবাবৰ তলেদি সোমায়, তেন্তে সেই ঠাইখিনিত টৰ্চৰ পোহৰ পেলাই ৰাখক যাতে তাৰ গতিবিধি ধৰা পৰে।সাপে কামুৰিলে কি কৰা উচিত? (প্ৰাথমিক শিক্ষা)
সাপে কামুৰিলে কেৱল দুটা কাম কৰক
ধৈৰ্য ধৰক (Reassurance): ৰোগীক মানসিক সাহস দিয়ক আৰু স্থিৰে থাকিবলৈ কওক যাতে তেজৰ সোঁতত বিষ সোনকালে বিয়পি পৰিব নোৱাৰে।
লগে লগে হাস্পতাল: কোনো জৰা-ফুকা নকৰি যিমান সোনকালে পাৰে এন্টি-ভেনম উপলব্ধ থকা নিকটতম চিকিৎসালয়লৈ লৈ যাওক।
পৰিৱেশ সুৰক্ষাত সাপৰ ভূমিকা (Ecological Importance)
সাপক প্ৰকৃতিৰ এক “প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাকাৰী” (Natural Balancer) বুলি কোৱা হয়। ইয়াৰ প্ৰধান কাৰণসমূহ হ’ল:
১. কৃষকৰ বন্ধু (Natural Pest Control): সাপৰ প্ৰধান খাদ্য হ’ল নিগনি, এন্দুৰ আৰু শস্য অনিষ্ট কৰা বিভিন্ন কীট-পতংগ। এটা সাপে বছৰটোত শ শ নিগনি খাই খেতিয়কৰ ভঁৰাল আৰু পথাৰৰ শস্য ৰক্ষা কৰে। যদি পৃথিৱীৰ পৰা সাপ নোহোৱা হৈ যায়, তেন্তে নিগনিৰ সংখ্যা ইমান বাঢ়িব যে আমাৰ খাদ্য সংকট দেখা দিব।
২. খাদ্য-শৃংখলাৰ গুৰুত্বপূৰ্ণ অংশ (Food Chain):সাপ খাদ্য-শৃংখলাৰ মাজৰ এটা স্তৰত থাকে। ই যেনেকৈ সৰু প্ৰাণীক খাই সংখ্যা নিয়ন্ত্ৰণ কৰে, তেনেকৈ ডাঙৰ চৰাই (যেনে ঈগল, চিলা) বা অন্য প্ৰাণীৰ বাবে সাপ নিজেই খাদ্য। গতিকে সাপ নোহোৱা হ’লে গোটেই জৈৱ-বৈচিত্ৰ্য নষ্ট হৈ পৰিব।
৩. ৰোগ প্ৰতিৰোধত সহায়: নিগনি আৰু এন্দুৰে প্লেগৰ দৰে বহুতো মাৰাত্মক ৰোগ বিয়পায়। সাপে এইবোৰ খাই নিয়ন্ত্ৰণত ৰখাৰ বাবে পৰোক্ষভাৱে মানৱ সমাজক মহামাৰীৰ পৰাও ৰক্ষা কৰে।
৪. চিকিৎসা বিজ্ঞানত অৱদান:আটাইতকৈ আচৰিত কথাটো হ’ল— যি বিষে মানুহক মাৰিব পাৰে, সেই একেই বিষৰ পৰাই বহুতো জীৱনদায়িনী ঔষধ তৈয়াৰ কৰা হয়। কেৱল এন্টি-ভেনমেই নহয়, হৃদৰোগ (Heart Disease), উচ্চ ৰক্তচাপ আৰু কৰ্কট ৰোগৰ (Cancer) চিকিৎসাতো সাপৰ বিষৰ পৰা আহৰণ কৰা উপাদান ব্যৱহাৰ কৰা হয়।
বিশ্বজুৰি সৰ্পদংশনৰ পৰিসংখ্যা প্ৰতি বছৰে আক্ৰান্ত:
গোটেই পৃথিৱীত প্ৰতি বছৰে প্ৰায় ৫৪ লাখ (5.4 million) মানুহক সাপে কামুৰে। অৱশ্যে ইয়াৰে আটাইবোৰ বিষাক্ত সাপ নহয়।
বিষক্ৰিয়াৰ চিকাৰ: ইয়াৰ ভিতৰত প্ৰায় ১৮ লাখৰ পৰা ২৭ লাখ মানুহৰ দেহত সাপৰ বিষ প্ৰৱেশ কৰে (Envenoming), যাৰ বাবে জৰুৰী চিকিৎসাৰ প্ৰয়োজন হয়।
মৃত্যুৰ সংখ্যা: প্ৰতি বছৰে বিশ্বত প্ৰায় ৮১,০০০ ৰ পৰা ১,৩৮,০০০ জন মানুহৰ সৰ্পদংশনৰ ফলত মৃত্যু হয়।
অংগক্ষতি: মৃত্যুৰ উপৰিও, প্ৰতি বছৰে প্ৰায় ৩ লাখ মানুহ চিৰদিনৰ বাবে পঙ্গু হৈ পৰে বা তেওঁলোকৰ হাত-ভৰি কাটি পেলাবলগীয়া হয় (Amputation)।ভাৰতৰ ভয়ংকৰ ছবিআটাইতকৈ দুখৰ কথাটো হ’ল, বিশ্বত সৰ্পদংশনত মৃত্যু হোৱা লোকৰ প্ৰায় আধাসংখ্যকেই ভাৰতৰ।
ভাৰতত মৃত্যু: এটা বৃহৎ গৱেষণা (Million Death Study) অনুসৰি, ভাৰতত প্ৰতি বছৰে প্ৰায় ৫৮,০০০ মানুহৰ সাপে কামুৰি মৃত্যু হয়।
অসমৰ অৱস্থা: অসমৰ দৰে কৃষিভিত্তিক ৰাজ্যত বানপানীৰ সময়ত এই সংখ্যা যথেষ্ট বৃদ্ধি পায়।
”প্ৰকৃতিৰ কোনো সৃষ্টিয়েই অলাগতীয়াল নহয়। সাপ বিষাক্ত হ’লেও ই আমাৰ পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ পহৰী। সাপক মৰাটো কোনো সমাধান নহয়, বৰঞ্চ সাপৰ সৈতে দূৰত্ব বজাই ৰাখি সহ-অৱস্থান কৰাটোহে প্ৰকৃত সভ্যতাৰ পৰিচয়।”
Disclaimer (সতৰ্কবাণী)
এই প্ৰবন্ধটোৰ জৰিয়তে আমি সৰ্পদংশন আৰু ইয়াৰ প্ৰতিষেধকৰ দৰে এটা বিশাল আৰু স্পৰ্শকাতৰ বিষয় অতি সৰলকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। আমি কোনো সৰ্প-বিশেষজ্ঞ (Snake Specialist) নহয়। বৰ্তমান সমাজত সৰ্পদংশনৰ ফলত হোৱা মৃত্যুৰ হাৰ আৰু ইয়াৰ সৈতে জড়িত অন্ধবিশ্বাসসমূহ লক্ষ্য কৰি জনসজাগতা সৃষ্টিৰ উদ্দেশ্যৰেহে এই প্ৰবন্ধটো প্ৰস্তুত কৰা হৈছে।ইয়াত উল্লেখ কৰা তথ্যসমূহ বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ভাৰতীয় সৰ্প-বিজ্ঞানৰ বিভিন্ন নিৰ্ভৰযোগ্য উৎসৰ ওপৰত ভিত্তি কৰি বিশ্লেষণ কৰা হৈছে। বিশেষকৈ অসমৰ শ্ৰদ্ধেয় চিকিৎসক ডা০ সুৰজিৎ গিৰি ছাৰৰ অতুলনীয় কৰ্মৰাজি আৰু সজাগতামূলক শিক্ষাৰ পৰাই আমি এই বিষয়ে অনুপ্ৰাণিত হৈছোঁ। আমাৰ বিনম্ৰ অনুৰোধ: সাপ বিষাক্তই হওক বা বিষহীন— সাপে কামুৰিলে সময় নষ্ট নকৰি যিমান সোনকালে পাৰে জিলা চিকিৎসালয় বা চৰকাৰী চিকিৎসালয়লৈ ৰোগীক লৈ যাওক। যিহেতু এইটো এটা অতি বিস্তৃত বিষয়, সেয়েহে আমাৰ লিখনিত কোনো ভুল-ত্ৰুটি বা ভাষাগত বিসংগতি থাকিলে তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী।
ধন্যবাদেৰে
Mysmartstudy Team
অধিক জানিবলৈ তলৰ উৎসসমূহ পঢ়িব পাৰে:
১. বিশ্ব স্বাস্থ্য সংস্থা (World Health Organization – WHO):সৰ্পদংশনক বিশ্ব স্বাস্থ্য সংস্থাই এটা ‘Neglected Tropical Disease’ হিচাপে ঘোষণা কৰিছে। তেওঁলোকৰ ৱেবছাইটত বিশ্বজুৰি সৰ্পদংশনৰ পৰিসংখ্যা, প্ৰতিষেধক (Anti-venom) আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে বিতং তথ্য পাব।
উৎস:
২. ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ (ICMR): ভাৰত চৰকাৰৰ এই শীৰ্ষ চিকিৎসা গৱেষণা প্ৰতিষ্ঠানটোৱে ভাৰতত সৰ্পদংশনৰ চিকিৎসাৰ বাবে ৰাষ্ট্ৰীয় নিৰ্দেশিকা (National Guidelines) জাৰি কৰিছে। ভাৰতৰ ‘Big Four’ সাপ আৰু ইয়াৰ চিকিৎসাৰ বৈজ্ঞানিক তথ্য ইয়াত উপলব্ধ।
উৎস: https://nirrch.res.in/wp-content/uploads/2023/10/English-Booklet_compressed.pdf
৩. ডা০ সুৰজিৎ গিৰি ছাৰৰ শৈক্ষিক ভিডিঅ’ আৰু প্ৰবন্ধ: অসমৰ প্ৰেক্ষাপটত সৰ্পদংশনৰ আধুনিক চিকিৎসা আৰু অন্ধবিশ্বাস দূৰ কৰাৰ বাবে ডা০ সুৰজিৎ গিৰি ছাৰে বিভিন্ন সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত দিয়া তথ্যসমূহ আটাইতকৈ ব্যৱহাৰিক উৎস। আপুনি তেওঁৰ ফেচবুক পেজ বা ইউটিউব চেনেলৰ জৰিয়তেও বহুতো বাস্তৱ উদাহৰণ চাব পাৰে।
উৎস: