হেলমেটৰ সুৰক্ষা আজি আমাৰ সমাজত এখন নতুন বাইক বা স্কুটী কিনাটো এটা গৌৰৱৰ বিষয়। ১ লাখ হওক বা ২ লাখ — কৃপণালি নকৰোঁ। কিন্তু সেই একেজন মানুহেই যেতিয়া নিজৰ সুৰক্ষাৰ কথা ভাৱে, তেতিয়া লাখটকীয়া গাড়ীখনৰ ওপৰত বহি ৫০০-৭০০ টকীয়া এটা তৰল প্লাষ্টিকৰ টুপী পিন্ধি নিজকে সুৰক্ষিত বুলি দাবী কৰে।আচৰিত কথা নহয়নে ? যিটো মগজুৱে এই লাখ টকা উপাৰ্জন কৰাৰ ক্ষমতা ৰাখে, সেই অমূল্য মগজুটোৰ সুৰক্ষাৰ বাবে আমাৰ হাতত ৫০০০ টকা নাই ? আমি কেৱল পুলিচৰ জৰিমণাৰ ভয়ত হেলমেট পিন্ধো নে নিজৰ জীৱনৰ মোহৰ ? আজি সময় আহিছে এই তিতা সত্যটোৰ মুখামুখি হোৱাৰ—কিয়নো এটা সস্তীয়া হেলমেটে আপোনাক পুলিচৰ পৰা বচাব পাৰে, কিন্তু যমৰাজৰ পৰা নহয়।

আপুনি কি ভাবি এইটো কৰিছে ?
বিপদ জাননী দি নাহে: আপুনি বাইকখন চলাই থকাৰ সময়ত যেতিয়া কাৰ ভুলৰ বাবে দুৰ্ঘটনা হ’ব, কোনেও ক’ব নোৱাৰে। সেই সময়ত আপোনাৰ ৫০০ টকীয়া “প্লাষ্টিকৰ টুপীটোৱে” আপোনাৰ মূৰটোক বচাব নোৱাৰে।
কেৱল পুলিচৰ পৰা বাচিবলৈ নেকি ?: যদি আপুনি জৰিমণাৰ ভয়ত হেলমেট পিন্ধিছে, তেন্তে আপুনি নিজতকৈ পুলিচক বেছি গুৰুত্ব দিছে। মনত ৰাখিব, পুলিচে জৰিমণা ল’লে পইচা যাব, কিন্তু দুৰ্ঘটনা হ’লে প্রাণ যাব।
চেকেণ্ড হেণ্ড বাইক হ’লেও পইচাটো আপোনাৰ: বহুতৰ এটা ধাৰণা আছে যে “চেকেণ্ড হেণ্ড বাইক এখনহে লৈছোঁ, ইমান দামী হেলমেট কিয় লাগে?” বাইকখন চেকেণ্ড হেণ্ড হ’ব পাৰে, কিন্তু আপোনাৰ জীৱনটো চেকেণ্ড হেণ্ড নহয়। সেইখন কিনোতেও আপুনি কষ্টৰ ধন দিছে, গতিকে নিজৰ সুৰক্ষাত অলপো আপোচ নকৰিব।
হেলমেট কিনাৰ সম্পূৰ্ণ গাইড:
আপোনাৰ সুৰক্ষাৰ বাবে কোনটো শ্রেষ্ঠ ? অসমৰ ৰাজপথত বাইক বা স্কুটী চলাওঁতে কেৱল হেলমেট পিন্ধাটোৱেই নহয়, সঠিক হেলমেটটো পিন্ধাটো অত্যন্ত জৰুৰী। বজাৰত বহুতো কোম্পানীৰ হেলমেট পোৱা যায়, কিন্তু সকলোবোৰ সমানে সুৰক্ষিত নহয়। আহক জানো বিভিন্ন ব্ৰেণ্ডৰ পাৰ্থক্য:
১. বাজেট আৰু চহৰত চলাবলৈ (Daily Commute)যদি আপুনি কম দূৰত্বৰ বাবে বা চহৰৰ ভিৰৰ মাজত কম স্পীডত বাইক চলায়, তেন্তে তলৰ ব্ৰেণ্ডকেইটা জনপ্ৰিয়:
Vega (ভেগা): ভাৰতৰ আটাইতকৈ বেছি বিক্ৰী হোৱা ব্ৰেণ্ড। ইয়াৰ ডিজাইন অতি ধুনীয়া আৰু দামো কম (প্রায় ১০০০-২০০০ টকা)। কিন্তু হাইৱেৰ বাবে ইয়াৰ সস্তীয়া মডেলবোৰ সিমান সুৰক্ষিত নহয়।
Steelbird (SBI): এই কোম্পানীটোৰ হেলমেটবোৰ দেখাত অতি আধুনিক (Stylish)। ইয়াৰ “Air” ছিৰিজটো বতাহ চলাচলৰ বাবে ভাল। দৈনন্দিন ব্যৱহাৰৰ বাবে ই এক উত্তম পচন্দ।
Studds (ষ্টাডছ): এইবোৰ অতি মজবুত আৰু কম দামতে পোৱা যায়। ইয়াৰ খুচুৰা যন্ত্ৰপাতি (Visor বা Padding) বজাৰত সহজে উপলব্ধ।
২. হাইৱে আৰু অধিক সুৰক্ষাৰ বাবে (Premium Safety)যদি আপুনি হাইৱেত বাইক চলায় বা স্পীডত চলাই ভাল পায়, তেন্তে আপোনাক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ হেলমেট প্রয়োজন:
Axor (এক্সৰ): ই বৰ্তমান ভাৰতৰ যুৱপ্ৰজন্মৰ প্ৰথম পচন্দ। ইয়াৰ বিশেষত্ব হ’ল যে ই কম দামতে DOT আৰু ECE চাৰ্টিফিকেট দিয়ে। ইয়াৰ গ্ৰাফিক্স আৰু ফিটিংছ অতি উচ্চমানৰ।
LS2 (Liao’s System): ই এটা আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড। ইয়াৰ ‘Build Quality’ অতি শক্তিশালী। ইয়াৰ ওজন অলপ বেছি হ’লেও ইয়াৰ সুৰক্ষা কবচ (Shell) অতি কঠিন প্লাষ্টিক বা কাৰ্বন ফাইবাৰেৰে নিৰ্মিত।
MT Helmets (Manufacturas Tomás): LS2 ৰ দৰেই ইয়াৰ সুৰক্ষাও বহুত বেছি। বিশেষকৈ ইয়াৰ ইমপেক্ট এবজৰ্পচন (Shock absorption) ক্ষমতা বহুত ভাল।
হেলমেট কিনোতে মন কৰিবলগীয়া ৩ টা মুখ্য কথা:
Safety Rating: হেলমেটটোত কেৱল ISI আছে নে DOT/ECE ও আছে চাব। হাইৱেৰ বাবে সদায় DOT বা ECE থকা হেলমেট ল’ব।
Lock System: সম্ভৱ হ’লে Double D-Ring থকা হেলমেট ল’ব। ই ‘Quick Release’ লকবোৰতকৈ বহুত বেছি নিৰাপদ।
Size: হেলমেটটো মূৰত টাইট হ’ব লাগে। ঢিলা হেলমেট পিন্ধিলে দুৰ্ঘটনাৰ সময়ত ই মূৰৰ পৰা ওলাই যাব পাৰে।
ভাৰতত চলি থকা কেইটামান প্রধান হেলমেট কোম্পানী:Vega, Studds Steelbird, Royal Enfield, Axor, LS2, MT, SMK
SMK ৰ প্ৰকৃত ফুল ফৰ্ম (The Real Connection):প্ৰত্যক্ষভাৱে কোম্পানীটোৱে ইয়াক “Style, Mobility, Knowledge” বুলি ব্ৰেণ্ডিং কৰে যদিও, ইয়াৰ নামটো আচলতে Studds কোম্পানীৰ প্ৰতিষ্ঠাপক আৰু পৰিয়ালৰ সদস্যসকলৰ নামৰ আদ্যক্ষৰৰ সৈতে জড়িত:
S: Sidharth Bhushan Khurana (Managing Director)
M: Madhu Bhushan Khurana (Chairman)
K: Khurana (পৰিয়ালৰ উপাধি/Surname)
হাফ-হেলমেট: সুৰক্ষা নে কেৱল ফেশ্বন ?
বহুতে আৰাম পাবলৈ হাফ-হেলমেট পিন্ধে। কিন্তু মনত ৰাখিব, বাইক দুৰ্ঘটনা হ’লে আটাইতকৈ বেছি আঘাত মুখৰ তলৰ অংশত বা থুঁতৰিত লাগে। হাফ-হেলমেটে আপোনাৰ মুখখনক পকী ৰাস্তাত ঘঁহনি খাবলৈ উদং কৰি দিয়ে। ই কেৱল পুলিচক ফাঁকি দিবলৈহে কামত আহে, জীৱন বচাবলৈ নহয়।
মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা অলপ তিতা সত্য:
মই কোনো কিতাপ পঢ়ি বা কোম্পানীৰ বিজ্ঞাপন দেখি এইবোৰ কথা কোৱা নাই। ধেমাজি পলিটেকনিকত পঢ়ি থকা সেই সময়ৰ আৰু পৰৱৰ্তী সময়ত ডিগবৈত ৰিফাইনেৰীত (IOCL) এপ্ৰেন্টিশ্বিপ কৰি থকা কালত মই শিৱসাগৰ পৰা ডিগবৈলৈ প্ৰায় ১৫০ কিলোমিটাৰ যাত্ৰা বাইকেৰে কৰিছিলোঁ। এই দীঘলীয়া যাত্ৰাত মোৰ চকুৰ আগত কেইবাটাও ভয়াবহ দুৰ্ঘটনা দেখিছোঁ। মই দেখিছোঁ কেনেকৈ এটা সস্তীয়া হেলমেট পিন্ধাৰ বাবে মানুহৰ মগজুৰ অৱস্থা তচনচ হৈ যায়। বহু সময়ত দেখা যায় যে বাইকখনৰ একো হোৱা নাই, কিন্তু কেৱল হেলমেটটোৱে আঘাত সহিব নোৱাৰাৰ বাবে এজন ডেকা ল’ৰাৰ থিতাতে মৃত্যু হৈছে। সেই দৃশ্যবোৰে মোক শিকালে যে ৰাস্তাত চলিবলৈ কেৱল বাইকখন ভাল হ’লেই নহয়, নিজৰ সুৰক্ষাৰ Helmet হ’ব লাগে।
সস্তীয়া হেলমেট বনাম সুৰক্ষিত হেলমেট
(ECE/DOT):বহুতে ভাবে স্কুটী চলালে বা লাহেকৈ চলালে দামী হেলমেট নালাগে। কিন্তু মনত ৰাখিব, আপুনি ২০ স্পীডত পৰিলেও যদি আপোনাৰ মূৰটো পকী ৰাস্তাত বা শিলত লাগে, তেন্তে সেই ৭০০ টকীয়া হেলমেটটো লগে লগে ফাটি যাব।
মই নিজে Axor হেলমেট ব্যৱহাৰ কৰোঁ কাৰণ ইয়াৰ ECE আৰু DOT চার্টিফিকেট আছে। ইয়াৰ অৰ্থ হ’ল— এই হেলমেটবোৰ ইউৰোপ আৰু আমেৰিকাৰ লেবৰেটৰীত হাজাৰ বাৰ আঘাত কৰি পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত থকা ‘Multi-density EPS’ এ দুৰ্ঘটনাৰ সকলো শক্তি নিজে শোষণ কৰি লয় আৰু আপোনাৰ মগজুটোক সুৰক্ষিত ৰাখে।
হেলমেট পিন্ধিলেও যদি মৃত্যু হয় ?
হয়তো আপুনি ক’ব— “ভাগ্যত থাকিলে Axor পিন্ধিলেও মানুহ মৰিব।” এইটো সঁচা, মৃত্যুৰ কোনো গেৰাণ্টি নাই। কিন্তু বুলেটপ্ৰুফ জেকেট পিন্ধিলে গুলী নালাগে বুলি কোনো কথা নাই, ই কেৱল আপোনাৰ বাচি থকাৰ সুযোগ (Survival Chance) ১০% ৰ পৰা ৯০% লৈ বৃদ্ধি কৰে। আপুনি সেই সুযোগটো ল’ব নিবিচাৰিব নেকি ?
সুৰক্ষাৰ মানদণ্ডবোৰ বুজি লওক (Safety Standards)হেলমেট এটা কিমান সুৰক্ষিত, তাক এই তিনিটা মার্ক চাই চিনি পাব পাৰি:
ISI (Indian Standards Institute): ই ভাৰতীয় মানদণ্ড। ভাৰতৰ ৰাস্তাত হেলমেট পিন্ধিবলৈ এইটো বাধ্যতামূলক। কিন্তু মনত ৰাখিব, সকলো ISI হেলমেট সমানে সুৰক্ষিত নহয়। ৫০০ টকীয়া হেলমেটতো ISI থাকে, কিন্তু সি কেৱল নামেহে।
DOT (Department of Transportation): ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানদণ্ড। ইয়াক পাছ কৰা হেলমেটবোৰ যথেষ্ট মজবুত হয়।
ECE (Economic Commission for Europe): ই ইউৰোপীয় মানদণ্ড (বৰ্তমান ECE 22.06)। ইয়াক বিশ্বৰ আটাইতকৈ কঠিন আৰু নিৰ্ভৰযোগ্য টেষ্ট বুলি গণ্য কৰা হয়।

মোৰ হাতত থকা এই দুয়োটা হেলমেট কিয় আচল?
১. Axor Apex (ওপৰৰ ফটোখন):
Triple Certification: এই হেলমেটটোত একেলগে তিনিটা মানদণ্ড আছে— DOT (আমেৰিকান), ECE 22.05 (ইউৰোপীয়) আৰু ইয়াৰ লগতে ISI (ভাৰতীয়) মার্কো থাকে
Weight (ওজন): ইয়াত স্পষ্টকৈ wt-1600g লিখা আছে. অৰিজিনেল দামী হেলমেটৰ ওজন ইমানেই হয়, কাৰণ ইয়াৰ শ্বেল (Shell) টো বহুত শক্তিশালী মেটেৰিয়েলৰে বনোৱা হয়
QC Passed: ইয়াত ‘Final QC1 Passed’ ষ্টিকাৰ আছে, যিটো কোম্পানীৰ গুণগত মান পৰীক্ষাৰ চিন.মোৰ Axor Apex হেলমেটটোৰ ফিতাখনত এটা কাপোৰৰ লেবেল চিলাই কৰা আছে। ইয়াত বৃত্তৰ ভিতৰত (E11) লিখা আছে। ইয়াৰ অৰ্থ হ’ল এই হেলমেটটো ইউৰোপীয়ান মানদণ্ডত পৰীক্ষিত আৰু E11 কোডটোৱে বুজায় যে ই ব্ৰিটেইনত (UK) চার্টিফাইড হৈছে। লগতে ইয়াৰ তলত থকা 050713 নম্বৰটোৱে বুজায় যে ই ECE R-22.05 নিয়ম মানি তৈয়াৰ কৰা হৈছে।
২. Studds (তলৰ ফটোখন):ISI Certification: ইয়াত স্পষ্টকৈ IS: 4151 লিখা আছে, যিটো টু-হুইলাৰ হেলমেটৰ বাবে ভাৰত চৰকাৰৰ নিৰ্দিষ্ট ক’ড।
CM/L Number: আটাইতকৈ ডাঙৰ প্ৰমাণটো হ’ল ইয়াৰ তলত থকা CM/L-9981313 নম্বৰটো। এইটো এটা ইউনিক লাইচেঞ্চ নম্বৰ। আপুনি BIS Care App ত এই নম্বৰটো মাৰিলে লগে লগে ‘Studds Accessories Ltd’ ৰ নাম ওলাই পৰিব।
Weight (ওজন): ইয়াৰ ওজন 1300g, যিটো চিটি ৰাইডিং বা নিয়মীয়া ব্যৱহাৰৰ বাবে এটা আদৰ্শ ওজন। “
ফটোত দেখা পোৱা এই দুয়োটা হেলমেট মোৰ নিজৰ। আপোনালোকে মন কৰক—ইয়াত থকা CM/L নম্বৰ, ECE ৰেটিং আৰু ওজনৰ নিখুঁত বিৱৰণ। আচল হেলমেটত এনেকুৱাকৈ সকলো তথ্য স্পষ্টকৈ লিখা থাকে। কিনিবলৈ যাওঁতে এনেকৈ চাই ল’লে আপুনি কেতিয়াও নকল হেলমেট কিনি ঠগ নাখায়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াৰ তলত থকা CM/L-9981313 নম্বৰটো। আপুনি BIS Care App ত এই নম্বৰটো চাৰ্চ কৰিলে এই হেলমেটটো যে অৰিজিনেল ‘Studds’ কোম্পানীৰ হয়, তাৰ প্ৰমাণ নিজে পাব।
এটা গুৰুত্বপূৰ্ণ খবৰ:
Axor আৰু Vega-ৰ সম্পৰ্ক”বহুতে হয়তো ভাবিব পাৰে যে Axor হেলমেটৰ ISI নম্বৰটো BIS App-ত চালে Vega কোম্পানীৰ নাম কিয় ওলায়? ইয়াৰ কাৰণ হ’ল— Axor হৈছে Vega কোম্পানীৰে এটা প্ৰিমিয়াম ব্ৰেণ্ড।”
আচল হেলমেট কেনেকৈ চিনি পাব, তাৰ কেইটামান উপায় তলত দিয়া হ’ল:
১. ISI মাৰ্ক কেনেকৈ চেক কৰিব? (Indian Standard)
কেৱল ISI লিখা ষ্টিকাৰ দেখিলেই বিশ্বাস নকৰিব.
CM/L Number: আচল ISI মাৰ্কৰ তলত এটা CM/L (Licence Number) থাকে (যেনে: CM/L-0001234).
BIS Care App: আপুনি গুগল প্লে-ষ্ট’ৰৰ পৰা BIS Care App টো ডাউনলোড কৰি সেই নম্বৰটো চাৰ্চ কৰিলে গম পাব যে সেইটো আচলতে সেই ব্ৰেণ্ডৰ বাবে হয়নে নহয়.
ষ্টিকাৰ নহয়, পেইন্ট: দামী হেলমেটত ISI মাৰ্কটো সাধাৰণতে ষ্টিকাৰ নহয়, হেলমেটৰ কালৰৰ লগতে পেইন্ট কৰা থাকে বা এনেকৈ লগোৱা থাকে যে ই সহজে এৰুৱাব নোৱাৰি.
২. ECE আৰু DOT কেনেকৈ চিনি পাব? (International Standard)হেলমেটৰ পিছফালে: DOT আৰু ECE চার্টিফিকেট সদায় হেলমেটৰ পিছফালে একেবাৰে তলৰ অংশত থাকে.
ECE লেবেল (আটাইতকৈ গুৰুত্বপূৰ্ণ): আচল ECE হেলমেটৰ ভিতৰৰ ফিতা বা পেডিংখন খুলি চালে তাত এটুকুৰা কাপোৰৰ লেবেল চিলাই কৰা থাকে. তাত ‘E’ ৰ সৈতে এটা নম্বৰ থাকে (যেনে: E1, E9, E11). ইয়াৰ লগত এটা চিৰিয়েল নম্বৰ থাকে. যদি এই লেবেলটো নাই, তেন্তে সেইটো ১০০% নকল.
ষ্টিকাৰৰ মানদণ্ড: নকল হেলমেটত এই ষ্টিকাৰবোৰ হাতৰ নখেৰে এৰুৱাব পাৰি, কিন্তু আচল হেলমেটত ইয়াৰ ওপৰত এটা সুৰক্ষামূলক লেয়াৰ (Lacquer) থাকে.
৩. হেলমেটৰ ওজন আৰু ফিনিশ্বিং (Weight & Build)ওজন: এটা ভাল ECE/DOT হেলমেটৰ ওজন সাধাৰণতে ১৩৫০ গ্ৰামৰ পৰা ১৬০০ গ্ৰামৰ ভিতৰত হয়. যদি হেলমেটটো হাতত ল’লে একেবাৰে পাতল (খেলনাৰ দৰে) লাগে, তেন্তে ই কেতিয়াও সুৰক্ষিত নহয়
পেডিং (Padding): আচল হেলমেটৰ ভিতৰৰ গাদী বা পেডিংখন যথেষ্ট টান আৰু উচ্চমানৰ কাপোৰেৰে তৈয়াৰী. নকল হেলমেটৰ গাদীবোৰ একেবাৰে কোমল স্পঞ্জৰ দৰে.
৪. কিউ.আৰ কোড (QR Code)আজিকালি Axor, SMK বা LS2 ৰ দৰে ব্ৰেণ্ডৰ হেলমেটৰ লগত এটা QR Code আহে সেইটো স্কেন কৰিলে আপুনি পোনপটীয়া কোম্পানীৰ ৱেবছাইটত হেলমেটটোৰ সকলো ডিটেইলছ চাব পাৰে
ইনভেষ্টমেণ্টৰ অংকটো বুজি লওক:
আমি যেতিয়া এখন বাইক বা স্কুটী লওঁ, আমি লগে লগে ১ লাখ বা ২ লাখ টকা খৰচ কৰি দিওঁ আনকি চেকেণ্ড হেণ্ড ল’লেও আমি ৩০-৪০ হাজাৰ টকাটো খৰচ কৰোঁৱেই আপুনি এবাৰ ভাবি চাওক—যিখন গাড়ীত উঠি আপুনি যাব, তাৰ বাবে যদি ইমান টকা খৰচ কৰিব পাৰিছে, তেন্তে সেই গাড়ীখন চলোৱা মানুহজনৰ (অৰ্থাৎ আপোনাৰ) জীৱনটোৰ বাবে মাত্ৰ ৫০০০ টকা খৰচ কৰিব নোৱাৰিবনে ?
বহুতে কয় ৫০০০ টকীয়া হেলমেট এটা বহুত দামী।
কিন্তু গণিতটো কৰি চাওক:আপুনি বাইক বা স্কুটীৰ দামতকৈ হেলমেটৰ দামত বহুত কম খৰচ কৰিছেগাড়ীখনৰ দাম ১,০০,০০০ টকা হ’লে ৫০০০ টকীয়া হেলমেটটো তাৰ মাত্ৰ ৫% হে গাড়ীখন ভাঙিলে মেৰামতি কৰিব পাৰি, কিন্তু আপোনাৰ মূৰটো ভাঙিলে কোনো গেৰেজ মেৰামতি নহয়.গতিকে, বাইকখনত লাখ টকা ইনভেষ্ট কৰাৰ পিছত হেলমেট এটাৰ নামত সেই ৫%% টকা খৰচ কৰাটোক “দামী” বুলি নকৈ “স্মাৰ্ট ইনভেষ্টমেণ্ট” বুলিহে কোৱা উচিত যিসকলে ভাবে যে সস্তীয়া হেলমেটেই যথেষ্ট, তেওঁলোকে আচলতে নিজৰ অমূল্য জীৱনটোক ৭০০ টকাত নিলাম কৰিছে
বিশেষ জাননী: অসমৰ উদ্যোগ খণ্ডত এক নতুন মাত্ৰা যোগ কৰিবলগীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিষয়ে বিতং তথ্যৰ বাবে Tata Semiconductor Jagiroad:
অসমৰ যুৱকৰ বাবে সোণালী সুযোগ https://share.google/0i7Rf7owAUdqnGhGF
মই ইয়াত কোনো নিৰ্দিষ্ট হেলমেট কোম্পানীৰ বিজ্ঞাপন দিবলৈ অহা নাই। মই কেৱল এজন সচেতন নাগৰিক হিচাপে আপোনালোকক এই ISI, ECE আৰু DOT মানদণ্ডৰ লিংকবোৰ দিছোঁ যাতে আপোনালোকে নিজে গুগল কৰি পঢ়ি ল’ব পাৰে যে কোনটো হেলমেট আপোনাৰ জীৱনৰ বাবে সঁচাকৈ সুৰক্ষিত।
মোৰ উদ্দেশ্য আপোনালোকক কোনো ব্ৰেণ্ড বিক্ৰী কৰা নহয়, মোৰ উদ্দেশ্য হ’ল আপোনালোকে যাতে নিজৰ সুৰক্ষাৰ বিজ্ঞানটো নিজে বুজি পায় আৰু সজাগ হয়। মই যিবোৰ তথ্য দিছোঁ, সেইবোৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত। গতিকে অন্ধভাৱে মোক বিশ্বাস নকৰি আপোনালোকে নিজেও ৰিচাৰ্ছ কৰি চাওক—কাৰণ কথাটো মোৰ নহয়, আপোনাৰ জীৱনৰহে।
মই দিয়া তথ্যবোৰ সত্যতা পৰীক্ষা কৰিবলৈ আপোনালোকে ওপৰৰ চৰকাৰী লিংকসমূহ ক্লিক কৰি পঢ়ি ল’ব পাৰে। সচেতন হওক, সুৰক্ষিত থাকক!
ISI (BIS) মানদণ্ডৰ বাবে:ভাৰতীয় মানক ব্যুৰোৰ (Bureau of Indian Standards)
অফিচিয়েল ৱেবছাইট:https://www.bis.gov.in(ইয়াত আপুনি হেলমেটৰ ISI নম্বৰ বা CM/L নম্বৰটো চেক কৰিব পাৰে)
ECE (ইউৰোপীয় মানদণ্ড) বুজি পাবলৈ:United Nations Economic Commission for Europe (UNECE) ৰ অফিচিয়েল
গাইডলাইন:https://unece.org/transport/vehicle-regulations
DOT (আমেৰিকান মানদণ্ড) ৰ বাবে:আমেৰিকাৰ National Highway Traffic Safety Administration (NHTSA) ৰ সুৰক্ষা
নিৰ্দেশনা:https://www.nhtsa.gov/equipment/motorcycle-helmets
ISI হেলমেট চেক কৰিবলৈ (Mobile App):গুগল প্লে-ষ্ট’ৰৰ পৰা BIS Care App ডাউনলোড কৰি ল’ব পাৰে।
সতৰ্কবাণী (Disclaimer):
এই প্ৰবন্ধটোৰ জৰিয়তে মই বৰ্তমান সমাজত চলি থকা এক তিতা সত্যকহে আঙুলিয়াই দিবলৈ চেষ্টা কৰিছোঁ। যেতিয়া আমি লাখ টকা খৰচ কৰি এখন বাইক বা স্কুটী কিনিব পাৰোঁ, তেন্তে নিজৰ জীৱনৰ সুৰক্ষাৰ বাবে এক উন্নত মানদণ্ডৰ হেলমেট পিন্ধাটো আমাৰ কৰ্তব্য হোৱা উচিত। মই বিভিন্ন উৎসৰ অধ্যয়ন আৰু বাস্তৱ জীৱনৰ কিছুমান চকুৰে দেখা কৰুণ দৃশ্যৰ অভিজ্ঞতাৰ ভিত্তিত এই লিখনিটো আগবঢ়াইছোঁ।অৱশ্যে, দামী হেলমেট পিন্ধাৰ অৰ্থ এইটো নহয় যে আপুনি ৰাস্তাত অতিমাত্ৰা গতিৰে (Over Speed) বাইক চলাব লাগে। মোৰ উদ্দেশ্য কেৱল আপোনালোকক সুৰক্ষাৰ প্ৰতি সচেতন কৰা হে। মই বৈজ্ঞানিক তথ্য আৰু বাস্তৱৰ সত্যতাৰ সহায়ত কথাবোৰ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ, তথাপিও যদি ক’ৰবাত বাক্য গাঁথনি বা শব্দ চয়নত কিবা ভুল-ভ্ৰান্তি ৰৈ গৈছে, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী।
ধন্যবাদেৰে
My Smart Study Team