মাইকেল ফেল্পছৰ জীৱনী পৃথিৱীত বহুতে ভাবে যে সফলতা কেৱল ভাগ্যৰ (Luck) খেল, কিন্তু মাইকেল ফেল্পছৰ কাহিনীয়ে আমাক শিকাইছে যে ভাগ্যই কেৱল আপোনাক এটা সুযোগহে দিব পাৰে, কিন্তু সেই সুযোগক ইতিহাসলৈ সলনি কৰিবলৈ লাগে সাগৰৰ দৰে গভীৰ কঠোৰ পৰিশ্ৰম (Hard Work)।বহুতৰ মতে ফেল্পছৰ শৰীৰৰ গঠন (দীঘল হাত আৰু ভৰি) তেওঁৰ বাবে এক ডাঙৰ ভাগ্য আছিল। কিন্তু মনত ৰাখিব, সেই একেই শৰীৰটো লৈ তেওঁ সৰুতে ADHD নামৰ মানসিক বিকাৰৰ সৈতে যুঁজিছিল। যি সময়ত পৃথিৱীয়ে তেওঁক ‘অস্বাভাৱিক’ বুলি ভাবিছিল, সেই সময়ত তেওঁ নিজৰ দুৰ্বলতাক শক্তি কৰি পানীৰ সৈতে মিত্ৰতা কৰিলে।ভাগ্যই তেওঁক এটা বিশেষ শৰীৰ দিছিল ঠিক, কিন্তু সেই শৰীৰটোক এটা ‘Gold Medal Machine’ কৰি তুলিবলৈ তেওঁ বছৰৰ ৩৬৫ দিনেই পানীৰ তলত কটাইছিল। আনকি বৰদিন (Christmas) ৰ দিনাও তেওঁ জিৰণি লোৱা নাছিল। তেওঁ বিশ্বাস কৰিছিল যে— ‘যদি আপুনি আনতকৈ ১ শতাংশও বেছি কাম কৰে, তেন্তে ভাগ্যও আপোনাৰ পক্ষত থাকিবলৈ বাধ্য।’ আজিৰ এই লেখাটোত আমি আলোচনা কৰিম কেনেকৈ এজন সাধাৰণ ল’ৰাই নিজৰ পৰিশ্ৰমৰ বলত ভাগ্যক জয় কৰি পৃথিৱীৰ শ্ৰেষ্ঠ অলিম্পিয়ান হৈ পৰিল।

১. জন্ম আৰু শৈশৱ:
এক সংগ্ৰামৰ কাহিনী (Birth & Early Life)মাইকেল ফেল্পছৰ জন্ম হৈছিল ১৯৮৫ চনৰ ৩০ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ডৰ বাল্টিমোৰত। তেওঁৰ দেউতাক ফ্ৰেড ফেল্পছ এজন পুলিচ বিষয়া আছিল আৰু মাক ডেব্ৰা ফেল্পছ আছিল । ফেল্পছৰ শৈশৱটো আন দহজন ল’ৰাৰ দৰে সহজ নাছিল।
প্ৰত্যাহ্বান আৰু ADHD ৰ সৈতে যুঁজ:
স্কুলীয়া দিনত ফেল্পছক এজন ‘অস্বাভাৱিক’ ল’ৰা হিচাপে চোৱা হৈছিল। তেওঁৰ ADHD (Attention Deficit Hyperactivity Disorder) নামৰ এক মানসিক সমস্যা আছিল। ইয়াৰ অৰ্থ হ’ল তেওঁ কোনো এটা কামত একেৰাহে মন বহুৱাব নোৱাৰিছিল আৰু তেওঁৰ হাত-ভৰি সদায় লৰচৰ কৰি আছিল। আনকি এজন শিক্ষকে তেওঁৰ মাকক কৈছিল, “মাইকেলে জীৱনত কেতিয়াও একো কামতে মনোযোগ দিব নোৱাৰিব আৰু তেওঁ কেতিয়াও সফল হ’ব নোৱাৰিব।” কিন্তু সেই শিক্ষকে জনা নাছিল যে এই ‘অমনোযোগী’ ল’ৰাজনেই এদিন বিশ্বৰ আটাইতকৈ মনোযোগী খেলুৱৈ হৈ পৰিব।
পানীৰ ভয়ৰ পৰা সাতোঁৰৰ আৰম্ভণি:
ফেল্পছে মাত্ৰ ৭ বছৰ বয়সতে সাতোঁৰৰ ক্লাছত যোগদান কৰিছিল। তেওঁৰ দুগৰাকী বায়েক হুইটনি আৰু হিলাৰীয়েও সাতোঁৰ শিকিছিল। আচৰিত কথাটো হ’ল, যিজন মানুহে পানীত ইতিহাস ৰচিলে, তেওঁ প্ৰথমতে পানীক বহুত ভয় কৰিছিল! তেওঁ পানীত মূৰটো ডুবাবলৈ ভয় পাইছিল, যাৰ বাবে তেওঁ প্ৰথমে ‘Backstroke’ (চিত হৈ সাতোঁৰা) শিকিছিল যাতে তেওঁৰ মুখখন পানীৰ ওপৰত থাকে। সেই সময়ত কোনেও ভবা নাছিল যে এই ভয়াতুৰ ল’ৰাজন এদিন ‘সাউদৰ পুতেক’তকৈও বেছি দ্ৰুত হ’ব।
২. প্ৰশিক্ষক বব বাউমেনৰ এণ্ট্ৰি:
এক নতুন দিশ (The Turning Point)ফেল্পছৰ জীৱন সলনি হৈছিল ১৯৯৬ চনত, যেতিয়া তেওঁৰ বয়স আছিল ১১ বছৰ। সেই সময়ত তেওঁৰ সাক্ষাৎ হৈছিল এজন কঠোৰ প্ৰশিক্ষক বব বাউমেনৰ (Bob Bowman) সৈতে।
বব বাউমেনৰ কঠোৰ অনুশাসন:
বব-এ লক্ষ্য কৰিছিল যে ফেল্পছৰ হাত দুখন তেওঁৰ উচ্চতাতকৈও দীঘল, যিটো সাতোঁৰৰ বাবে এক আশীৰ্বাদ। বব-এ ফেল্পছক এজন Champion হিচাপে গঢ়িবলৈ অতি কঠোৰ পৰিশ্ৰম কৰাইছিল। বব-এ ফেল্পছক এটা কথা সদায় কৈছিল— “যদি তুমি বিশ্বৰ শ্ৰেষ্ঠ হ’ব বিচাৰা, তেন্তে তুমি সেইবোৰ কাম কৰিব লাগিব যিবোৰ কৰিবলৈ সাধাৰণ মানুহে সাহস নকৰে বা এলাহ কৰে।”
৩৬৫ দিনৰ কঠোৰ পৰিশ্ৰম:
বব বাউমেনৰ অধীনত ফেল্পছে এনেকৈ অনুশীলন আৰম্ভ কৰিছিল যিটো শুনিলে আপুনি আচৰিত হ’ব। ফেল্পছে বছৰৰ ৩৬৫ দিনেই সাতুৰিছিল। আনকি তেওঁৰ জন্মদিন, খ্ৰীষ্টমাছ বা কোনো উৎসৱৰ দিনাও তেওঁ জিৰণি লোৱা নাছিল। ফেল্পছে কৈছিল যে তেওঁ যদি এদিন জিৰণি লয়, তেন্তে তেওঁ বাকী খেলুৱৈতকৈ দুদিন পিছ পৰি যাব। বব-এ তেওঁক কেৱল শাৰীৰিকভাৱে নহয়, মানসিকভাৱেও শক্তিশালী কৰি তুলিছিল। এবাৰ অনুশীলনৰ সময়ত বব-এ জানি বুজি ফেল্পছৰ সাঁতোৰা চছমা (Goggles) যোৰ ভাঙি দিছিল যাতে তেওঁ চকুৰে নেদেখা অৱস্থাতো কেনেকৈ সাতুৰিব লাগে সেইটো শিকে। এই চছমা ভঙাৰ অভ্যাসেই তেওঁক ২০০৮ চনৰ বেইজিং অলিম্পিকত সোণৰ পদক জিকাত সহায় কৰিছিল।
৩. ২০০০ ছিডনী অলিম্পিক:
এক বিশ্ব অভিলেখৰ আৰম্ভণি (The Debut at 15)ফেল্পছৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰা আৰম্ভ হৈছিল ২০০০ চনৰ ছিডনী অলিম্পিকৰ পৰা। মাত্ৰ ১৫ বছৰ বয়সতে তেওঁ আমেৰিকাৰ সাঁতোৰ দলত নিৰ্বাচিত হৈছিল। সেই সময়ত তেওঁ আছিল যোৱা ৬৮ বছৰৰ ইতিহাসত আমেৰিকাৰ আটাইতকৈ কম বয়সীয়া পুৰুষ অলিম্পিয়ান।
অভিজ্ঞতা আৰু প্ৰদৰ্শন:
যদিও ছিডনী অলিম্পিকত ফেল্পছে কোনো পদক লাভ কৰিব পৰা নাছিল, কিন্তু তেওঁ ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টৰ ফাইনেলত পঞ্চম স্থান অধিকাৰ কৰিছিল। এইটোৱেই আছিল তেওঁৰ বাবে এক ডাঙৰ শিক্ষা। তেওঁ বুজি উঠিছিল যে বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ সৈতে যুঁজিবলৈ হ’লে তেওঁ আৰু অধিক কঠোৰ হ’ব লাগিব। ছিডনীৰ পৰা উভতি অহাৰ মাত্ৰ ৫ মাহ পিছতে, ১৫ বছৰ ৯ মাহ বয়সত তেওঁ ২০০ মিটাৰ বাটাৰফ্লাইত বিশ্ব অভিলেখ ভংগ কৰি ইতিহাসৰ আটাইতকৈ কম বয়সীয়া পুৰুষ বিশ্ব অভিলেখধাৰী সাঁতোৰবিদ হিচাপে পৰিগণিত হয়। এই সফলতাৰ আঁৰত আছিল তেওঁৰ সেই বিখ্যাত জিৰণিবিহীন অনুশীলন।
৪. বেইজিং ২০০৮:
ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ আঠটা সোণ (The Legend of 8 Gold Medals)২০০৮ চনৰ বেইজিং অলিম্পিক আছিল মাইকেল ফেল্পছৰ কেৰিয়াৰৰ আটাইতকৈ উজ্জ্বল অধ্যায়। ইয়াৰ আগতে ১৯৭২ চনত মাৰ্ক স্পিটজে এটা অলিম্পিকত ৭টা সোণৰ পদক জিকাৰ যি অভিলেখ গঢ়িছিল, তাক কোনেও কেতিয়াও ভঙাৰ কথা কল্পনা কৰিব পৰা নাছিল। কিন্তু ফেল্পছে লক্ষ্য লৈছিল ৮টা সোণৰ পদকৰ।
অসম্ভৱক সম্ভৱ কৰা যাত্ৰা:
এই আঠটা সোণৰ পদকৰ বাবে ফেল্পছে নিজৰ শৰীৰৰ ওপৰত চলোৱা পৰীক্ষা আছিল আচৰিত।
ডায়েট (Diet):
সেই সময়ত ফেল্পছে দিনে ১০,০০০ৰ পৰা ১২,০০০ কেলৰি খাদ্য গ্ৰহণ কৰিছিল। যিটো এজন সাধাৰণ মানুহৰ খাদ্যতকৈ ৫ গুণ বেছি। তেওঁ পুৱাৰ আহাৰতে এটা ডাঙৰ আকাৰৰ পিজ্জা, পাস্তা আৰু বহু পৰিমাণৰ কণী খাইছিল যাতে তেওঁৰ শৰীৰে ইমান পৰিশ্ৰম কৰিবলৈ শক্তি পায়।
সেই ঐতিহাসিক ১০০ মিটাৰ বাটাৰফ্লাই:
বেইজিং অলিম্পিকত তেওঁৰ সপ্তমটো সোণৰ পদক আহিছিল কেৱল ০.০১ ছেকেণ্ডৰ ব্যৱধানত। চাৰ্বিয়াৰ মিলোৰাড কাভিচৰ সৈতে হোৱা সেই যুঁজত শেষ মুহূৰ্তত ফেল্পছে এনে এক টাচ্চ (Touch) দিলে যে সমগ্ৰ বিশ্বৰ চকু কপালত উঠিল।
ভঙা চছমাৰ যুঁজ (Broken Goggles):
২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টৰ সময়ত পানীৰ তলত ফেল্পছৰ চছমা (Goggles) যোৰ ভাগি যায় আৰু তাৰ ভিতৰত পানী সোমাই পৰে। ফলত তেওঁ একো দেখা পোৱা নাছিল। কিন্তু তেওঁৰ অনুশীলন ইমানেই নিখুঁত আছিল যে তেওঁ কেৱল হাতৰ কোব গণি (Stroke counting) জানিছিল যে কেতিয়া দেৱালখনত স্পৰ্শ কৰিব লাগিব। সেই অৱস্থাতে তেওঁ কেৱল সোণৰ পদকেই নাপালে, বৰঞ্চ এটা নতুন বিশ্ব অভিলেখো গঢ়িলে।বেইজিং অলিম্পিক শেষ হোৱাৰ সময়লৈকে ফেল্পছে এটা অলিম্পিকতে ৮টা সোণৰ পদক জিকি মাৰ্ক স্পিটজৰ ৩৬ বছৰীয়া পুৰণি অভিলেখ ধূলিসাৎ কৰিলে। এই সফলতাই তেওঁক ‘The Baltimore Bullet’ নামেৰে জগত বিখ্যাত কৰি তুলিলে।
৫. ২০১২ লণ্ডন অলিম্পিক:
অভিলেখৰ শিখৰত (The Most Decorated Olympian)২০০৮ চনৰ সেই ঐতিহাসিক সফলতাৰ পিছত সমগ্ৰ বিশ্বৰ চকু আছিল ২০১২ চনৰ লণ্ডন অলিম্পিকৰ ওপৰত। সকলোৱে ভাবিছিল যে ফেল্পছে চাগে এতিয়া জিৰণি ল’ব, কিন্তু তেওঁৰ লক্ষ্য আছিল অলিম্পিকৰ সৰ্বকালৰ সৰ্বাধিক পদক বিজয়ী হোৱা।
নতুন ইতিহাসৰ সৃষ্টি:
লণ্ডন অলিম্পিকত ফেল্পছে ৪টা সোণৰ পদক আৰু ২টা ৰূপৰ পদক জয় কৰে। ইয়াৰ লগে লগে তেওঁ ছোভিয়েট ইউনিয়নৰ জিমনাষ্ট লাৰিছা লাটিনিনাৰ ১৮টা পদকৰ পুৰণি অভিলেখ ভংগ কৰে। মুঠ ২২টা অলিম্পিক পদকৰ সৈতে ফেল্পছ হৈ পৰিল পৃথিৱীৰ আটাইতকৈ সফল অলিম্পিয়ান।
মানসিক যুঁজ আৰু প্ৰথম অৱসৰ:
সফলতাৰ শিখৰত থাকিলেও এই সময়ছোৱাত ফেল্পছে এক গভীৰ মানসিক চাপৰ (Depression) মাজেৰে পাৰ হৈছিল। তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ সাঁতোৰৰ বাহিৰে আন কোনো পৰিচয় নাই। ২০১২ চনৰ অলিম্পিক শেষ হোৱাৰ পিছত তেওঁ আনুষ্ঠানিকভাৱে সাঁতোৰৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে। তেওঁ কৈছিল, “মই যি বিচাৰিছিলোঁ সেয়া পালোঁ, এতিয়া মই এজন সাধাৰণ মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ।”
৬. ২০১৬ ৰিঅ’ অলিম্পিক:
এজন ৰজাৰ পুনৰ আগমন (The Final Comeback)অৱসৰ লোৱাৰ দুবছৰ পিছত ফেল্পছে অনুভৱ কৰিলে যে তেওঁৰ পানীৰ সৈতে সম্পৰ্ক এতিয়াও শেষ হোৱা নাই। ২০১৪ চনত তেওঁ পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিলে। কিন্তু এইবাৰ যাত্ৰাটো সহজ নাছিল। ৩২ বছৰ বয়সত বিশ্বৰ নতুন আৰু তৰুণ সাঁতোৰবিদসকলৰ সৈতে প্ৰতিযোগিতা কৰাটো আছিল এক ডাঙৰ প্ৰত্যাহ্বান।
ৰঙা দাগ আৰু সেই বিখ্যাত ‘Cupping’ Therapy:
২০১৬ চনৰ ৰিঅ’ অলিম্পিকত যেতিয়া ফেল্পছ নামিল, তেতিয়া তেওঁৰ পিঠিত কিছুমান ঘূৰণীয়া ৰঙা দাগ দেখা গৈছিল। সমগ্ৰ বিশ্বই ইয়াৰ কাৰণ জানিবলৈ বিচাৰিছিল। এইটো আছিল ‘Cupping Therapy’, যিটোৱে মাংসপেশীৰ বিষ উপশম কৰাত সহায় কৰে। ই দেখুৱাই দিছিল যে এই বয়সতো তেওঁ নিজৰ শৰীৰক কিমান কষ্ট দিছিল কেৱল দেশৰ বাবে সোণ জিকিবলৈ।
শেষ হাঁহি:
ৰিঅ’ অলিম্পিকত ফেল্পছে পুনৰ ৫টা সোণৰ পদক আৰু এটা ৰূপৰ পদক জিকি সকলোকে স্তম্ভিত কৰি দিলে। ৩২ বছৰ বয়সত এজন সাঁতোৰবিদে ৫টা সোণ জিকাটো এটা মিৰাকলতকৈ কম নাছিল। ইয়াৰ লগে লগে তেওঁৰ কেৰিয়াৰৰ মুঠ সোণৰ পদকৰ সংখ্যা হ’ল ২৩টা (মুঠ পদক ২৮টা)। এইটো এনে এক অভিলেখ যিটো ভংগ কৰিবলৈ হয়তো অনাগত ১০০ বছৰত আন এজন ফেল্পছৰ জন্ম হ’ব লাগিব।
মাইকেল ফেল্পছৰ পৰা আমি কি শিকিলোঁ ? (The Legacy)
মাইকেল ফেল্পছ কেৱল এজন সাঁতোৰবিদে নহয়, তেওঁ হ’ল মানৱ ইচ্ছাশক্তিৰ এক জীৱন্ত নিদৰ্শন। যিজন ল’ৰাক এসময়ত মানসিক বিকাৰগ্ৰস্ত (ADHD) বুলি কোৱা হৈছিল, যিয়ে পানীলৈ ভয় কৰিছিল, সেই ল’ৰাজনেই আজি বিশ্বৰ শ্ৰেষ্ঠ।
তেওঁ আমাক শিকাইছে যে—
১/ পৰিশ্ৰমৰ কোনো বিকল্প নাই।
২/ নিজৰ দুৰ্বলতাক (যেনে ADHD) শক্তি কৰি গঢ়ি তোলক।
৩/ যদি আপুনি সঁচাকৈয়ে কিবা এটা বিচাৰে, তেন্তে আপুনি উৎসৱৰ দিনতো অনুশীলন কৰিবলৈ সাজু থাকিব লাগিব।
আজিৰ সমাজৰ কিছু তিতা সত্য (Realities of Life)
আমি প্ৰায়েই লোকৰ সফলতা দেখি নিজৰ ভাগ্যক দুষিবলৈ আৰম্ভ কৰোঁ। কিন্তু মাইকেল ফেল্পছৰ কাহিনীটোৱে আমাক আজিৰ যুগৰ কিছুমান বাস্তৱ সত্য (Hard Realities) সোঁৱৰাই দিয়ে:
১. নিজক কাৰো সৈতে তুলনা নকৰিব (Never Compare Yourself):
আজিৰ প্ৰতিযোগিতাৰ যুগত আমি সততে আনৰ সৈতে নিজক তুলনা কৰোঁ। আপোনাৰ লগৰ এজনে হয়তো আপোনাতকৈ আগতে চাকৰি পাইছে, বা একে পৰীক্ষাতে আপুনি বিফল হৈছে আৰু তেওঁ সফল হৈছে। কিন্তু মনত ৰাখিব, মাইকেল ফেল্পছে কেতিয়াও আন এজন সাঁতোৰবিদৰ দৰে হ’বলৈ চেষ্টা কৰা নাছিল। তেওঁৰ যুঁজ আছিল নিজৰ সৈতে। তেওঁ সদায় নিজৰ কালিৰ ৰেকৰ্ডটো আজি ভাঙিবলৈ চেষ্টা কৰিছিল। আপোনাৰ সময় এতিয়াও অহা নাই মানে এইটো নহয় যে আপুনি বিফল। আপোনাৰ যাত্ৰা সুকীয়া, গতিকে আনৰ সফলতা দেখি বিচলিত নহৈ নিজৰ লক্ষ্যত স্থিৰ থাকক।
২. আত্মীয়-স্বজনৰ কথা আৰু সামাজিক চাপ (Handling Family Pressure):
আমাৰ সমাজত প্ৰায়েই দেখা যায় যে খুড়া-খুড়ী বা আত্মীয়সকলে কয়— “আমাৰ অমুকৰ ল’ৰাই ইমান পালে, সি অমুকটো পালে, তুমি কি কৰিলা ?” এনেকুৱা তুলনামূলক কথাবোৰে আমাক মানসিকভাৱে ভাঙি পেলায়। ফেল্পছৰ ক্ষেত্ৰতো বহুতে কৈছিল যে তেওঁ কেতিয়াও মনোযোগ দিব নোৱাৰে। কিন্তু তেওঁ সমাজৰ কথাতকৈ নিজৰ পানীত চলোৱা পৰিশ্ৰমতহে বেছি গুৰুত্ব দিছিল। মনত ৰাখিব, মানুহে যিয়েই নকওক, আপোনাৰ ফলাফলটোৱেহে এদিন তেওঁলোকৰ মুখ বন্ধ কৰিব।
৩. মনৰ হাৰ হ’ল আচল হাৰ (Never Give Up):
যিদিনা আপুনি মনৰ পৰা হাৰি যাব, সেইদিনাই আপোনাৰ আচল পৰাজয় হ’ব। খেলপথাৰত বা পৰীক্ষাত হাৰিলে আপুনি পুনৰ সুযোগ পাব, কিন্তু মনৰ পৰা হাৰিলে আপুনি গোটেই জীৱন কেৱল পস্তাব লাগিব। ফেল্পছে ২০১২ চনত অৱসৰ লৈছিল যদিও তেওঁৰ মনটোৱে হাৰ মানি লোৱা নাছিল। সেইবাবেই তেওঁ ৩২ বছৰ বয়সতো পুনৰ উভতি আহি ৫টা সোণৰ পদক জিকিবলৈ সক্ষম হৈছিল। নিজক কেতিয়াও হাৰিবলৈ নিদিব।
৪. নিজৰ ওপৰত বিশ্বাস আৰু নিৰন্তৰ কৰ্ম (Self-Belief & Hard Work):
ভগৱান শ্ৰীকৃষ্ণই গীতা কোৱাৰ দৰে— “কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন” অৰ্থাৎ তুমি কেৱল তোমাৰ কৰ্ম কৰি যোৱা, ফলৰ আশা নকৰিবা। ফেল্পছেও কেতিয়াও কেৱল সোণৰ পদকৰ কথা ভাবি সাঁতোৰা নাছিল; তেওঁ নিজৰ প্ৰতিটো ক্ষণত কেনেকৈ শ্ৰেষ্ঠ দিব পাৰি, তাৰ ওপৰতহে কাম কৰিছিল। যেতিয়া আপুনি ফলৰ চিন্তা এৰি নিজৰ কামত ১০০ শতাংশ দিব আৰু নিজৰ ওপৰত অটল বিশ্বাস ৰাখিব, তেতিয়া ঈশ্বৰেও আপোনাক সহায় কৰিবলৈ বাধ্য হ’ব।
সফলতাৰ গোপন মন্ত্ৰ সৰু সৰু পদক্ষেপ আৰু দৈনন্দিন লক্ষ্য (Small Wins Lead to Big Success)
আমি প্ৰায়ে এটা ডাঙৰ সফলতাৰ সপোন দেখো, কিন্তু সেইটো কেনেকৈ পাব লাগে তাৰ পৰিকল্পনা নকৰো। মাইকেল ফেল্পছৰ জীৱনৰ পৰা এটা ডাঙৰ শিক্ষা হ’ল— “সফলতা এদিনতে নাহে, ই আহে প্ৰতিদিনৰ সৰু সৰু কামৰ পৰা।”
প্ৰতিদিনৰ লক্ষ্য (Daily Tasks):
ফেল্পছে একেদিনাই ২৩টা সোণৰ পদক জিকা নাছিল। তেওঁ প্ৰতিদিনে ৰাতিপুৱা ৫ বজাত উঠি এটা সৰু লক্ষ্য লৈছিল— “আজি মই কালিতকৈ ১ ছেকেণ্ড হ’লেও দ্ৰুত হ’ম।” আপুনিও যদি জীৱনত সফল হ’ব বিচাৰে, তেন্তে এটা To-Do List বা Daily Task বনাওক। সেই সৰু সৰু কামবোৰ সম্পূৰ্ণ কৰিলে আপোনাৰ আত্মবিশ্বাস বাঢ়িব।
ইতিবাচক চিন্তা (Positive Thinking):
সদায় ইতিবাচক চিন্তা কৰক। যদি আপুনি ভাবে যে “মই পাৰিম”, তেন্তে আপোনাৰ মগজুৱে সেইটো কৰাৰ উপায় বিচাৰি পাব। ফেল্পছে সদায় সাঁতোৰাৰ আগতে চকু মুদি কল্পনা কৰিছিল (Visualization) যে তেওঁ জিকিছে। এই পজিটিভ ভাইবে তেওঁক কঠিন সময়তো আগুৱাই লৈ গৈছিল।
সৰু কামৰ ডাঙৰ প্ৰভাৱ: বহুতে ভাবে যে এটা সৰু কাম কৰি কি হ’ব ?
কিন্তু মনত ৰাখিব, সাগৰখনো সৰু সৰু পানীৰ টোপালৰ পৰাই সৃষ্টি হৈছে। একেদিনাই কোনোৱে ছাকচেছ (Success) নাপায়। প্ৰতিদিনৰ সেই সৰু সৰু অনুশাসন আৰু পৰিশ্ৰমবোৰ গোট খাই এদিন এটা সফলতাৰ ৰূপ লয়।গতিকে, আজিৰ পৰাই নিজৰ বাবে সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰক আৰু সেইবোৰ নিষ্ঠাৰে পালন কৰক। সেই সৰু লক্ষ্যবোৰেই এদিন আপোনাক এজন ‘চেম্পিয়ন’ হিচাপে গঢ়ি তুলিব।
বিফলতাৰ পিছৰ জয় আৰু সময়ৰ মূল্য (The Power of Persistence and Time)
জীৱনত এনেকুৱা সময় বহুবাৰ আহিব যেতিয়া আপুনি আপোনাৰ ১০০% দিব, দিন-ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰিব, তথাপিও হয়তো আপুনি বিফল (Failure) হ’ব। কিন্তু মনত ৰাখিব, সেইটোৱেই শেষ নহয়। হয়তো ঈশ্বৰে আপোনাৰ বাবে আপুনি ভবাতকৈও কিবা এটা ডাঙৰ আৰু ভাল পৰিকল্পনা কৰি ৰাখিছে। মাইকেল ফেল্পছৰ জীৱনতো বহুতো যন্ত্ৰণা আছিল। তেওঁৰ বহুতো ইভেণ্টত তেওঁ হাৰিছিল, বহুবাৰ আঘাত (Injury) পাইছিল। কিন্তু তেওঁ কেতিয়াও “ষ্টপ” বুটামটো টিপা নাছিল।বাৰে বাৰে (Continuously) চেষ্টা কৰি থকাটোৱেই হৈছে সফলতাৰ একমাত্ৰ চাবিকাঠি। যেতিয়ালৈকে সফল নহয়, তেতিয়ালৈকে যুঁজ দিয়ক।
সময়ক ভয় কৰিবলৈ শিকক (Respect the Time) আজিৰ যুগত আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ল— “কাইলৈ কৰিম” (Procrastination)। আমি ভাবোঁ— “আজি অলপ ম’বাইলটো চলাই লওঁ, কাইলৈৰ পৰা পঢ়িম” বা “এই সপ্তাহটো শুই-বহি কটাওঁ, অহা সপ্তাহৰ পৰা কামত লাগিম।” কিন্তু মনত ৰাখিব, সময় কাৰো বাবে ৰৈ নাথাকে। যিয়ে সময়ক অবজ্ঞা কৰে, সময়ে তাক পিছলৈ ঠেলি দিয়ে। সময়ক ভয় কৰিবলৈ শিকক, কাৰণ যোৱা সময় কেতিয়াও ঘূৰি নাহে।
মা-দেউতাৰ সপোন আৰু আপোনাৰ দায়িত্ব:
আপোনাৰ মা-দেউতাই আপোনাক লৈ বহুত সপোন দেখে। তেওঁলোকক এটা সুখৰ দিন উপহাৰ দিয়াটো আপোনাৰ কৰ্তব্য। আপুনি যেতিয়া কাম কৰিবলৈ এলাহ কৰে, তেতিয়া এবাৰ তেওঁলোকৰ মুখখনলৈ চাব। সেই মুখৰ হাঁহিটোৰ বাবেই আপুনি ১০০% কষ্ট কৰিব লাগিব।
যেতিয়া মনলৈ আহে “মই নোৱাৰিম”
নিজক কৰিবলগীয়া এক কঠিন প্ৰশ্ন (The Power of Self-Questioning)জীৱনৰ যুঁজত এনেকুৱা এটা সময় আহে যেতিয়া ভাগৰুৱা মনে আমাক কয়— “নাই, মোৰ দ্বাৰা আৰু নহ’ব। মই নোৱাৰিম।” কিন্তু ঠিক সেই মূহূৰ্ততে আপুনি হাৰ মানি লোৱাৰ পৰিৱৰ্তে নিজক এটা কঠোৰ প্ৰশ্ন (Question) কৰক।নিজক সোধক— “কিয় আৰম্ভ কৰিছিলোঁ?”যেতিয়া আপুনি ভাবিব যে আপুনি নোৱাৰে, তেতিয়া নিজৰ চকু দুটা মুদি সোধক— “মই এই যাত্ৰাটো কিয় আৰম্ভ কৰিছিলোঁ ? মোৰ লক্ষ্য কি আছিল ?” যদি আপুনি আজি থমকি ৰয়, তেন্তে ইমান দিনে কৰা কষ্টখিনিৰ মূল্য কি থাকিল ?
যুক্তিৰে নিজক জয় কৰক:
আপুনি যদি ভাবে যে আপুনি নোৱাৰে, তেন্তে নিজক প্ৰশ্ন কৰক— “কিয় নোৱাৰিম ? মোৰ কি নাই ? নে কেৱল মোৰ এলাহ আৰু ভয়টোৱে মোক বাধা দিছে?” মাইকেল ফেল্পছেও বহুবাৰ ভাগৰি পৰিছিল, কিন্তু তেওঁ নিজক প্ৰশ্ন কৰিছিল যে তেওঁ যদি আজি অনুশীলন নকৰে, তেন্তে তেওঁৰ প্ৰতিদ্বন্দীয়ে সেই সময়খিনিৰ সুযোগ লৈ তেওঁতকৈ আগুৱাই নাযাবনে ?
বিফলতাৰ ভয়াৱহতাৰ কথা ভাবক:
নিজক সোধক— “যদি মই আজি চেষ্টা নকৰোঁ, তেন্তে ১০ বছৰ পিছত মই নিজক ক্ষমা কৰিব পাৰিমনে? নে গোটেই জীৱন মই অনুশোচনাত (Regret) দহিব লাগিব যে সেইদিনা অলপ বেছি কষ্ট কৰা হ’লে আজি মোৰ জীৱনটো বেলেগ হ’লহেঁতেন ?”মনত ৰাখিব, আপোনাৰ মনটো এজন ভাল বন্ধুও হ’ব পাৰে আৰু এজন ডাঙৰ শত্ৰুও। যেতিয়া আপুনি নিজক যুক্তিৰে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনাৰ মনে উত্তৰ পাবলৈ বাধ্য হ’ব আৰু আপুনি পুনৰ দুগুণ উৎসাহেৰে কামত লাগিব পাৰিব।
অজুহাত নে যুদ্ধ ?
নিজৰ পৰিস্থিতিক প্ৰত্যাহ্বান জনাওক (Stop Making Excuses)আমি প্ৰায়েই অভিযোগ কৰোঁ যে আমাৰ ওচৰত সুযোগ নাই, টকা নাই বা ভাগ্য নাই। কিন্তু এবাৰ ভাবি চাওকচোন— আপোনাৰ সঁচাকৈয়ে কি নাই ? যুঁজাৰুসকলৰ পৰা শিকক আজি এই মুহূৰ্ততে পৃথিৱীৰ কোনোবা এটা কোণত এনে এজন সৈনিক আছে যাৰ হাত নাই বা ভৰি নাই, তথাপিও তেওঁ নিজৰ দেশৰ বাবে বা জীৱনৰ বাবে যুঁজি আছে। তেওঁলোকৰ হাত-ভৰি নাথাকিব পাৰে, কিন্তু তেওঁলোকৰ মনৰ জোৰ (Willpower) আপোনাতকৈ বহুত বেছি। তেওঁলোকে যদি হাৰ মনা নাই, তেন্তে সকলো থকাৰ পিছতো আপুনি কিয় “নোৱাৰিম” বুলি কৈছে ? আপোনাৰ মনটো এতিয়াও শান্ত হোৱা নাই বা আপুনি এতিয়াও এলাহ কৰিছে, তেন্তে ৰাস্তাত কাম কৰি থকা সেই দিনহাজিৰা কৰা মানুহজনক এবাৰ চাওক। ৰ’দ-বৰষুণ একাকাৰ কৰি তেওঁ দিনে-ৰাতিয়ে হাড়ভঙা খাটনি খামিছে কেৱল এমুঠি আহাৰৰ বাবে। তেওঁক এবাৰ গৈ সোধক— “আপোনাৰ ভাগৰ নালাগেনে ?” তেওঁৰ উত্তৰ এটাই হ’ব— “ভাগৰ লাগিলে মোৰ পৰিয়ালটোৱে খাব কি ?”
আপোনাৰ অজুহাত বনাম তেওঁলোকৰ সংগ্ৰাম:
আপুনি এতিয়া ফেনৰ তলত বহি ম’বাইলত ৰীলছ চাই সময় নষ্ট কৰিছে, আৰু কোনোবাই সেই সময়খিনিতে জীয়াই থকাৰ বাবে মৰণপণ যুঁজ দিছে। মাইকেল ফেল্পছেও কৈছিল যে তেওঁ কেতিয়াও কোনো অজুহাত দিয়া নাছিল। পানী ঠাণ্ডাই হওক বা তেওঁৰ গা বেয়াই হওক, তেওঁ সাতুৰিবলৈ গৈছিল।
নিজক প্ৰশ্ন কৰক:
যদি এজন হাত-ভৰি নোহোৱা মানুহে জীয়াই থকাৰ সপোন দেখিব পাৰে, যদি এজন দিনহাজিৰা কৰা মানুহে ইমান কষ্ট কৰিব পাৰে, তেন্তে আপুনি নিজৰ সপোন পূৰণ কৰিবলৈ কিয় ১০০% কষ্ট কৰিব পৰা নাই ? আপোনাৰ হাতত সকলো আছে, কেৱল কাম কৰাৰ ইচ্ছা শক্তিটোহে কম হৈছে।
দৰিদ্ৰতা অভিশাপ নহয়, ই এক প্ৰত্যাহ্বান (Turning Poverty into Power)
আমাৰ মাজত এনে বহুতো ল’ৰা-ছোৱালী আছে, যিসকলৰ ঘৰৰ অৱস্থা অতি শোচনীয়। বহুতে নিজৰ পঢ়া-শুনাৰ খৰচ উলিয়াবলৈ দিনহাজিৰা কৰিবলগীয়া হয়, কোনোবাই টিউচন কৰি বা কোনোবাই দিনটোৰ বেছিভাগ সময় কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰি নিজক আৰু নিজৰ পৰিয়ালক পোহপাল দিছে।
১. পৰিস্থিতিক দোষ নিদিব, ইয়াক শক্তি কৰক:
যদি আপুনি দুখীয়া ঘৰত জন্ম হৈছে, তেন্তে সেইটো আপোনাৰ ভুল নহয়। কিন্তু যদি আপুনি দুখীয়া হৈয়েই মৃত্যুবৰণ কৰে, তেন্তে সেইটো আপোনাৰেই ভুল হ’ব। আপোনাৰ হাতত যি নাই, তাৰ বাবে কান্দি থকাতকৈ আপোনাৰ হাতত যি আছে, তাৰে যুদ্ধ আৰম্ভ কৰক। আপুনি দিনহাজিৰা কৰিছে ? কৰক! তাত লাজ একো নাই। লাজ আছে তেনেকৈয়ে গোটেই জীৱন কটোৱাত। সেই দিনহাজিৰা কৰা কষ্টখিনিক নিজৰ মনৰ জুইকুৰা জ্বলাই ৰাখিবলৈ ইন্ধন হিচাপে ব্যৱহাৰ কৰক।
২. “মই কিবা এটা কৰিবই লাগিব” এইটোৱেই একমাত্ৰ উপায়:
যিসকলৰ পিঠি দেৱালত লাগি ধৰে, তেওঁলোকৰ বাবে আগুৱাই যোৱাৰ বাহিৰে আন কোনো ৰাস্তা নাথাকে। আপুনি ভাবিব লাগিব— “মোৰ ওচৰত হেৰুৱাবলৈ একো নাই, কিন্তু পাবলৈ গোটেই পৃথিৱীখন আছে।” আপুনি যদি আজি দিনহাজিৰা কৰিছে, তেন্তে সেইটোৱেই আপোনাৰ শেষ পৰিচয় হ’ব নোৱাৰে। আপুনি নিজক প্ৰতিজ্ঞা কৰক যে— “মই যিদৰে কষ্ট কৰিছোঁ, মোৰ মা-দেউতাক আৰু মোৰ অনাগত সন্তানক তেনে কষ্ট কৰিবলৈ নিদিওঁ।” এই জেদটোৱেই আপোনাক এজন মাইকেল ফেল্পছ বা এজন আব্ৰাহাম লিংকন কৰি গঢ়ি তুলিব।
৩. কাইলৈৰ সূৰ্য্যোদয় আপোনাৰ হাতত:
দিনটোৰ ১০ ঘণ্টা কাম কৰাৰ পিছতো যদি আপুনি ১ ঘণ্টা নিজৰ সপোনৰ বাবে পঢ়িব পাৰে বা কাম কৰিব পাৰে, তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক হৰুৱাব নোৱাৰে। মনত ৰাখিব, আন্ধাৰ যিমান গভীৰ হয়, পুৱাৰ সূৰ্য্য সিমানেই উজ্জ্বল হৈ দেখা দিয়ে। আপোনাৰ আজিৰ এই ঘামবোৰ এদিন সফলতাৰ মুকুতা হৈ জিলিকিব।
৪. ত্যাগ আৰু ধৈৰ্য্য:
ম’বাইল চলোৱা, বন্ধুৰ লগত আড্ডা দিয়া বা অলাগতিয়াল কামত সময় নষ্ট কৰাটো আপোনাৰ বাবে এক “বিলাসিতা” (Luxury), যিটো আপুনি ল’ব নোৱাৰে। আপোনাৰ প্ৰতিটো ছেকেণ্ড দামী। যিদিনা আপুনি নিজৰ পৰিস্থিতিক প্ৰত্যাহ্বান জনাই ক’ব পাৰিব— “হেৰা ভাগ্য! তুমি মোক যিমান পাৰা কন্দুওৱা, মই কিন্তু যুঁজ দিবলৈ এৰা নাই”, সেইদিনাই আপুনি আধা জয়ী হ’ব।
চূড়ান্ত সিদ্ধান্ত (Final Word for the Reader):
দুখীয়া হোৱাটো এটা অজুহাত হ’ব নোৱাৰে। ই এটা কাৰণহে হ’ব লাগে যাতে আপুনি আনতকৈ দহগুণ বেছি জোৰেৰে দৌৰিব পাৰে। মাইকেল ফেল্পছে পানীৰ তলত উশাহ বন্ধ কৰি যুঁজিছিল, আপুনি সমাজৰ দৰিদ্ৰতা আৰু অভাৱৰ লগত উশাহ বন্ধ কৰি যুঁজ দিয়ক। এদিন আপুনিও জিকিব, কাৰণ যিয়ে নিজৰ ঘামক ভয় নকৰে, সময়ে তাক সোণৰ পদক উপহাৰ দিয়ে।
নিজৰ সৈতে যুদ্ধ আৰু সফলতাৰ শেষ খোজঅৱশেষত এটাই কথা ক’ব বিচাৰোঁ— মাইকেল ফেল্পছৰ কাহিনীটো কেৱল সাঁতোৰৰ বা পদকৰ কাহিনী নহয়। ই হ’ল এজন ব্যক্তিৰ নিজৰ সৈতে কৰা যুদ্ধৰ কাহিনী। আপোনাৰ জীৱনটোও এখন যুদ্ধক্ষেত্ৰৰ দৰে। ইয়াত আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ল আপোনাৰ সেইটো মন, যিয়ে আপোনাক কাম কৰিবলৈ বাধা দিয়ে।
নিজৰ সৈতে যুঁজক: লোকৰ লগত নহয়, কালিৰ আপোনাৰ লগত আজিৰ আপুনি যুঁজ দিয়ক। কালি যিমান কাম কৰিছিল, আজিতকৈ ১ শতাংশ হ’লেও বেছি কৰক।
সফল হওক: সফলতা কেৱল টকা বা খ্যাতি নহয়; সফলতা হ’ল নিজৰ চকুত চকু থৈ ক’ব পৰা ক্ষমতা যে— “মই হাৰ মনা নাছিলোঁ।”
বাৰে বাৰে চেষ্টাই ধৰ্ম: আজি আপুনি বিফল হৈছে? একো নাই। পুনৰ উঠক, পুনৰ চেষ্টা কৰক। যিয়ে চেষ্টা কৰি থাকে, সময়ে তাক এদিন গৌৰৱৰ সিংহাসনত বহুৱাই দিবই।গতিকে আহক, আজিৰ পৰাই নিজৰ সৈতে এই যুদ্ধখন আৰম্ভ কৰোঁ আৰু এজন সফল মানুহ হিচাপে নিজক গঢ়ি তোলোঁ।
আপুনি অনন্য, আপোনাৰ যুদ্ধও অনন্য (Don’t Compare, Just Conquer)
বিনম্ৰতাৰে এটা কথা অনুৰোধ কৰিব বিচাৰোঁ— অনুগ্ৰহ কৰি নিজক কেতিয়াও আন কাৰো লগতে তুলনা নকৰিব।
আপুনি ঈশ্বৰৰ এক বিশেষ সৃষ্টি:
ভগৱানে এই পৃথিৱীত কাকোৱে একে দৰে সৃষ্টি কৰা নাই। বৰষুণৰ টোপালটোৰ পৰা গছৰ পাতলৈকে সকলোৰে আকাৰ আৰু কাম বেলেগ বেলেগ। তেন্তে আপুনি কিয় আন এজনৰ দৰে হ’ব বিচাৰিছে ? আপোনাৰ মাজত এনে এটা বিশেষ প্ৰতিভা আছে যিটো আন কাৰো ওচৰত নাই। ভগৱানে আপোনাক এক সুকীয়া পৰিকল্পনাৰে পৃথিৱীলৈ পঠাইছে। বাৰে বাৰে মনত ৰাখিব— তুলনা হ’ল আনন্দৰ হত্যাকাৰী।
গাঁৱৰ পৰিৱেশ আৰু তথাকথিত “অভিজ্ঞ” মানুহ:
আমাৰ গাঁৱৰ সমাজত কিছুমান মানুহ থাকে যিয়ে কয়— “আমি আমাৰ দিনত বহুত কৰিলোঁ, আমাৰ একো নহ’ল, এইবোৰ ভাগ্যৰ খেলহে!” অনুগ্ৰহ কৰি তেওঁলোকৰ কথা শুনি নিজৰ সপোনটো পাহৰি নাযাব । তেওঁলোকে বিফল হৈছিল বুলি যে আপুনিও বিফল হ’ব, তাৰ কোনো মানে নাই। তেওঁলোকে যিটো কাম কৰিছিল, হয়তো সেইটো তেওঁলোকৰ বাবে নাছিল। তেওঁলোকে কৰা কষ্ট আৰু আপুনি কৰা সঠিক দিশৰ পৰিশ্ৰম একে হ’ব নোৱাৰে।
কেৱল ডিগ্ৰী আৰু চাকৰিয়েই সফলতা নহয়:
আমাৰ সমাজত ভবা হয় যে পঢ়া-শুনা কৰি এটা চৰকাৰী চাকৰি পালেই মানুহ সফল। কিন্তু এইটো এটা ডাঙৰ ভুল ধাৰণা। মাইকেল ফেল্পছেও ডিগ্ৰীৰ বাবে মেডেল জিকা নাছিল। আপুনি নিজৰ ভিতৰত বিচাৰি চাওক— আপুনি কি কাম কৰি ভাল পায় ? সেইটো ব্যৱসায়েই হওক, কৃষিকৰ্মই হওক, খেল-ধেমালিয়েই হওক বা আন কোনো সৃজনীমূলক কামেই হওক। যিটো কামত আপোনাৰ মন বহে, তাতেই আপোনাৰ ১০০% দিয়ক। যিদিনা আপুনি নিজৰ পছন্দৰ কামত শ্ৰেষ্ঠত্ব অৰ্জন কৰিব, সিদিনা সফলতাই আপোনাৰ পিছে পিছে দৌৰিব।
ভাগ্যক দোষ নিদিব:
ভাগ্য হ’ল এখন বন্ধ দুৱাৰৰ দৰে। আপুনি যদি বাৰে বাৰে পৰিশ্ৰমৰ টোকৰ দিয়ে, এদিন সেই দুৱাৰ খোল খাবই। যিসকলে বহি বহি ভাগ্যক দোষ দিয়ে, তেওঁলোকৰ ভাগ্য কেতিয়াও নখুলে। কাৰণ ঈশ্বৰেও তেওঁকহে সহায় কৰে যিয়ে নিজক সহায় কৰে।
আজিৰ পৰাই নিজৰ ওপৰত থকা সন্দেহ দূৰ কৰক। আনৰ সফলতা দেখি নিজক হীনমান্যতাত ভুগিবলৈ নিদিব। আপোনাৰ সংগ্ৰামখন আপোনাৰ গৌৰৱ। পৰিশ্ৰম কৰক, ধৈৰ্য্য ধৰক আৰু নিজৰ প্ৰতিভাক বিশ্বাস কৰক। যিদিনা আপুনি নিজৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিব, সিদিনা এই পৃথিৱীখনে আপোনাক অভিবাদন জনাব।
আমি সকলোৱে পাহাৰৰ পৰা দেখা ধুনীয়া দৃশ্যটো বিচাৰোঁ, কিন্তু সেই দৃশ্যটো উপভোগ কৰিবলৈ হ’লে পাহাৰৰ কঠিন বগাই যোৱাৰ যন্ত্ৰণাখিনিও সহিব লাগিব। মনত ৰাখিব— “আটাইতকৈ ধুনীয়া দৃশ্যটো আটাইতকৈ কঠিন বগাই যোৱাৰ পিছতহে দেখা পোৱা যায়।” (The best view comes after the hardest climbs).আপুনি যদি আজি বহুত কষ্টত আছে, তেন্তে বুজি লওক যে আপুনি সফলতাৰ সেই ওখ শিখৰটোৰ অতি ওচৰত আছে। যিমানেই উচ্চতা বাঢ়িব, সিমানেই বগাবলৈ কঠিন হ’ব, সিমানেই উশাহ চুটি হ’ব—কিন্তু তাৰ পিছত যিটো দৃশ্য আপুনি দেখিব, সেয়া আপোনাৰ জীৱনৰ সকলো যন্ত্ৰণা পাহৰাই দিব।
এতিয়া সিদ্ধান্ত আপোনাৰ:
প্ৰবন্ধটো পঢ়াৰ পিছত আপোনাৰ কাম এতিয়াহে আৰম্ভ হৈছে। এতিয়া আপুনি নিজেই নিজক প্ৰশ্ন কৰক—
আপুনি এতিয়াও সেই পুৰণি “কাইলৈৰ পৰা কৰিম” নামৰ অন্ধকাৰ গাতটোতে পৰি থাকিব নেকি ?নে এতিয়াই উঠি থিয় হ’ব আৰু সেই কঠিন পাহাৰখন বগাবলৈ সাজু হ’ব ?
গোটেই পৃথিৱীখনে আপোনাক জগাই দিব নোৱাৰে, যদিহে আপুনি নিজেই সাৰ নাপায়। এতিয়া নিজৰ চকুত চকু থৈ সোধক— “মই এজন পৰাজিত পলাতক হিচাপে জীয়াই থাকিম নে এজন বিজয়ী যুঁজাৰু হিচাপে নিজৰ পৰিচয় দিম?”
বিশেষ টোকা (Disclaimer)
এই প্ৰবন্ধটো প্ৰস্তুত কৰোঁতে আমি বিভিন্ন নিৰ্ভৰযোগ্য উৎসৰ পৰা তথ্য সংগ্ৰহ কৰিছোঁ। আমাৰ মূল উদ্দেশ্য আছিল মাইকেল ফেল্পছৰ এই বাস্তৱ জীৱনৰ কাহিনীটোক বৰ্তমান সমাজৰ কঠিন পৰিস্থিতিৰ সৈতে সংগতি ৰাখি আপোনালোকৰ আগত দাঙি ধৰা। যিহেতু আমি এতিয়াও শিকাৰ প্ৰক্ৰিয়াত আছোঁ, সেয়েহে বাক্য গাঁথনি বা বানানত কিবা ভুল-ভ্ৰান্তি ৰৈ যাব পাৰে; তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী।যিসকলে এই লেখাটি শেষলৈকে পঢ়িলে, তেওঁলোকলৈ অনুৰোধ— আপুনি এতিয়া যি অৱস্থাতে নাথাকক কিয়, এই কথাবোৰ এবাৰ নিজৰ জীৱনৰ সৈতে মিলাই চাব। যদি আমাৰ এই প্ৰয়াসে আপোনাক অলপ হ’লেও উৎসাহিত কৰিছে, তেন্তে এটা Comment কৰি আমাক নিশ্চয় জনাব। আপোনালোকৰ সঁহাৰিয়ে আমাক ভৱিষ্যতে এনে আৰু বহুতো সত্য কাহিনী লৈ আহিবলৈ অনুপ্ৰাণিত কৰিব।আজিৰ বাবে ইমানতেই সামৰণি মাৰিছোঁ।
ধন্যবাদ
Mysmartstudy Team