Rich Dad Poor Dad summary in Assamese আজিৰ যুগত কেৱল কঠোৰ পৰিশ্ৰম কৰিলেই ধনী হ’ব নোৱাৰি, তাৰ বাবে লাগে সঠিক আৰম্ভণি আৰু ‘আৰ্থিক বুদ্ধি’ (Financial Intelligence)। বিশ্বৰ অন্যতম জনপ্ৰিয় বিত্তীয় গ্ৰন্থ ‘Rich Dad Poor Dad’ ত লেখক ৰবাৰ্ট কিয়োছাকিয়ে আমাক পইচাৰ এটা এনেকুৱা সত্যৰ সৈতে চিনাকি কৰাই দিছে, যিটো আমাক কোনো স্কুল বা কলেজত শিকোৱা নহয়। এই কিতাপখনত লেখকে তেওঁৰ দুজন দেউতাকৰ জীৱন দৰ্শনৰ জৰিয়তে বুজাইছে যে ধনী আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ মাজত চিন্তা-ধাৰাৰ কিমান বৃহৎ পাৰ্থক্য থাকে। আপুনি যদি আৰ্থিক স্বাধীনতা বিচাৰে আৰু পইচাক নিজৰ বাবে কাম কৰাব বিচাৰে, তেন্তে এই কিতাপখনৰ মূল শিকনিসমূহ জনাটো অতি প্ৰয়োজনীয়।

Assets বা সম্পত্তি (যিয়ে আপোনাক পইচা দিয়ে):
বহুতৰ মতে নিজৰ থকা ঘৰখন বা এখন দামী গাড়ী সম্পদ, কিন্তু এই কিতাপখনৰ মতে সেইটো ভুল। প্ৰকৃত সম্পত্তি হ’ল সেইবোৰ বস্তু যিয়ে আপুনি শুই থাকিলেও আপোনাৰ একাউণ্টলৈ পইচা আনে।উদাহৰণ: ধৰক আপুনি এটা ঘৰ কিনি ভাড়াত দিছে। সেই ভাড়াৰ পইচাখিনি হ’ল আপোনাৰ ‘Asset’। তেনেকৈ শ্বেয়াৰ বজাৰত কৰা বিনিয়োগ, কোনো ব্যৱসায়ৰ অংশীদাৰিত্ব বা আনকি আপোনাৰ Technical Website (যিয়ে এডচেন্সৰ জৰিয়তে পইচা উপাৰ্জন কৰি দিয়ে) আদিবোৰ হ’ল প্ৰকৃত সম্পত্তি।
Liabilities বা বোজা (যিয়ে আপোনাৰ পইচা নিয়ে):
বোজা হ’ল সেইবোৰ বস্তু যিবোৰ চম্ভালিবলৈ বা ব্যৱহাৰ কৰিবলৈ আপুনি নিজৰ পকেটৰ পৰা পইচা খৰচ কৰিবলগীয়া হয়।উদাহৰণ: আপুনি যদি বেংকৰ পৰা ঋণ লৈ এখন বিলাসী গাড়ী কিনে, তেন্তে সেইখন আপোনাৰ বাবে এটা ‘Liability’। কাৰণ প্ৰতি মাহে ইয়াৰ কিস্তি (EMI), তেলৰ খৰচ আৰু মেৰামতিৰ বাবে আপোনাৰ জেপৰ পৰা পইচা ওলাই গৈ থাকে। ঠিক তেনেকৈ দামী মোবাইল ফোন বা ক্ৰেডিট কাৰ্ডৰ ধাৰবোৰো একো একোটা বোজা।
মূল পাৰ্থক্যটো ক’ত ?
এজন সাধাৰণ মানুহ আৰু এজন ধনী মানুহৰ মাজৰ পাৰ্থক্যটো ইয়াতেই লুকাই থাকে:দুখীয়া বা মধ্যবিত্ত মানুহে পইচা পালেই ‘বোজা’ (Liabilities) কিনে, যাক তেওঁলোকে ভুলকৈ সম্পত্তি বুলি ভাবে।ধনী মানুহে প্ৰথমে ‘সম্পত্তি’ (Assets) গঢ়ি তোলে আৰু সেই সম্পত্তিৰ পৰা যি লাভ হয়, সেই লাভৰ পইচাৰেহে পিছত নিজৰ চখ পূৰণ কৰিবলৈ বিলাসী বস্তু কিনে।সহজ ভাষাত ক’বলৈ গ’লে:”সম্পত্তিয়ে আপোনাক খুৱাই-পিন্ধাই পইচা দিয়ে, কিন্তু বোজাই আপোনাৰ পৰা পইচা কাঢ়ি নিয়ে।”
‘এন্দুৰ দৌৰ’ (The Rat Race) কি ?
বেছিভাগ মানুহৰ জীৱনটো এটা নিৰ্দিষ্ট চক্ৰত চলে: ভয় আৰু লোভ।
ভয়: পইচা নোহোৱাৰ ভয়ত আমি কঠিন পৰিশ্ৰম কৰি চাকৰি কৰোঁ।
লোভ: যেতিয়া দৰমহা পাওঁ, সেই পইচাৰে নতুন বস্তু কিনাৰ লোভ সামৰিব নোৱাৰি খৰচ কৰি পেলাওঁ।ইয়াৰ ফলত আকৌ পইচা শেষ হয় আৰু পুনৰ কামলৈ যাবলগীয়া হয়। এই চক্ৰটোকে লেখকে ‘Rat Race’ বুলিছে, য’ত মানুহে যিমানেই বেছি উপাৰ্জন নকৰক কিয়, তেওঁলোকৰ খৰচো সিমানেই বাঢ়ি যায় আৰু তেওঁলোকে কেতিয়াও আৰ্থিক মুক্তি নাপায়।
মানসিকতাৰ পাৰ্থক্য দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণী:
তেওঁলোকে ভাবে যে অধিক পইচা উপাৰ্জন কৰিলে (যেনে: দৰমহা বাঢ়িলে) তেওঁলোকৰ সমস্যা সমাধান হ’ব। কিন্তু প্ৰকৃততে তেওঁলোকে নিজৰ ‘সময়’ বিক্ৰী কৰি পইচা ঘটি থাকে। তেওঁলোকে কাম কৰা বন্ধ কৰি দিলে পইচা অহাটোও বন্ধ হৈ যায়।
ধনী শ্ৰেণী: তেওঁলোকে পইচাক এটা ‘বীজ’ হিচাপে দেখে। তেওঁলোকে সেই পইচাখিনি এনে ঠাইত লগাই (বিনিয়োগ কৰে), য’ৰ পৰা সেই পইচা গছ হৈ পুনৰ নতুন পইচা ফল হিচাপে দিয়ে। তেওঁলোকে নিজৰ মগজুটো ব্যৱহাৰ কৰি এনে এক ব্যৱস্থা (System) গঢ়ি তোলে য’ত তেওঁলোকে পইচাৰ পিছে পিছে দৌৰিব নালাগে, বৰঞ্চ পইচাহে তেওঁলোকৰ পিছে পিছে দৌৰে।
পইচাক ‘কৰ্মচাৰী’ কৰা মানে কি ?
ধৰক আপুনি ১০০০ টকা সাঁচি এঠাইত বিনিয়োগ কৰিলে। এতিয়া সেই ১০০০ টকাই আপোনাৰ বাবে এজন ‘কৰ্মচাৰী’ৰ দৰে কাম কৰিব। সেই টকাটোৱে যি লাভ (Interest বা Profit) দিব, সেই লাভৰ পইচাখিনি হ’ব আপোনাৰ সেই কৰ্মচাৰীজনে কৰি দিয়া কামৰ মজুৰি। ধনী মানুহে এনেকৈয়ে হাজাৰ হাজাৰ ‘টকা-কৰ্মচাৰী’ তৈয়াৰ কৰি লয়।
কাম (Profession) বনাম ব্যৱসায় (Business):
লেখকে কৈছে যে আপোনাৰ ‘কাম’ বা ‘চাকৰি’ হ’ল সেইটো যিয়ে আপোনাৰ দৈনন্দিন বিলসমূহ পৰিশোধ কৰাত সহায় কৰে। কিন্তু আপোনাৰ ‘ব্যৱসায়’ হ’ল সেইটো যিয়ে আপোনাৰ Asset Column (সম্পত্তিৰ তালিকা) বৃদ্ধি কৰে।উদাহৰণস্বৰূপে: এজন বেংক মেনেজাৰৰ ‘কাম’ হ’ল বেংকত চাকৰি কৰা, কিন্তু তেওঁৰ ‘ব্যৱসায়’ হ’ল তেওঁৰ থকা ৰিয়েল এষ্টেট বা শ্বেয়াৰ বজাৰৰ বিনিয়োগসমূহ।
আনক ধনী কৰা বন্ধ কৰক:
যেতিয়া আপুনি এঠাইত চাকৰি কৰে, আপুনি কেইবাটাও পক্ষক ধনী কৰাত সহায় কৰে
মালিকক: আপোনাৰ পৰিশ্ৰমে কোম্পানীটোৰ মালিকক ধনী কৰে।
চৰকাৰক: আপোনাৰ দৰমহাৰ পৰা কটা টেক্সৰ জৰিয়তে চৰকাৰ ধনী হয়।
বেংকক: আপুনি লোৱা ঋণৰ সুদৰ জৰিয়তে বেংক ধনী হয়।’নিজৰ ব্যৱসায়ত চকু দিয়া’ৰ অৰ্থ হ’ল— এই সকলোবোৰ কৰাৰ পাছতো নিজৰ বাবেও অলপ সময় আৰু পইচা খৰচ কৰা।
সম্পত্তিৰ তালিকা (Asset Column) মজবুত কৰক: লেখকে চাকৰি এৰি দিবলৈ কোৱা নাই। তেওঁ কৈছে যে চাকৰিটো কৰি থকাৰ সমান্তৰালভাৱে এনেকুৱা কিছুমান সম্পদ গঢ়ি তোলক যিবোৰ আপোনাৰ নিজৰ মালিকানাধীন। যেনে:কোনো কোম্পানীৰ শ্বেয়াৰ বা ষ্টক।বণ্ড (Bonds)।উপাৰ্জন কৰিব পৰা মাটি বা সম্পত্তি।ইন্টেলেকচুৱেল প্ৰপাৰ্টি (যেনে: কিতাপ লিখা, কোনো বিশেষ চফ্টৱেৰ বা এটা লাভজনক ব্লগ/ৱেবছাইট)।
সম্পদবোৰ ধৰি ৰাখক:
যেতিয়া আপুনি নিজৰ ব্যৱসায় বা সম্পত্তিৰ তালিকাত এটুকুৰা টকা ভৰায়, সেইটোক তাত সদায় থাকিবলৈ দিয়ক। সেই পইচাটোক আপোনাৰ এজন ‘কৰ্মচাৰী’ বুলি ভাবক। আপোনাৰ লক্ষ্য হ’ব লাগে যাতে আপোনাৰ সম্পত্তিৰ পৰা অহা উপাৰ্জনে আপোনাৰ চাকৰিৰ দৰমহাতকৈ বেছি হয়। যিদিনা আপোনাৰ সম্পত্তিৰ পৰা অহা আয় (Passive Income) আপোনাৰ খৰচতকৈ বেছি হ’ব, সেইদিনাই আপুনি প্ৰকৃততে আৰ্থিকভাৱে স্বাধীন হ’ব।
পইচা হেৰুওৱাৰ ভয় (The Fear of Losing Money):
বেছিভাগ মানুহৰ বাবে পইচা হেৰুওৱাৰ যন্ত্ৰণাটো ধনী হোৱাৰ আনন্দতকৈ বেছি। এই ভয়ৰ বাবেই তেওঁলোকে কেতিয়াও কোনো নতুন পদক্ষেপ নলয়।
বিপদাশংকা (Risk) বনাম নিৰাপত্তা: মধ্যবিত্ত মানুহে সদায় ‘নিৰাপদ’ (Safe) হৈ থাকিবলৈ বিচাৰে। কিন্তু ‘ৰিচ ড্যাড’ৰ মতে, “বিপদাশংকা নোলোৱাটোৱেই আটাইতকৈ ডাঙৰ বিপদাশংকা।” ধনী মানুহে জানে যে বিনিয়োগত লোকচান হ’ব পাৰে, কিন্তু সেই লোকচানৰ পৰা পোৱা অভিজ্ঞতাই তেওঁলোকক ভৱিষ্যতে অধিক লাভ কৰাত সহায় কৰিব।
এলাহ নতুন ৰূপ (The New Form of Laziness):
আমি ভাবো এলাহ মানে কেৱল শুই থকা। কিন্তু লেখকে ইয়াক অন্য ধৰণে বুজাইছে।
ব্যস্ততাৰ এলাহ : বহুতো মানুহে নিজৰ আৰ্থিক অৱস্থাৰ উন্নতি কৰিবলৈ সময় নাই বুলি কয়। তেওঁলোকে চাকৰি বা আন কামত ইমানেই ব্যস্ত হৈ থাকে যে নিজৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ তেওঁলোকৰ সময় বা ইচ্ছা নাথাকে। এইটোৱেই হৈছে ‘ব্যস্ততাৰ আঁৰত লুকাই থকা এলাহ । তেওঁলোকে নিজৰ সমস্যাবোৰৰ সন্মুখীন হোৱাতকৈ ব্যস্ত হৈ থকাটোকে পছন্দ কৰে।
ভুল কৰাৰ সাহস (Courage to Make Mistakes):আমাৰ শিক্ষা ব্যৱস্থাই আমাক শিকায় যে ভুল কৰাটো বেয়া কথা। কিন্তু জীৱনত আগবাঢ়িবলৈ হ’লে ভুল কৰাটো অতি প্ৰয়োজনীয়।
শিকাৰ মানসিকতা: চাইকেল চলাবলৈ শিকিবলৈ হ’লে যেনেকৈ কেইবাৰমান পৰিব লাগে, ঠিক তেনেকৈ আৰ্থিকভাৱে সফল হ’বলৈ হ’লেও কেইবাৰমান ভুল বিনিয়োগ বা লোকচানৰ সন্মুখীন হ’ব লগা হ’ব পাৰে। কিন্তু সেই ভুলবোৰৰ পৰা শিক্ষা লৈ আগবাঢ়ি যোৱাজনহে প্ৰকৃততে ধনী হ’ব পাৰে।
নেতিবাচক চিন্তা বা বিমৰ্ষতা (Cynicism):বহুতৰে মনত এজন “Cynic” বা বিমৰ্ষকাৰী ব্যক্তি সোমাই থাকে, যিয়ে সদায় কয়— “এইটো কাম নকৰিব, লোকচান হ’ব” বা “আকাশখন খহি পৰিব”। এই নেতিবাচক চিন্তাই আমাক নতুন সুযোগবোৰ দেখাৰ পৰা বিৰত ৰাখে। ধনী মানুহে এনে নেতিবাচক কথাত গুৰুত্ব নিদি সুযোগবোৰ সঠিককৈ বিশ্লেষণ কৰিবলৈ শিকে।
অসমৰ নৱপ্ৰজন্মৰ বাবে বিশেষ বাৰ্তা: কেৱল ডিগ্ৰী নহয়, দক্ষতাইহে গঢ়িব ভৱিষ্যত
আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মেধা শক্তিৰ কোনো অভাৱ নাই। কিন্তু আমাৰ সমাজত এটা পৰম্পৰাগত ধাৰণা আছে যে কেৱল পাঠ্যপুথি পঢ়ি ভাল নম্বৰ পালেই জীৱনত সফল হ’ব পাৰি। বৰ্তমানৰ একবিংশ শতিকাত এই ধাৰণাটো সলনি কৰাৰ সময় আহি পৰিছে। পঢ়া-শুনাৰ লগতে যদি আপুনি দিনটোৰ মাত্ৰ ১-২ ঘণ্টা সময় নিজৰ দক্ষতা (Skills) বৃদ্ধিৰ বাবে দিয়ে, তেন্তে আপোনাৰ কেৰিয়াৰৰ পথ বহুত সহজ হৈ পৰিব।প্ৰতিটো দক্ষতাৰ প্ৰয়োজনীয়তা তলত বিতংকৈ দিয়া হ’ল:
১. ডিজিটেল দক্ষতা (Digital Skills):আজিকালি প্ৰতিটো কামেই ইণ্টাৰনেট আৰু কম্পিউটাৰৰ ওপৰত নিৰ্ভৰশীল।
কিয় শিকিব: কেৱল ম’বাইলত গেম খেলা বা ছচিয়েল মিডিয়া চোৱাটোৱেই ডিজিটেল জ্ঞান নহয়। কম্পিউটাৰৰ বিভিন্ন চফ্টৱেৰ ব্যৱহাৰ কৰিব জনা, নিজৰ এটা ৱেবছাইট বা ব্লগ বনাই নিজৰ জ্ঞান পৃথিৱীক জনোৱা বা ই-মাৰ্কেটিং শিকাটো অতি জৰুৰী। ই আপোনাক ঘৰত বহিয়েই উপাৰ্জন কৰাৰ পথ দেখুৱাব পাৰে।
২. সৃষ্টিশীল কাম (Creative Works):সৃষ্টিশীল কামে আপোনাৰ মগজুটোক নতুনকৈ চিন্তা কৰিবলৈ শিকায়।
কিয় শিকিব: বৰ্তমান কন্টেন্ট (Content) ৰ যুগ। আপুনি যদি এজন ভাল ভিডিঅ’ এডিটৰ বা গল্প লিখক (Content Writer) হ’ব পাৰে, তেন্তে আপোনাৰ বাবে কামৰ কোনো অভাৱ নহয়। ফটোগ্ৰাফীৰ জৰিয়তে আপুনি পৃথিৱীখনক এটা নতুন দৃষ্টিৰে চাবলৈ শিকিব। এইবোৰে পঢ়া-শুনাৰ আমনি দূৰ কৰি মনটোক সজীৱ কৰি ৰাখে।
৩. যোগাযোগৰ কলা (Communication Skills):আপোনাৰ হাতত যিমানেই জ্ঞান নাথাকক কিয়, যদি আপুনি সেইটো আনৰ আগত প্ৰকাশ কৰিব নোৱাৰে, তেন্তে সেই জ্ঞানৰ মূল্য কমি যায়।
কিয় শিকিব: Public Speaking বা দহজনৰ আগত স্পষ্টকৈ কথা ক’ব পৰা গুণটোৱে আপোনাৰ ব্যক্তিত্ব সলনি কৰি দিব। ঠিক তেনেকৈ, ইংৰাজী কথোপকথন (Spoken English) শিকিলে আপুনি কেৱল অসমতে নহয়, বিশ্বৰ যিকোনো প্ৰান্তৰ মানুহৰ সৈতে কাম কৰিবলৈ সক্ষম হ’ব। ইণ্টাৰভিউবোৰত এই দক্ষতাই আটাইতকৈ বেছি কামত দিয়ে।
৪. অন্যান্য কাৰিকৰী দক্ষতা (Technical Skills):সকলোৱে একে ধৰণৰ কাম কৰাৰ পৰিৱৰ্তে হাতৰ কাম জনাটো এটা ডাঙৰ শক্তি।
কিয় শিকিব: গ্ৰাফিক ডিজাইনৰ জৰিয়তে আপুনি নতুন সৃষ্টি কৰিব পাৰে। আনহাতে, সৰু-সুৰা টেকনিকেল মেৰামতি (যেনে- কম্পিউটাৰ বা ইলেকট্ৰনিক সঁজুলি) জনাটোৱে আপোনাক স্বাৱলম্বী কৰি তোলে। পঢ়া-শুনাটো কষ্ট নহয়, বৰঞ্চ এটা আনন্দদায়ক যাত্ৰা যেন লাগিব যেতিয়া আপোনাৰ হাতত এনেকুৱা কিছুমান বিশেষ ক্ষমতা থাকিব।
আমাৰ অসমৰ প্ৰতিজন ল’ৰা-ছোৱালীয়ে বুজি উঠা উচিত যে কেৱল এটা চাকৰিৰ বাবে অপেক্ষা কৰি থকাতকৈ নিজকে ইমান দক্ষ কৰি তোলক যাতে কামে আপোনাৰ পিছে পিছে আহে। দিনটোৰ অলপ সময় এইবোৰত খৰচ কৰিলে আপুনি কেৱল এজন ছাত্ৰই হৈ নাথাকিব, আপুনি এজন ‘স্মাৰ্ট স্কিল্ড পাৰ্চন’ হৈ উঠিব।
এটা গুৰুত্বপূৰ্ণ কথা: পঢ়া-শুনা আৰু লক্ষ্য স্থিৰ ৰাখক
মনত ৰাখিব, এই দক্ষতাসমূহ (Skills) শিকাৰ অৰ্থ এইটো কেতিয়াও নহয় যে আপুনি পঢ়া-শুনা কম কৰি দিব লাগে বা চৰকাৰী চাকৰিৰ (Government Job) বাবে চলাই থকা প্ৰস্তুতি এৰি দিব লাগে। বৰঞ্চ, এই দক্ষতাবোৰে আপোনাৰ পঢ়া-শুনাতহে সহায় কৰিব:
মানসিক সজীৱতা: দিনটোৰ ১০-১২ ঘণ্টা কেৱল কিতাপত মুখ গুঁজি থাকিলে মগজু ভাগৰুৱা হৈ পৰে। সেই সময়ত ১ ঘণ্টা স্কিল শিকাটো এটা ‘ব্ৰেক’ৰ দৰে, যিয়ে আপোনাৰ মনটো সজীৱ কৰি ৰাখে আৰু পুনৰ পঢ়াত মনোযোগ দিবলৈ শক্তি দিয়ে।
প্ৰস্তুতিত সহায়: কম্পিউটাৰ বা ইণ্টাৰনেটৰ সঠিক জ্ঞানে আপোনাক চৰকাৰী পৰীক্ষাৰ অনলাইন ফৰ্ম ফিলাপ কৰা পৰা আৰম্ভ কৰি কঠিন বিষয়বোৰ ইউটিউবত সহজতে বুজি পোৱাত সহায় কৰিব।
আত্মবিশ্বাস: যেতিয়া আপোনাৰ হাতত অতিৰিক্ত এটা দক্ষতা থাকে, তেতিয়া আপোনাৰ আত্মবিশ্বাস বাঢ়ি যায়। ইণ্টাৰভিউৰ সময়ত এজন জ্ঞানী ছাত্ৰৰ লগতে এজন ‘স্কিল্ড’ ব্যক্তিক সদায় বেছি অগ্ৰাধিকাৰ দিয়া হয়।
বেক প্লেন (Back-up Plan): চৰকাৰী চাকৰিৰ বাবে চেষ্টা চলাই থকাৰ লগতে হাতত এটা স্কিল থাকিলে আপোনাৰ মনত পইচা বা ভৱিষ্যতক লৈ থকা ভয়টো কমি যায়, যিয়ে আপোনাক নিচিন্ত হৈ পঢ়াত মনোযোগ দিয়াত সহায় কৰে।
ৰবাৰ্ট কিয়োছাকিৰ এই বিখ্যাত কিতাপখনে আমাক এটা অতি ডাঙৰ সত্যৰ মুখামুখি কৰাইছে— “ধনী হোৱাটো কোনো অলৌকিক ঘটনা নহয়; ই হ’ল সঠিক আৰ্থিক জ্ঞান (Financial Literacy) আৰু নিয়মিত পৰিশ্ৰমৰ ফল।”‘Rich Dad Poor Dad’ কিতাপখন পঢ়িলে আমি বুজি পাওঁ যে ধনী আৰু দুখীয়াৰ মাজত পাৰ্থক্যটো কেৱল পইচাৰ নহয়, বৰঞ্চ মানসিকতাৰ (Mindset)। গতিকে আহক, আমি কেৱল ডিগ্ৰী লোৱাতে আৱদ্ধ নাথাকি আৰ্থিকভাৱে শিক্ষিত হওঁ আৰু নিজকে দক্ষ কৰি তোলোঁ।আমেৰিকাৰ অন্যতম প্ৰতিষ্ঠাপক বেঞ্জামিন ফ্ৰেংকলিন (Benjamin Franklin) এও পইচাৰ বৃদ্ধিৰ সন্দৰ্ভত এনেধৰণৰ এটা বিখ্যাত কথা কৈছিল:”Money makes money. And the money that money makes, makes money.”(অৰ্থাৎ: পইচাই পইচা সৃষ্টি কৰে। আৰু সেই সৃষ্টি হোৱা পইচাটোৱেও পুনৰ পইচা সৃষ্টি কৰে।)
Disclaimer (বিশেষ ঘোষণা)
Mysmartstudy Team-ৰ তৰফৰ পৰা আমি এই বিশ্ববিখ্যাত কিতাপখনৰ মূল কথাখিনি অসমীয়াত আপোনালোকৰ ওচৰলৈ আনিবলৈ এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। যিহেতু আমি এতিয়াও এই বিষয়বোৰ শিকি আছোঁ, সেয়েহে অনুবাদ কৰোঁতে বাক্য গঠন বা বানানত কিবা ভুল-ত্ৰুটি ৰৈ যাব পাৰে, তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী।আপোনালোকে যদি এই কিতাপখনৰ বিষয়ে অধিক গভীৰভাৱে জানিব বিচাৰে, তেন্তে আমি পৰামৰ্শ দিম যে আপোনালোকে মূল হিন্দী বা ইংৰাজী সংস্কৰণটো পঢ়ি চাওক। তলত আমি দুয়োটা সংস্কৰণৰ লিংক দিছোঁ, য’ৰ পৰা আপোনালোকে পোনপটীয়াকৈ অৰ্ডাৰ দি কিতাপখন কিনিব পাৰিব। আমাৰ মতে, প্ৰতিজন ব্যক্তিয়ে জীৱনত এবাৰ হ’লেও এই কিতাপখন পঢ়া অতি প্ৰয়োজনীয়।
ধন্যবাদ
Mysmartstudy Team
👉 [হিন্দী সংস্কৰণৰ বাবে ইয়াত ক্লিক কৰক (Hindi Edition) https://fktr.in/Mn3bIgj ]
👉 [ইংৰাজী সংস্কৰণৰ বাবে ইয়াত ক্লিক কৰক (English Edition) https://dl.flipkart.com/s/3LspbdNNNN ]